ক’ৰণা ভাইৰাছৰ প্ৰকোপৰ সময়তে এজোপা গছকলৈ চৰ্চা চলিছে

0 199

দিনক দিনে বৃদ্ধি পাইছে ক’ভিড ১৯ ৰ প্ৰকোপ ৷ যাৰ ফলত আজিও স্বাভাৱিক জীৱন যাত্ৰা ঘূৰি অহা নাই ৷ ক’ৰণা ভাইৰাছৰ ঔষধ সম্পৰ্কে বিভিন্ন বিজ্ঞানী মহলে গৱেষণা অব্যাহত ৰখাৰ সময়তে বিশ্বৰ বিভিন্ন প্ৰান্তত উপলব্ধ এজোপা গছক লৈ চৰ্চা চলিছে ৷ উল্লেখযোগ্য যে সেই বিশেষ গছজোপা সমগ্ৰ ভাৰততে নিষিদ্ধ ৷
 
 
 
 
বিভিন্ন ঔষধি গুণেৰে সমৃদ্ধ এই গছজোপাক ভাং গছ নামেৰে জনা যায় ৷ আমেৰিকাৰ ছাউথ কেৰোলিনা বিশ্ববিদ্যালয় গৱেষকদলে প্ৰকাশ কৰা মতে ভাং গছত থকা উপাদানেৰে ক’ৰণা ভাইৰাছক নিৰাময় কৰিব পাৰি ৷ আনহাতে আগশাৰীৰ আলোচনী ফৰ্বছটো এই কথা প্ৰকাশ পাইছে ৷
 
 
 
 
এই সম্পৰ্কে মৰাণৰ ভৰত ভাস্কৰ্য নামৰ বিজ্ঞানৰ ছাত্ৰ এজনে কয় যে,ভাং গছক যদিও ভাৰতত নিষিদ্ধ কৰা হৈছে ৷ তথাপিও ভাং গছৰ ঔষধি গুণাগুণ আছে ৷ ইতিমধ্যে ছাত্ৰজনে চ’চিয়েল মাধ্যমৰ জৰিয়তে সেই বিশেষ পদ্ধতিটো আগবঢ়াইছে ৷ ছাত্ৰজনে ব্যৱহাৰ কৰা পদ্ধতিক আৰু গৱেষণাৰ স্থল আছে ৷

Leave A Reply

Your email address will not be published.