সত্ৰাধিকাৰৰ সহযোগত ভাস্কৰে কৃষিকৰ্মৰে উজলিছে

0 307

সমগ্ৰ দেশ তথা বিশ্ব আজি ক’ৰণাৰ কৰাল গ্ৰাসত। দেশে দেশে গৃহবন্দী প্ৰতি জন নাগৰিক। লক ডাউনৰ এই সময়ছোৱা সম্প্ৰতি সৰ্বত্ৰে অচলাৱস্থা।
 
ব্যক্তিগত খণ্ডত নিয়োজিত একাংশ যুৱক যুৱতীসকল এতিয়া কৰ্ম সংকটত পৰিছে।কিন্তু অসম যিহেতু কৃষি প্ৰধান ৰাজ্য সেয়ে প্ৰতিজন যুৱক যুৱতীয়ে নিজৰ বাৰীতে সাধ্য অনুসৰি কৃষিকৰ্মত নিজকে নিয়োগ কৰিলে যিকোনো বিপদৰ সময়ত সকাহ পাব পাৰি সেয়া প্ৰমাণ কৰি দেখুৱাইছে টীয়কৰ ভাস্কৰ হাজৰিকা নামৰ এজন যুৱকে।
 
 
টীয়কৰ কলিয়াপানীস্থিত আউনীআটী সত্ৰৰ ভূমিখণ্ডত সত্ৰাধিকাৰ ড° পিতাম্বৰ দেৱ গোস্বামীৰ আহ্বানত টীয়কৰে হাঁহচৰা অঞ্চলৰ উদ্যমী যুৱক ভাস্কৰ হাজৰিকাই প্ৰায় ১০ বিঘা ভূমিত পাঁচ হাজাৰ জোপা ভোঁট জলকীয়া,তিনিশ জোপা নেমুটেঙাকে ধৰি বিভিন্ন শাক পাচলিৰ খেতি কৰি এতিয়া সকলোকে আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে।
 
 
স্মতৰ্ব্য যে  যিসময়ত সংস্থাপন বাবে একাংশ যুৱক যুৱতীয়ে বহি: ৰাজ্যলৈ গৈছে তেনে সময়তে সত্ৰধিকাৰ গৰাকীৰ সহযোগত ভাস্কৰে লোৱা এই পদক্ষেপক সকলেৱে প্ৰশংসা কৰিছে।
খবৰ যুগুতালে টীয়কৰ পৰা অঞ্জন প্ৰকাশে..

Leave A Reply

Your email address will not be published.