ৰাষ্ট্ৰীয় ক্ৰীড়া সোণৰ পদক কঢ়িয়াই আনিলে চিলাপথাৰৰ ওম চন্দ্ৰ ছেত্ৰীয়ে।যোৱা ২৩জুনৰ পৰা ২৬জুনলৈ মধ্যপ্ৰদেশৰ ভূপালত অনুষ্ঠিত প্ৰি টিন আৰু প্ৰি জুনিয়ৰ ৰাষ্ট্ৰীয় পেনচাক চিলাত দুদান্ত প্ৰদৰ্শন আগবঢ়াই সোণৰ পদক লাভ কৰিবলৈ সক্ষম হয়।উল্লেখযোগ্য যে এই প্ৰতিযোগিতাখনত ৩২খন ৰাজ্যৰ ৯০০গৰাকী প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিছিল ।ওম চন্দ্ৰ ছেত্ৰী মাদুৰিপথাৰ চেইণ্ট পিটাৰ্চ বিদ্যালয়ৰ অষ্টম শ্ৰেণীৰ ছাত্ৰ আৰু চিলাপথাৰ খনামুখৰ কৃষ্ঞ ছেত্ৰী আৰু পাৰ্বতী ছেত্ৰীৰ পুত্ৰ ।

কাইলৈ হ’ব বিশাল গণসমাবেশ -জেৰেঙা পথাৰত চলিছে প্ৰস্তুতি
ঐতিহাসিক জেৰেঙা পথাৰত কালিলৈ অনুষ্ঠিত হ’ব এক বিশাল গণসমাবেশ।এই সভাত উপস্থিত থাকিব দেশৰ প্ৰধানমন্ত্ৰী । ইতিমধ্যে এসপ্তাহ ধৰি সভাৰ যাবতীয় প্ৰস্তুতি অব্যাহত আছে। শিৱসাগৰ জিলা প্ৰশাসনে নিৰাপত্তা ক্ষেত্ৰত পহৰাৰ ব্যৱস্থা কৰিছে। উল্লেখযোগ্য যে এই বিশাল গণ সমাবেশত ৩ লাখ লোকক ভূমি পট্ৰা প্ৰদান কৰিব।দেশৰ প্ৰধানমন্ত্ৰী গৰাকীৰ আগমনকলৈ ৪ খনকৈ হেলিপেড সাজু কৰি তুলিছে। জানিব পৰা মতে প্ৰতিখন জিলাৰ পৰা বিভিন্ন প্ৰতিনিধি এই সমাবেশলৈ আহিব। এই সমাবেশত অংশগ্ৰহণকাৰী সকলে ক’ভিড প্ৰট’কল মনাৰ লগতে কিছু নীতি নিৰ্দেশনা মানি চলিব লাগিব বুলি শিৱসাগৰ জিলা প্ৰশাসনে জানিবলৈ দিছে।
ভিউৱাছৰ মতামত