আজি তামুলপুৰ জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত জিলা আয়ুক্ত পংকজ চক্ৰৱৰ্তীয়ে জ্যেষ্ঠ আৰক্ষী অধীক্ষক দিগন্ত কুমাৰ চৌধুৰীৰ উপস্থিতিত সমাগত দুৰ্গাপূজা সম্পৰ্কীয় এখন সভাত অংশ লয়। তেওঁ প্ৰকৃতিত যাতে কোনো বিৰূপ প্ৰভাৱ নপৰে, তাৰ প্ৰতি বিশেষ গুৰুত্ব আৰোপ কৰি কয়, “প্ৰকৃতিয়েই হওক বা কোনো জীৱজগতেই হওক, কাৰো ক্ষতি নোহোৱাকৈ যদি আমি পূজা কৰিব পাৰো, সেয়াহে প্ৰকৃত পূজা।” জিলাখনৰ বিভিন্ন স্থানৰ পৰা অহা পূজা কমিটীৰ বিষয়ববীয়াসকলক দুৰ্গাপূজা অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত বিভিন্ন নীতি-নিয়মৰ বিষয়ে অৱগত কৰে। প্ৰতিমা বিসৰ্জন সম্পৰ্কেও তেওঁ বিষদ ব্যাখ্যা কৰে। আবেলি ৫ বজাৰ আগতে প্ৰতিমাসমূহ বিসৰ্জন কৰিবলৈ তেওঁ সকলোকে আহ্বান জনায়। মণ্ডপৰ পৰা ১০০ মিটাৰ দূৰতহে দোকান-পোহাৰসমূহ পাতিবলৈ তেওঁ সকলোকে পৰামৰ্শ দিয়ে। আনহাতে কোনেও যাতে নিচাজাতীয় দ্ৰব্য সেৱন নকৰে, সেই সম্পৰ্কেও তেওঁ কয়।লগতে প্ৰতিমাসমূহত কৃত্ৰিম ৰং ব্যৱহাৰ কৰাৰ বিপৰীতে প্ৰাকৃতিক ৰং ব্যৱহাৰৰ ওপৰতো জিলা আয়ুক্তগৰাকীয়ে গুৰুত্ব দিয়ে। যিহেতু যোৱাবেলিৰ দৰে এইবেলিও “কাৰ্বন নিউট্ৰেল” পূজা পালনত গুৰুত্ব দিয়া হৈছে, গতিকে এইক্ষেত্ৰত পুৰস্কাৰ প্ৰদান কৰাৰ কথাও সদৰী কৰে জিলা আয়ুক্তগৰাকীয়ে। নিৰাপত্তাৰ দিশটো সন্দৰ্ভত জ্যেষ্ঠ আৰক্ষী অধীক্ষক দিগন্ত কুমাৰ চৌধুৰীয়েও পূজা কমিটীৰ বিষয়ববীয়াসকলক প্ৰয়োজনীয় দিহা-পৰামৰ্শ আগবঢ়ায়। বিশেষকৈ চিচি টিভি, লাইটিং, ভলেণ্টিয়াৰ, উচ্চ স্তৰৰ মিউজিক, এছ ডি আৰ এফ বাহিনী আদি সম্পৰ্কে তেওঁ বিষদ ব্যাখ্যা কৰে। দূৰ্গাপূজাৰ সময়ত পৰিৱেশ কেনেদৰে প্ৰদূষিত হয় আৰু আমাৰ প্ৰয়োজনীয় কি, এই সন্দৰ্ভত “গ্ৰীন গ্লোব” নামৰ বেচৰকাৰী সংস্থাটোৰ বিষয়ববীয়া ৰাজেশ দত্তই সুন্দৰ প্ৰেজেণ্টছন দাঙি ধৰে।
Trending
- দিহানামক বিশ্বৰ দৰবাৰলৈ নিয়াৰ লক্ষ্যৰে সমন্বয়ৰ বার্তা বিলাইছে জালুকবাৰীৰ খানামুখৰ জ্ঞানমালিনী বিকশিত নামতি দলে
- Sainik school Goalpara crowned Assam State champion of WWFs wild wisdom Global challenge
- একক খেতিৰ পৰিৱৰ্তে বছৰত ২-৩ টা খেতি কৰাৰ লগতে উদ্যান শস্যত বিশেষ গুৰুত্ব প্ৰদান কৰিবলৈ কৃষকসকলক আহ্বান মন্ত্ৰী হাজৰীকাৰ
- সুৰক্ষিত আৰু শক্তিশালী অসমৰ সংকল্পৰে গুৱাহাটীত অগপৰ প্ৰতিষ্ঠা দিৱসৰ বৰ্ণাঢ্য কাৰ্যসূচী
- মন্ত্রী বিশ্বজিৎ দৈমাৰীৰ পৌৰোহিত্যত খেল মহাৰণ ৩.০ – শিশু ক্ৰীড়া সমাৰোহৰ প্ৰস্তুতি পৰ্যালোচনা
- শ্ৰীমন্ত শংকৰ একাডেমীৰ উদ্যোগত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত দুদিনীয়া কাৰ্যসূচীৰে ঐতিহ্য মহোৎসৱ উদযাপন
- পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ প্ৰয়াত ৩৪ গৰাকী ঠিকাভিত্তিক কৰ্মচাৰীৰ পৰিয়াললৈ ১.৭০ কোটি টকাৰ এককালীন আৰ্থিক সাহায্য
- ভাৰতী এয়াৰটেলে নতুন পোষ্ট পেইড প্লেন মুকলি কৰিছে
- Health & Wellness Camps Held in Kamrup Metro under Seva Sankalp Abhiyan
- বন্যপ্ৰাণী সংৰক্ষণত দক্ষতা প্ৰদৰ্শনৰ বাবে মহিলা খণ্ড বন বিষয়া পাপৰি কছাৰীক বঁটা প্ৰদান