মহিলা সৱলীকৰণৰ নিদৰ্শন দাঙি ধৰিছে

0 330

মহিলাৰ সৱলীকৰণৰ স্বাক্ষৰ বহন কৰিছে আমগুৰিৰ একাংশ মহিলাই ।মিছাজান প্ৰগতি গ্ৰাম্য সংগঠনৰ ২০০ মহিলাই তামোল ঢকুৱাৰে ডিছপ’জেবল প্লেট প্ৰস্তুত কৰিছে।এই সংগঠনটোৰ ২০টা আত্মসহায়ক গোট জৰিত হৈ আছে ।জানিব পৰা মতে মহিলাসকলে দৈনিক ৩০০ৰ পৰা ৫০০ প্লেট তৈয়াৰ কৰে আৰু গ্ৰাহকৰ চাহিদা অনুসৰি প্লেট সমূহ যোগান ধৰে।ইতিমধ্যে আত্মসহায়ক গোট সমূহে প্ৰস্তুত কৰা প্লেট সমূহ ডিব্ৰুগড়, শিৱসাগৰ,যোৰহাট গ্ৰাহকক যোগান ধৰিছে ।প্লাষ্টিক সামগ্ৰী ব্যৱহাৰে পৰিবেশ পাৰিপাৰ্শ্বিক অৱস্থালৈ ভাবুকি কঢ়িয়াই অনাৰ সময়তে  তামোল ঢকুৱাৰ এই ব্যৱসায়ে আশাৰ ৰেঙণি কঢ়িয়াই আনিছে ।

Leave A Reply

Your email address will not be published.