ভাৰতীয় বিমান বন্দৰ প্ৰাধিকৰণৰ বৰঝাৰস্থিত উত্তৰ পূব মণ্ডলৰ ক্ষেত্ৰীয় কাৰ্য্যবাহী সঞ্চালকৰ কাৰ্যালয়ৰ উদ্যোগত সুধাকণ্ঠ ভাৰত ৰত্ন ডক্টৰ ভূপেন হাজৰিকাৰ ৯৩সংখ্যক জন্মদিন উলহে মালহে পালন কৰে।এই উপলক্ষে অনুষ্ঠিত অনুষ্ঠানটো উদ্বোধন কৰে বিশিষ্ট শিল্পী সদানন্দ গগৈয়ে।অনুষ্ঠানত প্ৰাধিকৰণৰ উত্তৰ পূব মণ্ডলৰ ক্ষেত্ৰীয় কাৰ্য্যবাহী সঞ্চালক সঞ্জীৱ জিন্দাল, বৰঝাৰ বিমান বন্দৰৰ সঞ্চালক ৰমেশ কুমাৰকে আদি কৰি বহুকেইজন বিষয়ববীয়া উপস্থিত থাকে ।সভাগৃহটো ডক্টৰ ভূপেন হাজৰিকাৰ নামত নামাকৰণ কৰা বুলি ক্ষেত্ৰীয় কাৰ্য্যবাহী সঞ্চালক সঞ্জীৱ জিন্দালে ঘোষণা কৰে ।শিল্পী সদানন্দ গগৈয়ে নামাংকিত ফলক উন্মোচন কৰি বিশ্ব বৰেণ্য শিল্পী গৰাকীক জন্মদিনৰ উপহাৰ আগবঢ়োৱা বাবে শলাগ লয়।

কাইলৈ হ’ব বিশাল গণসমাবেশ -জেৰেঙা পথাৰত চলিছে প্ৰস্তুতি
ঐতিহাসিক জেৰেঙা পথাৰত কালিলৈ অনুষ্ঠিত হ’ব এক বিশাল গণসমাবেশ।এই সভাত উপস্থিত থাকিব দেশৰ প্ৰধানমন্ত্ৰী । ইতিমধ্যে এসপ্তাহ ধৰি সভাৰ যাবতীয় প্ৰস্তুতি অব্যাহত আছে। শিৱসাগৰ জিলা প্ৰশাসনে নিৰাপত্তা ক্ষেত্ৰত পহৰাৰ ব্যৱস্থা কৰিছে। উল্লেখযোগ্য যে এই বিশাল গণ সমাবেশত ৩ লাখ লোকক ভূমি পট্ৰা প্ৰদান কৰিব।দেশৰ প্ৰধানমন্ত্ৰী গৰাকীৰ আগমনকলৈ ৪ খনকৈ হেলিপেড সাজু কৰি তুলিছে। জানিব পৰা মতে প্ৰতিখন জিলাৰ পৰা বিভিন্ন প্ৰতিনিধি এই সমাবেশলৈ আহিব। এই সমাবেশত অংশগ্ৰহণকাৰী সকলে ক’ভিড প্ৰট’কল মনাৰ লগতে কিছু নীতি নিৰ্দেশনা মানি চলিব লাগিব বুলি শিৱসাগৰ জিলা প্ৰশাসনে জানিবলৈ দিছে।
ভিউৱাছৰ মতামত