বিজেপি বিধায়িনী দলৰ তথা মিত্ৰজোঁটৰ নেতা হিচাপে নিৰ্বাচিত হোৱা ড০ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈ অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছে। এই সন্দৰ্ভত অসম প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক তথা জ্যোষ্ঠ মুখপাত্ৰ অপূৰ্ব কুমাৰ ভট্টাচাৰ্য্য ই সদৰি কৰা এক বিবৃতিত কয় যে, অহাকালি ৰাজ্যখনৰ পৰবৰ্তী মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ লগতে দায়িত্ব গ্ৰহণ কৰিবলগীয়া ড০ শৰ্মাৰ প্ৰতি আমাৰ আন্তৰিক শুভেচ্ছা যাঁচিলো আৰু পৰবৰ্তী কালত ৰাজ্য খনৰ সকলো উন্নয়নমূলক কামত যোগাত্মক সহযোগিতা অব্যাহত থাকিব। ইয়াৰোপৰি সাম্প্ৰতিক সময়ত ক’ভিড মহামাৰী সৃষ্ট পৰিস্থিতিৰ মোকাবিলা কৰাৰ লগতে জনসাধাৰণৰ জীৱন আৰু জীৱিকা সুৰক্ষিত ৰাখিবলৈ গ্ৰহণ কৰা প্ৰতিটো পদক্ষেপতে আমাৰ দলৰ লগতে মহাজোঁটৰ অংশীদাৰ সকলো দলৰে সমৰ্থন অব্যাহত থাকিব বুলি এক প্ৰেছ বিবৃতি যোগে অসম প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক তথা জ্যেষ্ঠ মুখপাত্ৰই জানিবলৈ দিছে।
Trending
- চাৰি সহস্ৰাধিকৰ উপস্থিতিত গুৱাহাটীত যুৱ মৰ্চাৰ যুৱ সমাৰোহ
- পৰাগজ্যোতি প্ৰকাশনৰ প্ৰশংসনীয় পদক্ষেপ প্ৰসিদ্ধ ভাষাবিদ, সাহিত্যিক,গৱেষক ড০ নাৰায়ণ দাসক সম্বৰ্দ্ধনা
- এয়াৰটেল ফাউণ্ডেচনে স্কুল এক্সেলেন্স প্ৰগ্ৰেমৰ অধীনত ১১০০ৰো অধিক চৰকাৰী বিদ্যালয়ৰ শিক্ষক আৰু প্রধান শিক্ষকৰ সক্ষমতা কাৰ্য্যসূচী ৰূপায়ন
- কটন বিশ্ববিদ্যালয়ত সবল গণতন্ত্ৰৰ হকে ভোটদানৰ বাবে সজাগতা অনুষ্ঠান
- ধুবুৰী জিলাত মুখ্য নিৰ্বাচনী বিষয়া উপস্থিত
- দীনজ্যোতি ফাউণ্ডেশ্যনৰ উদ্যোগত শ্ৰমিক দিৱস উদযাপন
- পাটাছাৰকুছি প্ৰেছ ক্লাৱৰ প্ৰতিষ্ঠা দিৱস উদযাপন
- শ্ৰমিক দিৱসত ব্যতিক্ৰমী কৰ্মেৰে উদ্ভাসিত ঢকুৱাখনাৰ পাপু দত্ত
- Experience Trial voting through Virtual Reality in Kamrup election district
- গুৱাহাটী লোকসভা নিৰ্বাচনৰ সাধাৰণ পৰ্যবেক্ষকৰ পৰ্যালোচনা সভা