এন এফ ৰেলৱেৰ নিৰ্মাণ সংগঠন মালিগাওস্থিত মহাপ্ৰবন্ধকৰ কাৰ্য্যালয়ৰ উদ্যোগত ১১ছেপ্তেম্বৰৰ পৰা আৰম্ভ হৈছে স্বচ্ছতা হী সেৱা পষেক ।এই পষেক ২ অক্টোবৰৰ পৰা সামৰণি পৰিব।এন এফ ৰেলৱেৰ জনসম্পৰ্কৰক্ষী বিষয়া চুচেন কুমাৰ ওজাই কয় যে পষেকৰ লগত সংগতি ৰাখি আমবাৰী অফিচাৰ কলনী, কামাখ্যা ষ্টেচনৰ বিভিন্ন ঠাইত চাফাই অভিযান চলোৱা হয়।তেনেদৰে ১৭ ছেপ্তেম্বৰ নিৰ্মাণৰ মহাপ্ৰবন্ধক এন কে প্ৰসাদৰ নেতৃত্বত এক বৃহৎ শ্ৰমদান কাৰ্য্যসূচী সম্পন্ন হয় ।শ্ৰমদান কাৰ্য্যসূচীত নিৰ্মাণ সংগঠনৰ বিষয়া, কৰ্মচাৰী সকলে ভাগ লয়।শ্ৰমদান কাৰ্য্যসূচী চৌহদৰ হাবি জংগল সমূহ কাটি চাফ চিকুণ কৰে।

গুৱাহাটীত উপস্থিত হ’ল নিৰ্বাচন আয়োগৰ দল
সমাগত ২০২১ চনৰ বিধানসভা নির্বাচন৷ৰাজ্যত ইতিমধ্যে নিৰ্বাচনৰ প্ৰৰস্তুতি আৰম্ভ হৈছে।ইয়াৰ সমান্তৰালভাৱে নির্বাচন যাতে সুকলমে আৰু শান্তিপূর্ণভাৱে সৰ্মাপন হয় তাৰ বাবে দেশৰ নির্বাচন আয়োগে যাৱতীয় প্রস্তুতি অব্যাহত ৰাখিছে৷ শেহতীয়াকৈ নির্বাচন আয়োগৰ এটা উচ্চস্তৰীয় দলে অসমত উপস্থিত হৈ নির্বাচনৰ প্রাৰম্ভিক প্রস্তুতিৰ বিভিন্ন দিশৰ বুজ লৈছিল৷ ইয়াৰ পাছতেই আজি তিনিদিনীয়া ভ্রমণসূচীৰে গুৱাহাটীত উপস্থিত হয় মুখ্য নির্বাচন আয়ুক্ত সুনীল আৰোৰাৰ নেতৃত্বত সম্পূর্ণ আয়োগ৷ মুখ্য নির্বাচন আয়ুক্ত আৰোৰাৰ সৈতে দুই নির্বাচন আয়ুক্ত সুশীল চন্দ্র আৰু ৰাজীৱ কুমাৰ।
ৰাজ্য চৰকাৰৰ নির্বাচন বিভাগৰ এক সূত্রই জানিবলৈ দিয়া মতে নির্বাচন আয়োগে তিনিদিনীয়া ভ্রমণসূচীৰে অসমত থকাৰ সময়ছোৱাত গুৱাহাটীৰ হোটেল ৰেডিছন ব্লু’ত নির্বাচনৰ প্রস্তুতি সন্দর্ভত মুখ্য সচিব, অসম আৰক্ষীৰ সঞ্চালকপ্রধান, মুখ্য নির্বাচনী বিষয়া, জিলা উপায়ুক্ত অথবা নির্বাচনী বিষয়া, আৰক্ষী অধীক্ষককে ধৰি সংশ্লিষ্ট বিষয়া লগত গুৰুত্বপূর্ণ আলোচনাত অংশগ্রহণ কৰিব৷
ভিউৱাছৰ মতামত