প্ৰতি গৰাকী মাতৃলৈ মাতৃ দিৱসৰ শুভেচ্ছাৰে

0 232

মেলিলো প্ৰথম চকু তোমাৰ কোলাতে আই
জনমৰ আদিম পুৱাত
মুদিম আকৌ চকু
তোমাৰ কোলাতেই শুই
জীৱনৰ শেষ সন্ধিয়াত ।।
(কবি-নলিনীৱালা দেবী)
আই অথবা মাৰ মহত্ব প্ৰত্যেক গৰাকী ব্যক্তিৰ জীৱনতে বিশেষ ভাৱে বিশেষ হৈ থাকে। কিয়নো, অসমীয়াত এষাৰ কথা আছে “আইৰ সমান হ’ব কোন, নৈৰ সমান ব’ৱ কোন”। আজি মাতৃ দিৱস। প্ৰতি বছৰে এই মাতৃ দিৱস মে’ মাহৰ দ্বিতীয়টো দেওবাৰে উদযাপন কৰা হয়। এগৰাকী মাতৃৰ বাবে নিজৰ সন্তানতকৈ অন্য ডাঙৰ বস্তু একো থাকিব নোৱাৰে। মাকৰ সাহস,মাকৰ অনুপ্ৰেৰণা, মাকৰ সহযোগিতাহে কোনো সন্তানে জীৱনৰ বাটত আগবাঢ়িব পাৰে। কোৱা যায় যে, ভালপোৱা এনেকুৱা এটা বস্তু যাৰ কেতিয়াবা প্ৰদৰ্শনৰ প্ৰয়োজনীয়তা আহি পৰে। এই মাতৃ দিৱসো এনে এটা বিশেষ দিন। এই বিশেষ দিনটোত মাতৃসকলৰ প্ৰতি ভালপোৱাৰ আনুগত্য প্ৰদৰ্শন কৰা প্ৰয়োজনীয়। এগৰাকী মাতৃয়ে কোনো সন্তানৰ বাবে যিমান দুখ সহ্য কৰিব পাৰে মই ভাৱো পৃথিৱীৰ কোনেও কাৰো বাবেও‌ ইমান‌ সহ্য কৰিব নোৱাৰে। মাতৃ দিৱসত মাৰ বাবে এই কথাখিনি একো একোটা অনুপ্ৰেৰণাৰ উৎস। মাতৃ দিৱসৰ গুৰুত্ব উপলব্ধি কৰিয়েই আমেৰিকা যুক্তৰাষ্ট্ৰ, কানাডা, নিউজিলেণ্ড, চীন, জাপান, ফিলিপাইনচত ১২ মে’ত মাতৃ দিৱস উদযাপন কৰা হয়। এগৰাকী মাতৃৰ মনত সন্তান যিমানেই ডাঙৰ নহওঁক কিয় মাতৃ গৰাকীৰ মনত সদায়েই সৰু হৈয়ে থাকে। আমাৰ প্ৰতিটো খোজতেই মাৰ মৰমৰ প্ৰয়োজন হয়। মাৰ হাত দুখন মূৰৰ ওপৰত থাকিলে পৃথিৱীৰ সকলো সুখে আৱৰি ৰাখে। শেষত প্ৰতিগৰাকী মাতৃলৈ মাতৃ দিৱসৰ শুভেচ্ছা জনালোঁ।

Leave A Reply

Your email address will not be published.