কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু বেঘ্ৰ সংৰক্ষিত ক্ষেত্ৰলৈ বানপানীৰ সময়ত বনকৰ্মীৰ পহৰা আৰু বানত আবদ্ধ বন্য জন্তুক উদ্ধাৰৰ বাবে ২০ খনকৈ বান উদ্ধাৰকাৰী নাওক ইঞ্জিনৰ ব্যৱস্থা কৰি দিয়াৰ পাছত কিছুদিন পূৰ্বে ওৰাং ৰাষ্ট্ৰীয় উদ্যানলৈ ৪ খনকৈ ইঞ্জিনযুক্ত অত্যাধুনিক প্ৰযুক্তিৰে নিৰ্মিত নাওৰ যোগান ধৰিছে অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণ চমুকৈ এ এছ ডি এম এই। উল্লেখ্য যে ওৰাং ৰাষ্ট্ৰীয় উদ্যানখনৰ সম্প্ৰসাৰিত অঞ্চল ব্ৰহ্মপুত্ৰ নদীৰ সৈতে সংলগ্ন হোৱাৰ পাছত উদ্যানৰ ক্ষেত্ৰ প্ৰায় ২০০ বৰ্গ কিলোমিটাৰলৈ বৃদ্ধি পাইছে। যাৰ বাবে বানপানীৰ উপৰিও ব্ৰহ্মপুত্ৰৰ সংলগ্ন অঞ্চলত বনকৰ্মীৰ পহৰা ব্যৱস্থা অধিক শক্তিশালী কৰাৰ লক্ষ্যৰে ৪ খন ইঞ্জিনযুক্ত নাওঁৰ যোগান ধৰা হৈছে। এই উপলক্ষে অনুষ্ঠিত অনুষ্ঠানত অসম চৰকাৰৰ ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ সচিব তথা এ এছ ডি এম এৰ অতিৰিক্ত মুখ্য কাৰ্যবাহী বিষয়া মীনাক্ষী দাস নাথ, ভাৰতীয় নৌ সেনাৰ অৱসৰপ্ৰাপ্ত ক’মডৰ তথা অসম জল পৰিবহণ উন্নয়ন সমিতিৰ উপদেষ্টা ( অবৈতনিক ) ক’মডৰ কমলেশ চন্দ্ৰ চৌধুৰী , অসম চৰকাৰৰ আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ যুটীয়া সঞ্চালক বিক্ৰমাদিত্য চৌধুৰী , দৰং জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক ডঃ চাদিক আলী আহমেদ , ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ বন সংমণ্ডল প্ৰাধিকাৰী প্ৰদীপ্ত বৰুৱা , প্ৰথম এন ডি আৰ এফ বাহিনীৰ কেবাজনো বিষয়া উপস্থিত আছিল । অনুষ্ঠানত বন সংমণ্ডল প্ৰাধিকাৰী প্রদীপ্ত বৰুৱাই নাওঁকেইখন গ্ৰহণ কৰি ইয়াৰ দ্বাৰা ৰাষ্ট্ৰীয় উদ্যানখনৰ এটা বহুদিনীয়া অভাৱ পূৰণ হব বুলি আশা ব্যক্ত কৰে। আনহাতে অৱসৰপ্ৰাপ্ত ক’মডৰ আৰু ভাৰতীয় নৌ সেনাত এজন জল বিশেষজ্ঞ হিচাপে সুনাম থকা কমলেশ চন্দ্ৰ চৌধুৰীয়ে চমু ভাষণত উপস্থিত বন বিষয়া আৰু বনকৰ্মী সকলক পানীৰ গভীৰতা অনুসৰি নাও কেনেদৰে চলাব লাগে, ইয়াৰ ৰক্ষনাবেক্ষণ , পানীত চলাচল কৰাৰ সময়ত লবলগীয়া সাৱধানতা , আদিৰ কাৰিকৰী দিশ সমুহ সুন্দৰকৈ বুজাই দিয়ে। উল্লেখ্য যে অহা ১৮ ছেপ্টেম্বৰত প্ৰাধিকৰণৰ ফালৰ পৰা ডিব্ৰু ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানত ৮ খন তেনে ধৰণৰ নাওঁৰ যোগান ধৰা হব। অৱশ্যে ওৰাং ৰাষ্ট্ৰীয় উদ্যানত জলক্ষেত্ৰত পহৰাৰ বাবে কমেও ৬ ৰ পৰা ৮ খন নাওৰ প্ৰয়োজন বুলি ৰাষ্ট্ৰীয় উদ্যানৰ এক সূত্ৰই সদৰি কৰিছে।
Trending
- দিহানামক বিশ্বৰ দৰবাৰলৈ নিয়াৰ লক্ষ্যৰে সমন্বয়ৰ বার্তা বিলাইছে জালুকবাৰীৰ খানামুখৰ জ্ঞানমালিনী বিকশিত নামতি দলে
- Sainik school Goalpara crowned Assam State champion of WWFs wild wisdom Global challenge
- একক খেতিৰ পৰিৱৰ্তে বছৰত ২-৩ টা খেতি কৰাৰ লগতে উদ্যান শস্যত বিশেষ গুৰুত্ব প্ৰদান কৰিবলৈ কৃষকসকলক আহ্বান মন্ত্ৰী হাজৰীকাৰ
- সুৰক্ষিত আৰু শক্তিশালী অসমৰ সংকল্পৰে গুৱাহাটীত অগপৰ প্ৰতিষ্ঠা দিৱসৰ বৰ্ণাঢ্য কাৰ্যসূচী
- মন্ত্রী বিশ্বজিৎ দৈমাৰীৰ পৌৰোহিত্যত খেল মহাৰণ ৩.০ – শিশু ক্ৰীড়া সমাৰোহৰ প্ৰস্তুতি পৰ্যালোচনা
- শ্ৰীমন্ত শংকৰ একাডেমীৰ উদ্যোগত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত দুদিনীয়া কাৰ্যসূচীৰে ঐতিহ্য মহোৎসৱ উদযাপন
- পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ প্ৰয়াত ৩৪ গৰাকী ঠিকাভিত্তিক কৰ্মচাৰীৰ পৰিয়াললৈ ১.৭০ কোটি টকাৰ এককালীন আৰ্থিক সাহায্য
- ভাৰতী এয়াৰটেলে নতুন পোষ্ট পেইড প্লেন মুকলি কৰিছে
- Health & Wellness Camps Held in Kamrup Metro under Seva Sankalp Abhiyan
- বন্যপ্ৰাণী সংৰক্ষণত দক্ষতা প্ৰদৰ্শনৰ বাবে মহিলা খণ্ড বন বিষয়া পাপৰি কছাৰীক বঁটা প্ৰদান