মহানগৰীৰ পাৰ্শ্বৱৰ্তী তথা অসম মেঘালয় সীমান্তৰ পশ্চিম গুৱাহাটীৰ উমচুৰত কমলা খেতিৰ লগত জড়িত কৃষকসকলক বিজ্ঞানসন্মত কৌশল-পদ্ধতি প্ৰদান কৰি কিদৰে উৎপাদন বৃদ্ধিৰে আৰ্থিকভাৱে লাভৱান হ’ব পাৰি তাৰ বাবে আজাৰা কাঁহিকুছিস্থিত কৃষি বিজ্ঞান কেন্দ্র,কামৰূপে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে।সেই পদক্ষেপৰ অংশ হিচাপে ১১ ডিচেম্বৰত কৃষি বিজ্ঞান কেন্দ্র কামৰূপৰ উদ্যোগত আৰু উমচুৰৰ অগ্ৰণী সামাজিক,সাংস্কৃতিক আৰু ক্ৰীড়া সংগঠন চছিয়েল কালচাৰেল অৰগেনাইজেচন এণ্ড স্পৰ্টছ্ ক্লাব’ৰ সহযোগত ক্লাবত এদিনীয়াকৈ কৃষক প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত হয়।এই উপলক্ষে ক্লাবৰ সভাপতি ৰজত ৰাভাৰ আদৰণি ভাষণেৰে শুভাৰম্ভ হোৱা শিবিৰত মুখ্য অতিথি হিচাপে ভাগ লৈ কৃষি বিজ্ঞান কেন্দ্রৰ মুৰব্বী ডঃ ধীৰেন্দ্ৰ নাথ কলিতাই ভাষণ প্ৰসঙ্গত পৰম্পৰাগত খেতি হ’লেও অলপমান বিজ্ঞানসন্মত পদ্ধতি অৱলম্বন কৰি কিদৰে কমলাৰ উৎপাদন বৃদ্ধি কৰি আৰ্থিকভাৱে লাভৱান হ’ব পাৰি তাৰ বাখ্যা দাঙি ধৰে।আনহাতে শিবিৰত সমল ব্যক্তি হিচাপে ভাগ লৈ কেন্দ্ৰৰ বিজ্ঞানী দৰদী প্ৰিয়ম দুৱৰাই পুলি ৰোপন কৰাৰ পৰা আৰম্ভ কৰি গছত কমলা ফুলা আৰু পূৰঠ হোৱালৈকে কমলা টেঙা গছৰ ল’বলগীয়া যতন,প্ৰতিপালন,ৰোগৰ প্ৰতিকাৰ আদিৰ কৌশলসমূহ বুজাই দিয়ে।শিবিৰত ক্লাবৰ কৰ্মকৰ্তা ধ্ৰুৱজ্যোতি দলৈ,প্ৰতাপ দলৈ,হিতেশ দলৈ,বিপিন ৰামকে ধৰি কেইবাজনেও প্ৰথমবাৰৰ বাবে কৃষি বিজ্ঞানীৰ দল অনুষ্ঠানটোত পদাৰ্পণ কৰি কৃষকসকলক উৎসাহিত কৰাৰ বাবে কেন্দ্ৰৰ শলাগ লয়।শেষত শিবিৰত উপস্থিত থকা ৩০ গৰাকীৰো অধিক কৃষকৰ সৈতে কেন্দ্ৰৰ দুজনীয়া বিজ্ঞানীৰ দলে কমলা খেতিৰ বাগান পৰিদৰ্শন কৰি কৃষকসকলক গছৰ ৰোগসমূহৰ বিষয়ে বুজাই দিয়ে।
Trending
- কোকৰাঝাৰত মিত্ৰদলৰে অগপৰ নিৰ্বাচনী বৈঠক
- নৰ্থ-ইষ্ট অলিম্পিকত স্বৰ্ণপদক অর্জন নগাঁৱৰ পাহি কেওটৰ
- মহাপুৰুষ শ্ৰীমন্তশঙ্কৰদেৱৰ বিশ্ববিদ্যালয়ৰ আন্তৰ্জাতিক আলোচনা চক্ৰ সম্পন্ন
- প্ৰকৃতিপ্ৰেমী মঞ্চ অসমৰ জহামাল উদ্ধাৰ
- প্ৰতিকূল বতৰকো নেওচি সৰ্বানন্দ সোণোৱালৰ সমৰ্থনত ওলাই আহিল হাজাৰ হাজাৰ লোক-ডিব্ৰুগড় লোকসভা সমষ্টিৰ বিজেপি নেতৃত্বাধীন এনডিএ-ৰ প্ৰাৰ্থী হিচাপে মনোনয়ন পত্ৰ দাখিল কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে
- পল্টন বজাৰত বহুভাষিক কাব্য সন্ধ্যা অনুষ্ঠিত
- Dr. Buljit Buragohain at the Annual Lecture Program of the Department of Education B Borooah College
- কাহিলীপাৰাত প্ৰসিদ্ধ সাহিত্যিক, সমালোচক ড০ গোবিন্দ প্ৰসাদ শৰ্মাক পৰাগজ্যোতি প্ৰকাশনৰ সম্বৰ্দ্ধনা
- এইচ ডি এফ চি বেংকে সমগ্ৰ ভাৰতত ৬০ টা বেংকিং আউটলেট উদ্বোধন
- কামৰূপ মহানগৰ জিলা নেহেৰু যুৱ কেন্দ্ৰৰ উন্নয়ন খণ্ড ভিত্তিত ক্ৰীড়া উৎসৱ