ৰাজ্যৰ ক্ষুদ্ৰ-মজলীয়া বাতৰি কাকতসমূহৰ বিভিন্ন সমস্যাৰ সমাধান আৰু বিভিন্ন মাধ্যমত কৰ্মৰত সাংবাদিকসকলৰ সুৰক্ষাৰ কথা চিন্তা কৰি নকৈ গঠন হোৱা সদৌ অসম সাংবাদিক সুৰক্ষা আৰু ক্ষুদ্ৰ-মজলীয়া বাতৰি কাকত সন্থাৰ গুৰুত্বপূৰ্ণ তথা প্ৰথমটো কাৰ্যকৰী সভা আজি অনুষ্ঠিত হয়৷ গুৱাহাটী মহানগৰীৰ হাতীগাঁৱত দিনৰ ১১ বজাত সন্থাৰ সভাপতি অৰুণ ভাগৱতীৰ পৌৰহিত্যত অনুষ্ঠিত হোৱা সভাখনত ৰাজ্যৰ ক্ষুদ্ৰ-মজলীয়া বাতৰি কাকতসমূহৰ বিভিন্ন সমস্যা আৰু বিভিন্ন মাধ্যমত কৰ্মৰত সাংবাদিকসকলৰ সুৰক্ষা সন্দৰ্ভত গুৰুত্বপূৰ্ণ আলোচনা কৰা হয়৷ সন্থাৰ সাধাৰণ সম্পাদক আকবৰ মজুমদাৰে আঁত ধৰা সভাখনত এই বিষয়সমূহক লৈ সন্থাৰ এক প্ৰতিনিধি দলে অতি শীঘ্ৰে মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰাৰ প্ৰয়োজনীয়তাকে ধৰি কেতবোৰ গুৰুত্বপূৰ্ণ প্ৰস্তাৱ গ্ৰহণ কৰা হয়৷

পবিত্ৰ ৰাম নৱমীৰ শুভেচ্ছা জ্ঞাপন কৰিলে ৰাষ্ট্ৰপতিয়ে
আজি ৰাম নৱমী।এই ৰাম নৱমী হিন্দু ধর্মৰ এক পবিত্ৰ উৎসৱ।এই উৎসৱ ভগৱান ৰামৰ জন্মৰ লগত জৰিত।ৰাম নৱমী উপলক্ষে বিভিন্ন ঠাইত পূজা অৰ্চনা কৰা হৈছে।এই ৰাম নৱমী শুক্লপক্ষৰ নৱমী তিথিত পালন কৰা হয়।
ৰাম নৱমী উপলক্ষে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীক শুভেচ্ছা জনায় কয় যে ভগৱান ৰামৰ আৰ্শীবাদ দেশবাসীৰ প্ৰতি সদায় বৰ্তি থাকক।আনহাতে এই সম্পৰ্কত ৰাষ্ট্ৰপতি ৰামনাথ কবীন্দ্ৰে এনেদৰে কয় ৰামৰ ধৰ্মই আমাক সদায় অনুপ্ৰাণিত কৰি আহিছে।ন্যায় আৰু মানৱীয় গুণৰ বাবে ৰামৰ আদৰ্শই যুগ যুগ ধৰি সকলোকে অনুপ্ৰেৰণা যোগাব।
ভিউৱাছৰ মতামত