পশ্চিম গুৱাহাটী বিধান সভা সমষ্টিৰ অন্তৰ্গত ৰাণীত আজি ৰাণী শিক্ষাখণ্ডৰ দ্বাৰা আগন্তুক শিক্ষাবৰ্ষৰ বাবে বিনামূলীয়া পাঠ্যপুথি বিতৰণৰ উদ্ধোধনী অনুষ্ঠান অনুষ্ঠিত হৈ যায়। নতুনৰাণী প্ৰাথমিক বিদ্যালয় প্ৰাংগনত ৰাণী শিক্ষাখণ্ড বিষয়া লাচিত বসুমতাৰীৰ সভাপতিত্বত অনুষ্ঠিত হোৱা এই পাঠ্যপুথি বিতৰণি কাৰ্যসূচীত জিলা পৰ্যায়ৰ শিক্ষা বিষয়া দেৱযানী দাস, প্ৰাক্তন প্ৰধান শিক্ষক তথা সমাজ সেৱক ললিত চন্দ্ৰ দাসৰ লগতে শিক্ষাখণ্ডৰ অন্তৰ্গত বহুকেইখন বিদ্যালয়ৰ শিক্ষকসকল উপস্থিত থাকে। এই বিতৰণ কাৰ্যসূচীতেই অঞ্চলটোৰ উপস্থিত শিক্ষকসকলে নিজৰ নিজৰ বক্ত্যবৰে বিদ্যালয়সমুহৰ স্পৰ্শকাতৰৰ বিষয়ত মত প্ৰকাশ কৰে। উল্লেখ্য যে ২০২০ শিক্ষা বৰ্ষৰ বাবে কামৰূপৰ ৯ টা শিক্ষাখণ্ডৰ ভিতৰত ৰাণী শিক্ষাখণ্ডই প্ৰথম এই বিনামূলীয়া পাঠ্যপুথি বিদ্যালয় সমুহলৈ যোগান ধৰিবলৈ সক্ষম হয়।খবৰ যুগুতালে জিতুমণি দাসে

মিছেছ লিডাৰশ্বীপ খিতাপ অৰ্জন পলাশবাৰী সৰপাৰাৰ অনামিকা ডেকাৰ
দক্ষিণ কামৰূপৰ পলাশবাৰী সৰপাৰাৰ এগৰাকী বিউটিচিয়ান তথা মেকাপ আৰ্টিছ অনামিকা ডেকাই জগত জিনাৰ সপোন ৰচিছে। মিৰ্জাৰ সমীপৱৰ্তী সৰপাৰা চন্দ্ৰধৰ ডেকা আৰু সৰলা ডেকাৰ জীয়ৰী অনামিকা ডেকাই মহানগৰীৰ জিলা পুথিভড়াঁলত যোৱা ২৩ জানুৱীত ‘ইণ্টাৰনেচনেল গ্লোবেল ষ্টাৰ আইকন’ৰ উদ্যোগত মিচেছ, মিষ্টাৰ আৰু শিশুৰ বাবে অনুষ্ঠিত এখন ব্যয় বহুল প্ৰতিযোগিতাত সৰপাৰাৰ অনামিকাই ডেকাই মেকআপ আৰ্টিছৰ গ্ৰুপৰ ভিতৰত ইণ্টাৰনেচনেল লিডাৰশ্বীপ এৱাৰ্ড চুড়ান্ত খিতাপ অৰ্জন কৰিবলৈ সক্ষম হৈছে। উক্ত প্ৰতিযোগিতাত প্ৰায় শতাধিক প্ৰতিযোগীয়ে অংশ গ্ৰহণ কৰিছিল। ডেকাৰ এনে সাফল্যত উৎফুলিত হৈ পৰিছে অঞ্চলটোৰ ৰাইজৰ লগতে পলাশবাৰীবাসী ৰাইজে। উল্লেখ্য যে, অনামিকা ডেকাই ইয়াৰ পূৰ্বে ৰাজ্যৰ লগতে ৰাজ্যৰ বাহিৰত অনুষ্ঠিত এনেধৰণৰ প্ৰতিযোগিতাত বহুবাৰ সন্মান লাভ কৰি অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছিল। মিৰ্জাত যুৱতীগৰাকীয়ে এখন লেডিছ বিউটি পাৰ্লাৰ যোগেদি নিজৰ অৰ্থ উপাৰ্জন কৰাৰ উপৰিও বহুকেইখন চিনেমা আৰু ভিডিঅ’ গীতত মেকআপৰে অভিনেতা-অভিনেত্ৰীসকলৰ সৌন্দৰ্য বৰ্ধন কৰি প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে।অনামিকা ডেকাৰ এনে সাফল্যত দক্ষিণ কামৰূপৰ বিভিন্ন দল-সংগঠনে শুভেচ্ছা জ্ঞাপন কৰি উজ্বল ভৱিষ্যত কামনা কৰিছে।
ভিউৱাছৰ মতামত