অসমত কল্পনা জল্পনা ওৰ পেলাই অসমে লাভ কৰিলে এগৰাকী নতুন মুখ্য মন্ত্ৰী। আজি আনুষ্ঠানিক ভাৱে ঘোষণা হ’ল অসমৰ মুখ্যমন্ত্ৰী। এই মুখ্য মন্ত্ৰী লাভ কৰিলে জালুকবাৰী সমষ্টিৰ বিধায়ক ডঃ হিমন্ত বিশ্ব শৰ্মাই। উল্লেখযোগ্য যে, বিধানসভা নিৰ্বাচন ঘোষণা হোৱা দিনাৰ পৰাই পৰৱৰ্তী মুখ্য মন্ত্ৰী কোন হ’ব, এই বিষয়ক লৈ এক উত্তেজনাই বিৰাজ কৰিছিল। অৱশেষত আজি ১২ বাজি ৩৫ মিনিটত অসম বিধানসভাৰ চৌহদত বিজেপিৰ বিধায়িনী দলৰ সৰ্বসন্মতিক্ৰমে ডঃ হিমন্ত বিশ্ব শৰ্মাক বিধায়িনী দলৰ নেতা হিচাপে বিবেচনা কৰা হয়। সদ্য পদত্যাগী মুখ্যমন্ত্ৰী সৰ্বানন্দ সােণােৱালে ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নাম বিধায়িনী দলৰ নেতা হিচাপে প্ৰস্তাৱ কৰে আৰু এই প্ৰস্তাৱক সমৰ্থন জনায় ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাস আৰু বিধায়িকা নন্দিতা গাৰ্লােছাই। এই সিদ্ধান্তৰ ঘােষণা আনুষ্ঠানিকভাৱে কৰে পৰ্যবেক্ষক নৰেন্দ্ৰ সিং তােমাৰে। এই বৈঠকত অংশগ্ৰহণ কৰে বিজেপিৰ ৪ গৰাকীকৈ ৰাষ্ট্ৰীয় নেতা ক্ৰমে ৰাষ্ট্ৰীয় সাংগঠনিক সাধাৰণ সম্পাদক বি এল সন্তোষ, ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক অৰুণ সিং, কেন্দ্ৰীয় কৃষিমন্ত্ৰী নৰেন্দ্ৰ সিং টোমৰ আৰু বিজেপিৰ অসম প্ৰভাৰী বৈজয়ন্ত জয়পাণ্ডা। নৰেন্দ্ৰ সিং তােমৰে বন্তি প্ৰজ্জ্বলনেৰে এই বিধায়িনী দলৰ বৈঠক আৰম্ভ কৰে। উল্লেখ্য যে ভাৰতীয় জনতা পাৰ্টীৰ কেন্দ্ৰীয় নেতৃত্বৰ সেউজ সংকেততে বিজেপিৰ বিধায়িনী দলে চূড়ান্ত কৰিলে অসমৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হিচাপে ডঃ হিমন্ত বিশ্ব শৰ্মাক।ৰবিবাৰে দিন ১১.৩੦ মান বজাত ৰাজভৱনত উপস্থিত হৈ ৰাজ্যপাল ডঃ জগদীশ মুখীক সাক্ষাৎ কৰি পদত্যাগ পত্ৰ অৰ্পণ কৰে সােণােৱালে। ইয়াৰ পাছতে একেখন বাহনত উঠি সৰ্বানন্দ সােণােৱাল আৰু ডঃ হিমন্ত বিশ্ব শৰ্মা অসম বিধানসভাত অনুষ্ঠিত বিজেপি দলৰ বিধায়িনী দলৰ বৈঠকত উপস্থিত হয়।
Trending
- ড০ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠিত
- ঢকুৱাখনাত পাঞ্জাৱ নেচনেল বেংকৰ বিশেষ অনুষ্ঠান-দুৰ্ঘটনাত মৃতকৰ পৰিয়ালক ১ কোটি টকাৰ বীমাধনৰ চেক প্ৰদান
- চৰকাৰ আৰু হিতাধিকাৰীৰ মাজৰ অন্তিম পৰ্যায়ৰ ব্যৱধান দূৰ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ‘অৰুণোদয় সাৰথিয়ে
- ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ বৰঝাৰস্থিত কাৰ্যালয়ত চাৰিখন ইলেকট্ৰিক বাহন মুকলি
- বিভিন্ন ধৰ্মৰ ধৰ্মগুৰুৰ প্ৰাৰ্থনা মন্ত্ৰোচ্চাৰণৰ মাজেৰে ৰাজগড়ত মুকলি ‘জুবিন ক্ষেত্ৰ
- লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত সুৰক্ষিত বিমান অৱতৰণৰ বাবে ৫৭০ মিটাৰ দৈৰ্ঘ্যৰ নতুন আলোক ব্যৱস্থা সংস্থাপন
- ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসত ৰাণীত চি আৰ পি এফৰ উদ্যোগত ক্ৰীড়া প্ৰতিযোগিতা সম্পন্ন
- Airtel Strengthens India’s Digital Future with Sovereign Telco-Grade Cloud
- কামপুৰৰ প্ৰকৃতিপ্ৰেমী দম্পতিক শ্ৰোতা সংঘৰ ৰেডিঅ’ উপহাৰ
- LIC HFL Reviews Progress of SANGAM Livelihood Project in Mizoram