নৱনিৰ্বাচিত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মালৈ আপকুৰ অভিনন্দন

0 248

ৰাজ্যৰ পঞ্চদশ বিধান সভা নিৰ্বাচনত গুৱাহাটীৰ জালুকবাৰী সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা আগবঢ়াই লক্ষ্যাধিক ভোটত জয়ী হৈ একৰাহে পঞ্চমবাৰৰ বাবে বিধান সভাৰ মজিয়ালৈ নৱনিৰ্বাচিত বিজেপি দলৰ শক্তিশালী প্ৰাৰ্থী ড০ হিমন্ত বিশ্ব শৰ্মা আজি অসমৰ মুখ্যমন্ত্ৰীৰূপে মনোনীত হোৱাত ৰাজ্যখনৰ মফচলীয় সাংবাদিকসকলৰ সংগ্ৰামী মঞ্চ আসাম প্ৰেছ ক’ৰেছপণ্ডেণ্টছ ইউনিয়ন চমুকৈ আপকুৱে উষ্ম অভিনন্দন জ্ঞাপন কৰিছে।
‘আপকু’ৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি আব্দুল খালেক, কাৰ্যকৰী সভাপতি মৌচমজ্যোতি বৈশ্য আৰু সম্পাদক প্ৰধান শৰৎ শেনছোৱাই ৰাজ্যখনৰ নতুন মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাদেৱৰ সবল নেতৃত্বত অসমৰ উন্নয়ন আৰু বিকাশৰ গতি অধিক তৰান্বিত হ`ব বুলি আশা প্ৰকাশ কৰিছে। অসমৰ পাহাৰ ভৈয়ামত বসবাস কৰা প্ৰত্যেকটো সৰু বৰ জাতি জনগোষ্ঠীক সাংবিধানিকভাৱে সম অধিকাৰ, সম মৰ্যাদা দি অসমক দেশৰ ভিতৰতে এখন অন্যতম শ্ৰেষ্ঠ উন্নয়নশীল ৰাজ্য হিচাবে গঢ়ি তোলাৰ লগতে অসম চৰকাৰৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত চৰকাৰী চাকৰিবিহীন সাংবাদকৰ্মীসকলৰ জীৱন আৰু আৰ্থিক নিৰাপত্তা প্ৰদানৰ ক্ষেত্ৰত বলিষ্ঠ পদক্ষেপ গ্ৰহণ কৰিবলৈ সংগঠনটোৰ নেতৃবৃন্দই আহ্বান জনাইছে।

Leave A Reply

Your email address will not be published.