দুৰন্ত তৰুণ ঘনশ্যাম শইকীয়াৰ ১০৮ বছৰীয়া জন্মজয়ন্তী উদযাপন

0 127

এগৰাকী শতায়ু গৰকা দুৰন্ত তৰুণ।পাৰ্থিৱ শৰীৰত বাৰ্ধক্যই ক্ষুদ্ৰ জঠৰতা আনিলেও মনে প্ৰাণে আজিও দুৰন্ত তৰুণ হৈয়ে আছে । ১৯১৬ চনত জন্ম গ্ৰহণ কৰি আজিও অতি সপ্ৰতিভতা আৰু সক্ষমতাক কাবু কৰি ৰখা এইগৰাকী বৰ্ষীয়ান নাগৰিক হ’ল ঘনশ্যাম শইকীয়া।ঢকুৱাখনা মহকুমাৰ ১নং থেকেৰাগুৰি গাঁওৰ প্ৰয়াত কমল চন্দ্ৰ শইকীয়া আৰু প্ৰয়াত নিগনি শইকীয়াৰ সুপুত্ৰ ঘনশ্যাম শইকীয়াই সোমবাৰে পদাৰ্পণ কৰিলে ১০৮ বছৰত। সম্ভৱতঃ ঢকুৱাখনা মহকুমাৰ ভিতৰতে সদাসক্ৰিয় সৰ্ববয়স্ক নাগৰিক হিচাবে পৰিগণিত ঘনশ্যাম শইকীয়াই এই শতিকা অতিক্ৰমি ১০৮ বছৰীয়া জন্মদিৱসটি সোমবাৰে নিজৰ পছন্দৰে উদযাপন কৰে। বৃহত্তৰ পশ্চিম মাছখোৱা অঞ্চলৰ পিতৃ পুৰুষ ঘনশ্যাম শইকীয়াৰ এই ১০৮ সংখ্যক জন্ম দিনটোত নিজে কে’ক কাটি পুত্ৰ কন্যা ,অভ্যাগত, অনুজ , শুভাকাংক্ষী আৰু পৰিয়ালবৰ্গলৈ এক অন্যন্য স্বচ্ছন্দময় অনুভূতি উপহাৰ দিয়ে। জীৱন পৰিক্ৰমাৰ শতবর্ষ অতিক্ৰমিও বাৰ্ধক্যৰ ওচৰত হাৰ নমনা শইকীয়াৰ এই ১০৮সংখ্যক জন্ম দিন উপলক্ষত সোমবাৰে পিতৃ পুৰুষ গৰাকীৰ নিজা বাসগৃহত অনুষ্ঠিত কৰা হয় আনুষ্ঠানিক আয়োজন।শইকীয়াৰ জ্যেষ্ঠ পুত্ৰ ক্ৰমে হেমকান্ত শইকীয়া , ক্ষীৰোদ শইকীয়া, ৰঞ্জিত শইকীয়া,কন্যা জয়ন্তী শইকীয়াৰ লগতে সমূহ আত্মীয় স্বজনৰ উৎসাহপূৰ্ণ পৰিবেশত সোমবাৰে দুপৰীয়া সমূহীয়াকৈ এফাঁকি ঘোষাৰে পবিত্ৰ জন্মদিনৰ শুভাৰম্ভ কৰা হয়। জ্যেষ্ঠ নাগৰিক পৃথু বৰাই আঁত ধৰা এই বৰ্ণিল জন্ম দিনৰ কাৰ্যসূচী উদ্বোধন কৰে হেম বৰুৱাই ।ইয়াৰ পাছতে শতায়ু অতিক্ৰম কৰা পিতৃ পুৰুষ শইকীয়াৰ জন্ম দিন উপলক্ষত আত্মীয় স্বজন , গুণগ্ৰাহী , ইষ্ট কুটুম্বৰ লগতে অগণন গুণমুগ্ধই ধৰ্মপ্ৰাণ শইকীয়াৰ চৰণ চুই প্ৰণিপাত জনাই গামোচা , চেলেং চাদৰ আদিৰে মান্যতা প্ৰদান কৰি শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে আশীৰ্বাদ গ্ৰহণ কৰে । পৰৱৰ্তী সময়ত পশ্চিম মাছখোৱা অঞ্চলৰ অন্যতম বৰ্ষীয়ান জ্যেষ্ঠ নাগৰিক নাৰায়ণ হাজৰিকা, গোলোক বৰা, বগেন ভৰালী  , গোলাপ চেতিয়াৰ লগতে ঢকুৱাখনাৰ জ্যেষ্ঠ নাগৰিক ভুৱন চমুৱা ,ভোলা নাথ গগৈক শইকীয়াৰ পৰিয়ালৰ তৰফৰ পৰা ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱা হয় । এক অব্যক্ত উচাহ আৰু উল্লাসৰ মাজত বিধৌত হোৱা পৰিবেশৰ মাজতে ১০৮ বছৰীয়া শইকীয়াই কে’ক কাটি আত্মীয় স্বজন ,অভ্যাগত সকলক খুৱাই আৰু নিজেও খাই বিমল আনন্দৰ মাজত বিলীন হয়।

বিশিষ্ট জ্যেষ্ঠ নাগৰিক যতীন বৰুৱা , লবৰাম চেতিয়া, তৰুণ দত্ত, বীৰেশ্বৰ কোচ ,নৰনাথ কোচ, ৰমা কান্ত দত্ত , পূৰ্ণ লাহন ,গন্ধেশ্বৰ গগৈ, হৰি নাৰায়ণ গগৈ ,ললিত দাস,কুশল গগৈ ,লাবন্য বৰুৱা, দ্বিগেন হাজৰিকা ,দেৱজিৎ ফুকন, প্ৰতাপ বৰা, ভৱানী বৰাকে প্ৰমুখ্য কৰি বহু সংখ্যক অভ্যাগতৰ উপস্থিতিত নিজৰ ১০৮ বছৰীয়া জন্ম দিনটো এনেদৰে উদযাপন কৰিবলৈ পায় পৰম আনন্দ লাভ কৰা বুলি কয় বয়স্ক নাগৰিক গৰাকীয়ে । পত্নী প্ৰয়াত কলিমা শইকীয়াৰ সান্নিধ্য আৰু স্মৃতি ৰোমন্থনেৰে শইকীয়াই অতীত স্মৰণ কৰি চমু বক্তব্য আগবঢ়াই। শ্ৰৱণ শক্তিৰ কিছু হ্রাস পোৱা শইকীয়াই জন্মদিনৰ দিনাও আজন্ম সাৰথি ৰেডিঅ’তো সন্মুখত ৰাখি প্ৰদান কৰা চমু সৰস কথাই উপস্থিত সকলক অন্যন্য জীৱনী সুধাৰে আহ্লাদিত কৰে । জন্মদিনৰ অনুষ্ঠানত শইকীয়াৰ জীৱন শৈলী আৰু আচাৰ আচৰণ সন্দৰ্ভত অভিজ্ঞতালব্ধ বৰ্ণনা আগবঢ়াই অনুজ ,জ্যেষ্ঠ নাগৰিক গোলোক বৰাই।শইকীয়াৰ বৰপুত্ৰ হেম কান্ত শইকীয়া , জ্যেষ্ঠ নাগৰিক পূৰ্ণানন্দ গগৈ,তুলসী শইকীয়া আদিয়েও শতবর্ষ অতিক্ৰমাৰ পাছতো মন প্ৰাণত বাৰ্ধক্যৰ ৰেখাপাত পৰিবলৈ নিদিয়া সুস্থ সবল দয়ালু মনৰ অধিকাৰী ঘনশ্যাম শইকীয়াৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনাৰে ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা কৰি শুভেচ্ছা মূলক বক্তব্য আগবঢ়ায়।

বাতৰি যুগুতালে অমৃত পৱন বৰাই

Leave A Reply

Your email address will not be published.