নেৰামেকে গুৱাহাটী নিৰ্বাচিত ৱাৰ্ডত শাক পাচলি যোগান আৰম্ভ

0 194

ক’ভিড সৃষ্ট পৰিবেশৰ মাজতে গুৱাহাটীৰ বাসিন্দাসকলৰ মাজত কম মূল্যত সতেজ শাক-পাচলি যোগানৰ পদক্ষেপ গ্ৰহণ কৰিছে উত্তৰ-পূৱ আঞ্চলিক কৃষি বিপনন নিগম চমুকৈ ‘নেৰামেকে’-। ভাৰত চৰকাৰৰ ড’নাৰ মন্ত্ৰালয়ৰ অন্তৰ্গত এই প্ৰতিষ্ঠানটোৱে সতেজ শাক-পাচলি গুৱাহাটীৰ হাউচিং ছ’চাইটিসমূহত ম’বাইল ভানৰ জৰিয়তে প্ৰদান কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছে। নেৰামেকৰ কাৰ্যালয়ৰ পৰা ৰাজ্যৰ কৃষিমন্ত্ৰী অতুল বৰাই পৰিচালন সঞ্চালক মনোজ কুমাৰ দাস, ৰাজ্য চৰকাৰৰ উদ্যান শস্যৰ সঞ্চালক ত্ৰিৰংগা ভাৰতীয় বৰা আৰু কেইবাগৰাকী বিশিষ্ট অতিথিৰ উপস্থিত আজি এই ম’বাইল ভান সেৱাৰ আনুষ্ঠানিকভাৱে মুকলি কৰে। এই উপলক্ষে কৃষিমন্ত্ৰী অতুল বৰাই কয় যে, ইয়াৰ জৰিয়তে ৰাজ্যৰ কৃষকসকলে নিজৰ ফচলৰ বাবে উচিত মূল্য লাভ কৰাৰ লগতে গ্ৰাহকসকলেও কম মূল্যত আৰু সুৰক্ষিতভাৱে সতেজ শাক-পাচলি লাভ কৰিব পাৰিব। এই সতেজ শাক-পাচলি যোগান ধৰা প্ৰক্ৰিয়া ক’ভিড প্ৰট’কল অনুসৰণ কৰি গ্ৰহণ কৰা হ’ব। এই ক্ষেত্ৰত ৰাজ্য চৰকাৰে উদ্যান শস্য বিভাগ আৰু আদ নিগমে সহযোগিতা কৰিছে। তেওঁ লগতে কয় যে নেৰামেক বিভিন্ন স্থানৰ খেতিয়কসকলক বজাৰৰ সৈতে সংযোজিত কৰাত সহায় কৰি আহিছে। দুধনৈত কল, ৰাণীত আইজং চাউল, ওদালগুৰিত তৰমুজ, মণিপুৰত ক’লা চাউল আৰু দালচেনী, মানকাচাৰ-গোলাঘাট আৰু পশ্চিম গাৰো পাহাৰ জালুক ব্যৱসায়ীসকলৰ বাবে ক’ভিড পৰিস্থিতিৰ লগতে লকডাউন মাজত বজাৰৰ ব্যৱস্থা কৰিছে। উল্লেখ্য যে, উত্তৰ-পূৰ্বাঞ্চলৰ খেতিয়কসকলক এখন সঠিক মঞ্চ প্ৰদান কৰি কৃষকসকলৰ উন্নয়ণৰ বাবে ধাৰাবাহিকভাৱে পদক্ষেপ গ্ৰহণ কৰি আহিছে নেৰামেকে। যাতে কৃষকসকলে বজাৰত তেওঁলোকৰ উৎপাদিত শস্যৰ সঠিক বজাৰ মূল্য লাভ কৰে।

Leave A Reply

Your email address will not be published.