সংবাদমেলত বিভিন্ন আঁচনিৰ কথা ঘোষণা কৰিলে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

নিৰ্বাচন সমাগত। সমাগত নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত চৰকাৰে বিভিন্ন আঁচনি ঘোষণা কৰিছে।এই ক্ষেত্ৰত ব্যতিক্ৰম নহয় মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাও।

 

মন্ত্ৰীগৰাকীয়ে আজি সংবাদমেলত সদৰী কৰা অনুসৰি ৰাজ্যত ৪ খন মেডিকেল কলেজ স্থাপন হ’ব। লগতে কয় যে বিশ্বনাথ চাৰিআলি,গোৱালপাৰা, চৰাইদেউ আৰু গুৱাহাটীত মেডিকেল কলেজ স্থাপন হ’ব।ইয়াত উপৰিও ৯ খন মহিলা মহাবিদ্যালয়,১০ খন আইন মহাবিদ্যালয় আৰু ৬খন স্নাতক মহাবিদ্যালয় স্থাপন কৰা হ’ব।

 

আনহাতে গুৱাহাটী মালিগাঁও আৰু তেজপুৰ মিছন চাৰিআলিত ফ্লাই অভাৰ নিৰ্মাণ কৰা হ’ব। ঠিক সেইদৰে শিক্ষক নিযুক্তিৰ দ্বিতীয় পৰ্য্যায়ৰ বিজ্ঞাপন প্ৰকাশ কৰা হ’ব বুলি সংবাদমেলত সদৰী কৰে।

Share on whatsapp
WhatsApp
Share on facebook
Facebook
Share on twitter
Twitter
Share on email
Email

অৱশেষত ন্যায় পালে চিকিৎসক দত্তৰ পৰিয়ালে

২০১৯ চনৰ ৩১ আগষ্ট কথা।টীয়ক চাহ বাগিচাত সংঘটিত হৈছিল এক অমানৱীয় হত্যাকাণ্ড। টীয়ক চাহ বাগিচা একাংশ শ্ৰমিকে চিকিৎসক দেবেন দত্তক মৰিয়াই মৰিয়াই হত্যা কৰিছিল।চিকিৎসক দত্তৰ ন্যায়ৰ বাবে সকলোৱে দাবী জনাইছিল।

 

 

অৱশেষত ন্যায় লাভ কৰিলে দত্তৰ পৰিয়ালটোৱে।প্ৰায় ১৪মাহ পিছত ঐতিহাসিক ৰায় দান হ’ল।আজি যোৰহাট সত্ৰ ন্যায়লয়ে ঘটনাৰ লগত জড়িত ২৪ জন অপৰাধীক যাৱজজীৱন কাৰাদণ্ড বিহাৰ লগতে সঞ্জয় ৰাজোৱাৰক নামৰ এজনক ফাঁচীৰ ৰায় প্ৰদান কৰিছে।

 

এই শুনানি গ্ৰহণ কৰি আবেগিক হৈ পৰিল প্ৰয়াত চিকিৎসক গৰাকীৰ পত্নী আৰু জীয়াৰী।আনহাতে এই ৰায় শুনানিৰ সম্পৰ্কে জ্ঞাত হৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি  মানৱ অধিকাৰকৰ্মী ডক্টৰ দিব্যজ্যোতি শইকীয়াই কয় যে এনেধৰণৰ হত্যা,হিংসা ৰোধ কৰিবৰ বাবে ৰাষ্ট্ৰীয় অথবা ৰাজ্যিক পৰ্য্যায়ত এখন কঠোৰ আইন শীঘ্ৰে বলৱৎ হোৱা উচিত।লগতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে মুকৰ্দমাৰ বাবে ক্ষিপ্ৰতাৰে ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে তেখেতে ধন্যবাদ জ্ঞাপন কৰে।

এপ’ল’ হস্পিতালে চিনিয়ৰ চিটিজেন কেয়াৰ আৰম্ভ কৰিছে

এপ’ল হস্পিতালে আজি চিনিয়ৰ চিটিজেন কেয়াৰ প্ৰগ্ৰামৰ শুভাৰম্ভ কৰিছে। এই কাৰ্য্যক্ৰমৰ অধীনত প্ৰতিজন জেষ্ঠ নাগৰিকে হাস্পতালখনৰ তৰফৰ পৰা বিশেষ সুবিধা লাভ কৰিব।

 

 

সমাজৰ বয়সিয়াল সকলো জেষ্ঠ নাগৰিকে এপ’ল’ হস্পিতাল আৰু এপ’ল’ মেডিকেল চেণ্টাৰৰ পৰা স্বাস্থ্য সম্পৰ্কীয় বিভিন্ন সুবিধা সমূহ লাভ কৰিব।চিনিয়ৰ চিটিজেন কেয়াৰ প্ৰগামৰ অধীনত গুৱাহাটীৰ এপ’ল’ হস্পিতালে স্বাস্থ্যসেৱা যেনে এপ’ল’ স্বাস্থ্য পৰীক্ষা, লেবৰেটৰী তথা ৰেডিঅ’লজী পৰীক্ষা নিৰীক্ষা আদিত বিশেষ ৰেহাই প্ৰদান কৰিব। ইয়াৰ উপৰিও হস্পিতাল ঘৰৰ পৰা ৰক্ত নমুনা সংগ্ৰহ ,ৰোগীৰ ঘৰলৈ ঔষধ-পাতি যোগান আৰু জৰুৰী কালীন সময়ত গুৱাহাটী মহানগৰৰ ভিতৰত এম্বুলেঞ্জ সেৱা বিনামূলীয়া ভাৱে প্ৰদান কৰিব প্ৰতিজন জেষ্ঠ নাগৰিকক। এই সেৱা অতি শীঘ্ৰেই কাৰ্য্যকৰী হ’ব।

বিলাসীপাৰাৰ অভিজিতলৈ বাৰ্ষিক শৈক্ষিক বৃত্তি -উৎফুল্লিত সহপাঠী ছাত্ৰ ছাত্ৰী

ধুবুৰী জিলাৰ বিলাসীপাৰাস্থিত ৰোকাখাতা উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰাংগনত আজি উৎসৱমুখৰ পৰিবেশে বিৰাজ কৰে। কিয়নো বিদ্যালয়খনৰ অভিজিত দাস নামৰ ছাত্ৰজনে বাৰ্ষিক বৃত্তি আজুৰি আনিবলৈ সক্ষম হৈছে। ছাত্ৰজনক বিদ্যালয়খনৰ সভাকক্ষত আয়োজিত এক  সভাত মানপত্ৰৰ লগতে দহ হাজাৰ টকাৰ চেক প্ৰদান কৰা হয়। সেয়ে বিদ্যালয়খনৰ শিক্ষক শিক্ষয়ত্ৰীসলৰ লগতে ছাত্ৰ ছাত্ৰী সকল উৎফুল্লিত হৈ পৰিছে।

 

 

উল্লেখ্য যে, যোৱা বৰ্ষৰে পৰা বিশিষ্ট সমাজসেৱক, প্ৰাক্তন বিলাসীপাৰা চহৰৰ নগৰপালক তথা ৰোকাখাতা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি প্ৰয়াত নিৰঞ্জন বৰকলিতাৰ সোঁৱৰণত তেখেতৰ জীয়ৰী কবিতা কলিতাই কৃতি শিক্ষাৰ্থীৰ মাজত এই বৃত্তি আগবঢ়াই আহিছে। গুৱাহাটীৰ কৃতি শিক্ষয়ত্ৰী হিচাপে খ্যাত কবিতাই আগবঢ়োৱা এই বৃত্তি আজুৰিবলৈ সক্ষম হয়। দিনহাজিৰা কৰি পৰিয়ালটো পোহপাল দি অহা বিলাসীপাৰা ৮নং ৱাৰ্ডৰ অনিল দাসৰ পুত্ৰ অভিজিতে যোৱা শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হয়।

 

মুঠ ৮৬ শতাংশ নম্বৰ লাভ কৰা ছাত্ৰজনক এই বৃত্তি আগবঢ়াই দাতা পৰিয়ালটোয়ে সন্তুষ্টি লাভ কৰে মত প্ৰকাশ কৰে। বাৰ্ষিক বৃত্তি প্ৰদান অনুষ্ঠানটোত বিশিষ্ট চিকিৎসক তথা সমাজ সেৱক ডা:কানু লাল দাস,প্ৰয়াত নিৰঞ্জন বৰকলিতাৰ সহধৰ্মিনী তথা অবসৰপ্ৰাপ্ত শিক্ষয়িত্ৰী অঞ্জলি বৰকলিতা, বিদ্যালয়খনৰ অধ্যক্ষ সাহানৰ ৰহমান, বিষয় শিক্ষক বেনুধৰ শৰ্মা, শিক্ষক আখতাৰ আলমকে ধৰি শিক্ষক শিক্ষয়িত্ৰী, ছাত্ৰ ছাত্ৰী সকল অংশগ্ৰহণ কৰে।

খবৰ যুগুতালে বিলাসীপাৰাৰ পৰা অমৃত চৌধুৰীয়ে..

টীয়কত শৰীৰ চৰ্চা কেন্দ্ৰ মুকলি

টীয়কৰ এগৰাকী মহিলাই আজিৰে পৰা টীয়ক নগৰৰ মাজমজিয়াত আৰম্ভ কৰিছে টাইগাৰ-৩৭ নামেৰে পুৰুষ,মহিলা উভয়ৰে বাবে এক অত্যাধুনিক সা সুবিধাযুক্ত শৰীৰ চৰ্চা কেন্দ্ৰ।মহিলাগৰাকী পেচাত এগৰাকী প্ৰাথমিক বিদ্যালয়ৰ শিক্ষয়ত্ৰী। নাম জ্যোতি বৰা।টীয়কৰ জগদুৱাৰৰ এই সংস্কৃতিবান মহিলাগৰাকীয়ে কন কন শিশুসকলক জীৱনৰ আদিপাঠ তথা মূল্যবোধৰ শিক্ষা প্ৰদানৰ সমান্তৰালকৈ উঠি অহা প্ৰজন্মই নিজৰ শৰীৰ যাতে নিৰোগী কৰি ৰাখিব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি এটি শৰীৰ চৰ্চা কেন্দ্ৰ মুকলি কৰিছে।

 

 

এই কেন্দ্ৰত আইৰণ তথা মাল্টি দুই ধৰণৰে শৰীৰ চৰ্চা কৰিব পৰা ব্যৱস্থা আছে আৰু লগতে সংগীত চৰ্চা, যোগাসন আৰু বিশেষকৈ মহিলাসকলৰ বাবে আত্ম প্ৰতিৰক্ষাৰ প্ৰশিক্ষণৰো ব্যৱস্থা কৰিছে বুলি জানিবলৈ দিছে।

 

যি সময়ত নিজৰ পৰিয়ালৰ লগতে পৰিয়ালৰ অভাৱ অভিযোগ পুৰনতে ব্যক্তিকেন্দ্ৰিক চিন্তাধাৰাৰে সমাজৰ অধিকাংশ ব্যক্তিয়ে ব্যস্ত হৈ পৰিছে তেনে সময়তে জ্যোতি বৰাই কেৱল নিজৰ পৰিয়ালৰ কথা নাভাবি টীয়কৰ দৰে এখন সৰু চহৰত এই সাংস্কৃতিক,যোগ আৰু শৰীৰ চৰ্চা কেন্দ্ৰটিৰ যোগেদি বিশেষকৈ নৱ প্ৰজন্মক মানসিক সাংস্কৃতিক তথা শাৰীৰিকভাৱে সবল কৰি তুলিবলৈ যি চেষ্টা হাতত লৈছে সেয়া এতিয়া সকলোৱে আদৰণি জনাইছে।উল্লেখযোগ্য যে এই শুভাৰম্ভ অনুষ্ঠানতে জ্যোতি বৰাৰ স্ব ৰচিত স্বপ্ন সেউজ উপত্যকা নামেৰে এখনি গীতৰ সংকলনৰ শুভ উন্মোচন কৰা হয়।টীয়ক পৌৰসভাৰ প্ৰাক্তন পৌৰপতি ৰফিক উজ জামানে আঁত ধৰা উক্ত উদ্বোধনী অনুস্থানত মধ্য যোৰহাট শিক্ষা খণ্ডৰ বিষয়া অৱনী গগৈ ,বিশিষ্ট কবি ৰনজিৎ গগৈ, যোৰহাট বডি বিল্ডিং এচচিয়েছনৰ কেইবাগৰাকীও বিষয়ববীয়া,বিশিষ্ট ব্যৱসায়ী তুলসী হাজৰিকা, টীয়ক প্ৰেছ ক্লাৱৰ সভাপতি দুলাল হাজৰিকা,উপদেষ্টা নিৰ্মলেন্দু পাঠক, সমাজকৰ্মী ৰুমী চেতীয়া,তুষাৰ পালকে ধৰি ভালেসংখ্যক গণ্য মান্য ব্যক্তি উপস্থিত থাকে।