অসমৰ এগৰাকী বিশিষ্ট শিক্ষাবিদ আৰু সমাজ কৰ্মী ড° দিব্যজ্যোতি মহন্তক ভাৰত চৰকাৰৰ অধীনস্থ সংগীত নাটক অকাডেমীৰ ইউনেস্কো কোষৰ “Safeguarding the Intangible Cultural Heritage and Diverse Cultural Traditions of India” আচঁনিৰ দুবছৰীয়া কাৰ্যকালৰ বাবে গঠন কৰা বিশেষজ্ঞ কমিটিৰ এগৰাকী সদস্য হিচাপে কেন্দ্ৰীয় চৰকাৰে মনোনীত কৰিছে । ভাৰতবৰ্ষৰ সাংস্কৃতিক ঐতিহ্য আৰু বিবিধ পৰম্পৰা সংৰক্ষণৰ বাবে আচঁনি গ্ৰহণ কৰাৰ আৰু অনুদানৰ অনুমোদন জনোৱাৰ কৰ্তৃত্বপ্ৰাপ্ত এই কমিটিৰ সদস্য হিচাপে থকা ভাৰতৰ বিভিন্ন প্ৰান্তৰ ২৩ গৰাকী শিক্ষাবিদৰ ভিতৰৰ ড° মহন্ত হ’ল উত্তৰ পূৰ্বাঞ্চলৰ আঠখন ৰাজ্যৰ পৰা বাছনি লাভ কৰা একমাত্ৰ ব্যক্তি আৰু সেয়ে এই অঞ্চলৰ ঐতিহ্য আৰু পৰম্পৰা ৰক্ষাৰ ক্ষেত্ৰত তেওঁৰ ভূমিকা গুৰুত্বপূৰ্ণ হব বুলি বিবেচিত হৈছে ।সত্ৰীয়া সংস্কৃতিৰ একান্ত অনুৰাগী, বহু নাটক ভাওনাত অভিনয় কৰা ড° মহন্তই ইতিমধ্যে প্ৰথম শ্ৰেণীৰ পৰা স্নাতক পৰ্যায়লৈ বহুকেইখন গণিতৰ পাঠ্যপুথি প্ৰণয়ন কৰাৰ উপৰিও কবিতাৰ কিতাপো প্ৰকাশ কৰিছে আৰু বিভিন্ন কাকত আলোচনীতো বহুতো মূল্যবান প্ৰবন্ধ প্ৰকাশ কৰিছে । SEBA, SCERT আৰু বিদ্যা ভাৰতীৰ পাঠ্যক্ৰম আৰু পাঠ্যপুথি প্ৰস্তুতৰ লগত বিশেষভাৱে জড়িত ড° মহন্ত শিক্ষাৰ্থী আৰু গণিত শিক্ষকৰ প্ৰশিক্ষণৰ ক্ষেত্ৰখনৰো এগৰাকী বিশিষ্ট সমল ব্যক্তি । বিভিন্ন শৈক্ষিক , সামাজিক আৰু সাংস্কৃতিক অনুষ্ঠানৰ লগত ওতঃপ্ৰোতভাৱে জড়িত ড° মহন্তই কেইবাখনো উন্নতমানৰ আলোচনা চক্ৰ আৰু কৰ্মশালা অনুষ্ঠিত কৰাত আগশাৰীৰ ভূমিকা পালন কৰি সমাদৃত হোৱাৰ লগতে ৰাজ্যখনৰ সামগ্ৰীক উন্নয়নৰ স্বাৰ্থত বহু অনুষ্ঠানৰ লগত সক্ৰিয়তাৰে সহযোগিতা আগবঢ়াই আহিছে । ধিং কলেজৰ প্ৰতিষ্ঠাপকসকলৰ অন্যতম তথা সেই কলেজৰে প্ৰাক্তন অধ্যক্ষ, স্বাধীনতা যুঁজাৰু প্ৰয়াত লক্ষ্মীকান্ত মহন্তৰ পুত্ৰ ড° দিব্যজ্যোতি মহন্ত বৰ্তমান কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ ডীন হিচাপে কৰ্মৰত ।

গুৱাহাটীত উপস্থিত হ’ল নিৰ্বাচন আয়োগৰ দল
সমাগত ২০২১ চনৰ বিধানসভা নির্বাচন৷ৰাজ্যত ইতিমধ্যে নিৰ্বাচনৰ প্ৰৰস্তুতি আৰম্ভ হৈছে।ইয়াৰ সমান্তৰালভাৱে নির্বাচন যাতে সুকলমে আৰু শান্তিপূর্ণভাৱে সৰ্মাপন হয় তাৰ বাবে দেশৰ নির্বাচন আয়োগে যাৱতীয় প্রস্তুতি অব্যাহত ৰাখিছে৷ শেহতীয়াকৈ নির্বাচন আয়োগৰ এটা উচ্চস্তৰীয় দলে অসমত উপস্থিত হৈ নির্বাচনৰ প্রাৰম্ভিক প্রস্তুতিৰ বিভিন্ন দিশৰ বুজ লৈছিল৷ ইয়াৰ পাছতেই আজি তিনিদিনীয়া ভ্রমণসূচীৰে গুৱাহাটীত উপস্থিত হয় মুখ্য নির্বাচন আয়ুক্ত সুনীল আৰোৰাৰ নেতৃত্বত সম্পূর্ণ আয়োগ৷ মুখ্য নির্বাচন আয়ুক্ত আৰোৰাৰ সৈতে দুই নির্বাচন আয়ুক্ত সুশীল চন্দ্র আৰু ৰাজীৱ কুমাৰ।
ৰাজ্য চৰকাৰৰ নির্বাচন বিভাগৰ এক সূত্রই জানিবলৈ দিয়া মতে নির্বাচন আয়োগে তিনিদিনীয়া ভ্রমণসূচীৰে অসমত থকাৰ সময়ছোৱাত গুৱাহাটীৰ হোটেল ৰেডিছন ব্লু’ত নির্বাচনৰ প্রস্তুতি সন্দর্ভত মুখ্য সচিব, অসম আৰক্ষীৰ সঞ্চালকপ্রধান, মুখ্য নির্বাচনী বিষয়া, জিলা উপায়ুক্ত অথবা নির্বাচনী বিষয়া, আৰক্ষী অধীক্ষককে ধৰি সংশ্লিষ্ট বিষয়া লগত গুৰুত্বপূর্ণ আলোচনাত অংশগ্রহণ কৰিব৷
ভিউৱাছৰ মতামত