ৰাছিয়াৰ নিজনী নভগ’ৰডত অহা ১৭ ছেপ্টেম্বৰৰ পৰা ২১ ছেপ্টেম্বৰলৈকে পাঁচদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’বলগীয়া বিশ্ব যুৱ মহোৎসৱ সন্মিলনত অংশগ্ৰহণ কৰিবলৈ গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ আজাৰাস্থিত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ দুই প্ৰতিভাধৰ শিক্ষাৰ্থী ক্ৰমে – জ্যোতিষ্মা মেধি আৰু অয়ন চিলা ওজাক নিৰ্বাচিত কৰা হৈছে ৷ সমগ্ৰ বিশ্বৰ ৬০ হাজাৰৰো অধিক আবেদনকাৰীৰ মাজৰ পৰা নিৰ্বাচিত হোৱা তেওঁলোকৰ নিৰ্বাচনে গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ পৰিয়ালক স্বাভাৱিকতে আনন্দিত কৰি তুলিছে৷ বিশ্ব যুৱ মহোৎসৱ সন্মিলনত এছিয়া, আফ্ৰিকা, ইউৰোপ, আৰু লেটিন আমেৰিকাৰ এক হাজাৰৰো অধিক যুৱ প্ৰতিভাক একত্ৰিত কৰি বিশ্বব্যাপী সহযোগিতা আৰু উদ্ভাৱনৰ বাবে এক মঞ্চৰ সৃষ্টি কৰিব। জ্যোতিষ্মা আৰু আয়নে ১৫ ছেপ্টেম্বৰৰ পৰা নতুন দিল্লীৰ পৰা মস্কোলৈ যাত্ৰা আৰম্ভ কৰিব আৰু এই উৎসৱত অংশগ্ৰহণ কৰাৰ লগতে মস্কো আৰু চেণ্ট পিটাৰ্ছবাৰ্গকে ধৰি ৰাছিয়াৰ প্ৰাচীন চহৰসমূহ ভ্ৰমণ কৰাৰ সুযোগ পাব। যোৱা বছৰ ৰাছিয়াৰ ছোচিত অনুষ্ঠিত হোৱা বিশ্ব যুৱ মহোৎসৱত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ একাংশ নিৰ্বাচিত শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰাৰ পাছত এই খৱৰ স্বাভাৱিকতে বিশ্ববিদ্যালয়খনৰ বাবে অতি আশাপ্ৰদ।
Trending
- Emergency Flood Preparedness Meeting Held in Kamrup
- ৰাজ্যৰ পাঁচ জিলাৰ স্বাস্থ্য ব্যৱস্থাৰ বিস্তৃত পৰ্যালোচনা : গুণগত আৰু সুলভ স্বাস্থ্যসেৱা নিশ্চিতকৰণত গুৰুত্ব মন্ত্ৰী অশোক সিংহলৰ
- এয়াৰটেল হটস্পট সেৱাৰ গতি অব্যাহত
- Agriculture Minister Pijush Hazarika distributes MMUA cheques to 22,818 beneficiaries in Dhing
- ধুবুৰী, কোকৰাঝাৰকে ধৰি পাঁচখন জিলাৰ স্বাস্থ্য ব্যৱস্থাৰ পৰ্যালোচনা
- বিশ্বকাপৰ উন্মাদনাৰ মাজতে গুৱাহাটীত সাংবাদিকৰ দুভৰিৰ যাদু
- Agriculture Minister Pijush Hazarika visits Khumtai constituency in Golaghat and takes stock of projects, interacts with farmers
- অসম চৰকাৰ শিল্প, বাণিজ্য আৰু ৰাজহুৱা উদ্যোগ বিভাগ উদ্যোগত মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান
- ২০ জুলাইৰ পৰা লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰৰ নতুন টার্মিনেলত আৰম্ভ হ’ব ইণ্ডিগ’ৰ বিমান সেৱা
- NSE signs strategic collaboration with Augmont to strengthen India’s Electronic Gold Receipts (EGR) ecosystem