বিমান পৰিবহন,নিয়ন্ত্রণ,যোগাযোগ,বায়ু যাতায়তৰ ক্ষেত্রখনত নতুনকৈ ব্যৱহাৰ হোৱা আধুনিক তথ্য প্ৰযুক্তি,কাৰিকৰী কৌশল,সংযোগ ব্যৱস্থা সমূহৰ লগত যাতে বৰ্তমানৰ বিষয়া,কৰ্মচাৰী,অভিযন্তা সকল সু সম্পৰ্কিত হৈ প্ৰযুক্তিৰ সদ ব্যৱহাৰ কৰে আৰু খুঁত নথকাকৈ কৰ্তব্য সম্পাদন কৰিব পাৰে তাৰ বাবে ভাৰতীয় বিমান বন্দৰ প্ৰাধিকৰণে গুৱাহাটীৰ বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তর্জাতিক বিমান বন্দৰ চৌহদত এটা আঞ্চলিক প্ৰশিক্ষণ কেন্দ্র নিৰ্মাণ কৰিছে।উত্তৰ পূবৰ প্ৰথম আৰু দেশৰ অষ্টম হিচাপে পৰিচিত কেন্দ্রটো ৮ ফেব্ৰুৱাৰীত উদ্বোধন কৰে ভাৰতীয় বিমান বন্দৰ প্রাধিকৰণৰ সদস্য বিনীত গুলাটীয়ে।এই উপলক্ষে অনুষ্ঠিত চমু অনুষ্ঠানত বিনীত গুলাটীয়ে কেন্দ্রটোত প্ৰশিক্ষণ গ্রহণ কৰা কৰ্মচাৰীয়ে নিষ্ঠাৰে বিমান সেৱা,বায়ু যাতায়ত,বিমান নিয়ন্ত্রণকে ধৰি যাৱতীয় কৰ্মব্যৱস্থা সমূহ সফলতাৰে পৰিচালনা কৰিব পাৰিব বুলি আশা ব্যক্ত কৰে।অনুষ্ঠানত ভাৰতীয় বিমান বন্দৰ প্ৰাধিকৰণৰ এয়াৰ এভিগেশ্যন চাৰ্ভিছৰ সঞ্চালক পান সিং,উত্তৰ পূব মণ্ডলৰ ক্ষেত্রীয় কাৰ্যবাহী সঞ্চালক সঞ্জীব জিন্দাল,বৰঝাৰ বিমান বন্দৰৰ সঞ্চালক ৰমেশ কুমাৰকে ধৰি শীৰ্ষ বিষয়া,অভিযন্তা সকল উপস্থিত থাকে।

পশ্চিম গুৱাহাটীৰ কটাহবাৰীত কংগ্ৰেছ নেতা-কর্মীসহ ৫ শতাধিক সংখ্যালঘু লোক অগপত যোগদান
পশ্চিম গুৱাহাটীৰ নগৰাঞ্চলৰ ৬ নং ৱাৰ্ডৰ সংখ্যালঘু বসতি প্ৰধান অঞ্চল আৰু কংগ্ৰেছ দলৰ ঘাটি হিচাপে পৰিচিত ২ নং কটাহবাৰীত ২৭ জানুৱাৰীৰ সন্ধিয়া আব্দুল আজিজ, মইনুল হক, আব্দুৰ ৰচিদ, মান্নান মিশ্রি, নীলিমা খাতুন, মাৰ্জিনা খাতুনৰ নেতৃত্বত পাঁচ শতাধিক কংগ্ৰেছ কর্মী-সমৰ্থকে অগপ দলৰ নীতি-আদৰ্শৰ প্ৰতি আকৰ্ষিত হৈ দলটোত যোগদান কৰে। আনহাতে এই উপলক্ষে মৌলানা কৰিব আব্দুছ চালাম কাচিমিৰ সভাপতিত্বত অনুষ্ঠিত যোগদান কাৰ্যসূচীত অগপ দলত যোগদান কৰা সকলক আদৰণি জনাই পশ্চিম গুৱাহাটীৰ বিধায়ক আৰু অগপৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই। ভাষণ প্ৰসংগত বিধায়ক কলিতাই অগপ দলেহে ৰাজনীতিৰ উৰ্ধত ৰাজ্যৰ সংখ্যালঘু লোক সকলৰ কল্যাণৰ বাবে জন্মলগ্নৰে পৰা কাম কৰি অহা বুলি ব্যক্ত কৰি কংগ্ৰেছ আৰু এ আই ইউ ডি এফ দলে কেৱল সংখ্যালঘু লোকক ভোটবেংক হিচাপে ব্যৱহাৰ কৰি আহিছে বুলি আক্ষেপ প্ৰকাশ কৰে। অনুষ্ঠানত আচগৰ আলী, ফজল আলী, বৰষা নাথ কলিতা, অজয়া ৰাভা, নকুল কলিতা, বলেন দাসকে ধৰি কেবাজনো অগপ নেতা উপস্থিত থাকে। আনহাতে দলত যোগদান কৰা কেইবাজনেও আগন্তক দিনত অগপৰ সাংগঠনিক দিশ শক্তিশালী কৰি দলৰ প্ৰাৰ্থী হিচাপে ৰমেন্দ্ৰ নাৰায়ণ কলিতা যাতে মিত্ৰজোঁটৰ হৈ পুনৰ বিজয়ী হব পাৰে তাৰ বাবে হাতে কামে নামি পৰিব বুলি সদৰি কৰে।
ভিউৱাছৰ মতামত