উত্তৰ পূবৰ ভিতৰত প্ৰথমবাৰৰ বাবে গুৱাহাটী বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তর্জাতিক বিমান বন্দৰত সকলো ধৰণৰ বিমানৰ উৰণ অৱতৰণ কাৰ্য আৰু ৰাণৱেত বিমান ৰাখিবৰ বাবে স্বয়ংক্রিয় পদ্ধতি প্ৰৱৰ্তন কৰা হৈছে।২৭ জানুৱাৰীত ভাৰতীয় বিমান বন্দৰ প্ৰাধিকৰণৰ উত্তৰ পূব মণ্ডলৰ ক্ষেত্রীয় কাৰ্যবাহী সঞ্চালক সঞ্জীৱ জিন্দালে বিমান বন্দৰটোত এ চি ডি এম পদ্ধতি মুকলি কৰাৰ লগে লগে এই পদ্ধতি সুবিধা থকা গুৱাহাটী উত্তৰ পূবৰ ভিতৰত প্ৰথম আৰু দেশৰ ভিতৰত অষ্টমটো বিমান বন্দৰ হিচাপে পৰিগণিত হয়।অনুষ্ঠানটোত গুৱাহাটী বিমান বন্দৰৰ সঞ্চালক ৰমেশ কুমাৰকে ধৰি শীর্ষ বিষয়া অভিযন্তা সকল উপস্থিত থাকে।উল্লেখযোগ্য যে এই পৰ্যন্ত দিল্লী,মুম্বাই,চেন্নাই,জয়পুৰ,আহমেদাবাদ আৰু তিৰুৱন্তপুৰম বিমান বন্দৰত এই সুবিধা উপলব্ধ হৈছে।বায়ু যাতায়ত নিয়ন্ত্রক চমুকৈ এ চি চিৰ লগত সংযোজন কৰা এই পদ্ধতিত বিমান এখনৰ পাইলটৰ উপৰিও বিমান বন্দৰৰ ৰাণৱেত বিমানৰ উৰণ অৱতৰণ কাৰ্যৰ নিয়ন্ত্রণৰ লগত জড়িত বিষয়া,কৰ্মচাৰী অভিযন্তা সকলে বিমান বন্দৰৰ ৰাণৱেত বিমানখন ক’ত অৱতৰণ কৰিব,ক’ৰ পৰা উৰা মাৰিব,অৱতৰণ কৰি যাত্রীকে ধৰি সা সামগ্রী নমোৱাৰ পাছত বিমানখন ক’ত ৰখোৱা হ’ব বা পৰৱৰ্তী উৰণৰ বাবে ক’ত অপেক্ষা কৰিব তাক স্বয়ংক্রিয়ভাৱে নিৰ্দেশনা বা সংকেত লাভ কৰিব।
Trending
- কামাখ্যাত অম্বুবাচী মহাযোগ ২০২৬ মেলাত প্ৰায় ৮ লাখ ভক্তৰ সমাগম -আজি মুকলি হ’ল মন্দিৰৰ দুৱাৰ
- আউনীআটি সত্ৰৰ সত্ৰাধিকাৰ তথা আউনীআটি আধ্যাত্মিক বিশ্ববিদ্যালয়ৰ আচাৰ্য ড° পীতাম্বৰ গোস্বামীলৈ বিশেষ সম্বৰ্দ্ধনা জ্ঞাপন
- ধাৰাপুৰত দীক্ষা যোগ কেন্দ্ৰৰ উদ্যোগত আন্তৰ্জাতিক যোগ দিৱস উদযাপন
- গুৱাহাটীত কাঠফুলা খেতি প্ৰকল্প বিষয়ক ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ আৰু কৰ্মশালা
- গুৱাহাটীত কাঠফুলা খেতি প্ৰকল্প বিষয়ক ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ আৰু কৰ্মশালা
- কামাখ্যাত অম্বুবাচী মহাযোগ ২০২৬ মেলাৰ শুভ উদ্বোধন কৰিলে পৰ্যটন মন্ত্ৰী অজন্তা নেওগে
- উত্তৰ পূব সীমান্ত ৰেলৱেৰ মহা প্ৰৱন্ধকে পৰিদৰ্শন কৰিলে কামাখ্যা ৰেল ষ্টেচনৰ অম্বুবাচী মহাযোগৰ শিবিৰ
- আজাৰা কাঁহিকুছিৰ কৃষি বিজ্ঞান কেন্দ্ৰত পিএম-কিষাণৰ ২৩ সংখ্যক কিস্তি মুকলি
- ৰাভা দিৱসৰ পবিত্ৰ ক্ষণত অসম যুৱ পৰিষদৰ সন্মান- দুটা দশক ধৰি লোকসংগীতৰ সাধনাত ব্ৰতী শিল্পীগৰাকীক ৰাজহুৱা স্বীকৃতি
- প্ৰসাৰ তথা আধুনিকীকৰণে পশুপালন খণ্ডক অধিক জনমুখী কৰিব- মন্ত্ৰী নীলিমা দেৱী