মহিলাৰ সৱলীকৰণৰ স্বাক্ষৰ বহন কৰিছে আমগুৰিৰ একাংশ মহিলাই ।মিছাজান প্ৰগতি গ্ৰাম্য সংগঠনৰ ২০০ মহিলাই তামোল ঢকুৱাৰে ডিছপ’জেবল প্লেট প্ৰস্তুত কৰিছে।এই সংগঠনটোৰ ২০টা আত্মসহায়ক গোট জৰিত হৈ আছে ।জানিব পৰা মতে মহিলাসকলে দৈনিক ৩০০ৰ পৰা ৫০০ প্লেট তৈয়াৰ কৰে আৰু গ্ৰাহকৰ চাহিদা অনুসৰি প্লেট সমূহ যোগান ধৰে।ইতিমধ্যে আত্মসহায়ক গোট সমূহে প্ৰস্তুত কৰা প্লেট সমূহ ডিব্ৰুগড়, শিৱসাগৰ,যোৰহাট গ্ৰাহকক যোগান ধৰিছে ।প্লাষ্টিক সামগ্ৰী ব্যৱহাৰে পৰিবেশ পাৰিপাৰ্শ্বিক অৱস্থালৈ ভাবুকি কঢ়িয়াই অনাৰ সময়তে তামোল ঢকুৱাৰ এই ব্যৱসায়ে আশাৰ ৰেঙণি কঢ়িয়াই আনিছে ।

গণতন্ত্ৰ দিৱসৰ কিছু ইতিবাচক চিন্তাৰে
আজি গণতন্ত্ৰ দিৱস। সমগ্ৰ দেশে এই দিৱস উৎসৱৰ দৰে উদযাপন কৰে।কিয়নো আজি দিনটোতে দেশৰ সংবিধান গৃহীত হৈছিল।এই গণতন্ত্ৰ দিৱস দেশৰ ঐতিহ্য , অহিংস,স্বতন্ত্ৰতাৰ স্বাক্ষৰ বহন কৰে।এক কথাত ক’বলৈ গ’লে ২৬ জানুৱাৰী দিনটো ৰাষ্ট্ৰৰ বাবে এক গৌৰৱৰ দিন।
দেশৰ সংবিধানত সন্নিবিষ্ট সকলো প্ৰসংগ চৰকাৰে মানিবলৈ বদ্ধ পৰিকৰ ।উদাহৰণ স্বৰূপ সমতা আৰু ভাতৃত্ববোধৰ নিৰ্দশন দাঙি ধৰি ভাৰতে ভুটানৰ লগতে অন্য ৬ খন দেশলৈ মহামাৰী ক’ৰণাৰ ভেকচিন যোগান ধৰিছে।
ইয়াৰ উপৰিও দেশৰ প্ৰতিৰক্ষাৰ ক্ষেত্ৰতো ভাৰতীয় সেনাই যি সাহস , ধৈৰ্য শৌৰ্য প্ৰদৰ্শন কৰি দেশৰ মান অক্ষুন্ন ৰাখিছে সঁচাকৈয়ে শলাগিবলগীয়া।
শেহতীয়াকৈ হ’লেও স্বতন্ত্ৰ সেনানী অন্যতম নায়ক,ৰাজনীতিজ্ঞ সুভাষ চন্দ্ৰ বসুৰ জীৱন আদৰ্শ আৰু কাৰ্যপন্থাক চৰকাৰে মূল্যায়ন কৰিলে। সেই মূল্যায়ন আজিৰ পৰা ৭০ বছৰৰ আগতে কৰা হ’লে এই প্ৰজন্মই প্ৰকত যোদ্ধা গৰাকী উচিত সন্মান দিব পাৰিলেহেঁতেন।সেয়া যি নহওক দেশৰ বাবে এটা ভাল কাম হ’ল।সদৌ শেষত সকলোকে গণতন্ত্ৰ দিৱসৰ শুভেচ্ছা।জয় হিন্দ।
সংগীতা শইকীয়া
সম্পাদক
ভিউৱাছৰ মতামত