মুখ্যমন্ত্রী সৰ্বানন্দ সোণোৱালৰ উপস্থিতিত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু হস্পিতালৰ প্ৰেক্ষাগৃহত আজি আনুষ্ঠানিকভাৱে অস্ত্র সম্বৰণ কৰে এন ডি এফ বিৰ তিনিটা গোটৰ সদস্যই।সদ্য স্বাক্ষৰিত বি টি আৰ চুক্তিৰ পাছত মূল সুঁতিলৈ ঘূৰি আহিল এন ডি এফ বিৰ প্ৰায়বোৰ সদস্য।মুঠ ১,১৬৫ জন এন ডি এফ বিৰ সদস্যই অস্ত্ৰ সম্বৰণ কৰে।ইয়াৰে এন ডি এফ বি(পি)ৰ ৮৩৬ জন সদস্য,এন ডি এফ বি(আৰ)ৰ ৫৭৯ আৰু এন ডি এফ বি(এছ)ৰ ২০০ জন সদস্যই আত্মসমৰ্পন কৰে।লগতে অস্ত্র সম্বৰণ কৰিব চাউৰাইগৌৰা,বি ফেৰেংগা আৰু বি বিদাই এ।এই অনুষ্ঠানত বিত্ত মন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাও উপস্থিত থাকে।উল্লেখ্য যে এই অনুষ্ঠানত জমা দিয়া অস্ত্রসমূহ হ’ল ১৭৮ টা পিস্তল,৪,৮০৩ টা গুলী,১৪ টা গ্ৰেণেড আৰু ২ টা মৰ্টাৰ।এই অনুষ্ঠানত উপস্থিত থাকি বি টি চিৰ মুৰব্বী হাগ্ৰামা মহিলাৰীয়ে কয় যে বড়ো শান্তি চুক্তিৰ দ্বাৰা বড়োলেণ্ডৰ উন্নয়ন সম্ভৱ হ’ব।অকল বড়োসকলৰে নহয়,অসমৰ অন্যান্য জাতি জনগোষ্ঠীৰো উন্নয়ন হ’ব।বি টি চিৰ বাহিৰত থকা বড়োসকলৰ উন্নয়নৰ বাবে পৰিষদ গঠন কৰা হ’ব।এই অনুষ্ঠানত প্ৰমোদ বড়োকে আদি কৰি বহুকেইজন ব্যক্তি উপস্থিত থাকে ।
Trending
- কামাখ্যাত অম্বুবাচী মহাযোগ ২০২৬ মেলাত প্ৰায় ৮ লাখ ভক্তৰ সমাগম -আজি মুকলি হ’ল মন্দিৰৰ দুৱাৰ
- আউনীআটি সত্ৰৰ সত্ৰাধিকাৰ তথা আউনীআটি আধ্যাত্মিক বিশ্ববিদ্যালয়ৰ আচাৰ্য ড° পীতাম্বৰ গোস্বামীলৈ বিশেষ সম্বৰ্দ্ধনা জ্ঞাপন
- ধাৰাপুৰত দীক্ষা যোগ কেন্দ্ৰৰ উদ্যোগত আন্তৰ্জাতিক যোগ দিৱস উদযাপন
- গুৱাহাটীত কাঠফুলা খেতি প্ৰকল্প বিষয়ক ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ আৰু কৰ্মশালা
- গুৱাহাটীত কাঠফুলা খেতি প্ৰকল্প বিষয়ক ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ আৰু কৰ্মশালা
- কামাখ্যাত অম্বুবাচী মহাযোগ ২০২৬ মেলাৰ শুভ উদ্বোধন কৰিলে পৰ্যটন মন্ত্ৰী অজন্তা নেওগে
- উত্তৰ পূব সীমান্ত ৰেলৱেৰ মহা প্ৰৱন্ধকে পৰিদৰ্শন কৰিলে কামাখ্যা ৰেল ষ্টেচনৰ অম্বুবাচী মহাযোগৰ শিবিৰ
- আজাৰা কাঁহিকুছিৰ কৃষি বিজ্ঞান কেন্দ্ৰত পিএম-কিষাণৰ ২৩ সংখ্যক কিস্তি মুকলি
- ৰাভা দিৱসৰ পবিত্ৰ ক্ষণত অসম যুৱ পৰিষদৰ সন্মান- দুটা দশক ধৰি লোকসংগীতৰ সাধনাত ব্ৰতী শিল্পীগৰাকীক ৰাজহুৱা স্বীকৃতি
- প্ৰসাৰ তথা আধুনিকীকৰণে পশুপালন খণ্ডক অধিক জনমুখী কৰিব- মন্ত্ৰী নীলিমা দেৱী