গুৱাহাটীত যুৱ মৰ্চাৰ তিনি সহস্ৰাধিক বাইকেৰে বিশাল ৰেলী- বাইক ৰেলীৰ শুভাৰম্ভণি কৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই

0 64

ভাৰতীয় জনতা যুৱ মৰ্চাৰ উদ্যোগত আজি গুৱাহাটীত এক বিশাল বাইক ৰেলী অনুষ্ঠিত হৈ যায়।লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ প্ৰচাৰৰ অন্তিম দিনাখন গুৱাহাটীৰ খানাপাৰা পশু চিকিৎসা খেলপথাৰৰ পৰা লতাশিল খেলপথাৰলৈ যুৱ মৰ্চাই উলিওৱা বাইক ৰেলীৰ শুভাৰম্ভণি কৰে অসমৰমুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই।তিনি হেজাৰোধিক বাইকেৰে ছয় হেজাৰোধিক যুৱক-যুৱতীয়ে অংশ লোৱা ৰেলীটো শুভাৰম্ভণি কৰি মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কয় যে, এইবাৰৰ নিৰ্বাচন আনকেইবাৰতকৈ অধিক তাৎপৰ্যপূৰ্ণ। বিগত নিৰ্বাচনসমুহৰ তুলনাত এইবাৰ সকলো অঞ্চলতে ৰাইজে প্ৰত্যক্ষভাৱে ভাৰতীয় জনতা পাৰ্টীৰ পক্ষত ওলাই আহি বিপুল সঁহাৰি আগবঢ়াইছে। ৰাজ্যৰ মহিলা সকলৰ এশ শতাংশ সমৰ্থন পোৱাৰ সমান্তৰালকৈ যুৱ প্ৰজন্মৰ উৎসাহ উদ্দীপনা অভূতপূৰ্ব। যুৱ মৰ্চাৰ ৰাজ্যিক সভাপতি সিদ্ধাঙ্কু অঙ্কুৰ বৰুৱাই কয় এইবাৰ সকলো স্তৰৰ ৰাইজে নিৰ্বাচনটো উৎসৱৰ দৰে পালন কৰি নৰেন্দ্ৰ মোদীক তৃতীয় বাৰৰ বাবে প্ৰধানমন্ত্ৰী আসনত অধিষ্ঠিত কৰিবলৈ ওলাই আহিছে। খানাপাৰাৰ পৰা গুৱাহাটীৰ মাজ-মজিয়াৰে লতাশিল খেলপথাৰলৈ ওলোৱা ৰেলীটোত যুৱ মৰ্চাৰ ৰাজ্যিক সভাপতি সিদ্ধাঙ্কু অঙ্কুৰ বৰুৱাৰ লগতে অংশগ্ৰহণ কৰে ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক সাধাৰণ সম্পাদক পল্লৱ লোচন দাস, ৰাজ্যসভাৰ সাংসদ পবিত্ৰ মাৰ্ঘেৰিটা, যুৱ মৰ্চাৰ ৰাজ্যিক সাধাৰণ সম্পাদকদ্বয় তাপস কলিতা, ত্ৰিদিৱজ্যোতি মৰাণ,গুৱাহাটী জিলা যুৱ মৰ্চাৰ প্ৰভাৰী গৌতম শৰ্মা, সভাপতি নিহাৰেন্দ্ৰ শৰ্মাকে আদি কৰি বিজেপিৰ জ্যেষ্ঠ নেতৃত্ব, যুৱ মৰ্চাৰ বিষয়ববীয়াসকলে।

Leave A Reply

Your email address will not be published.