নদ নদী সংৰক্ষণত গুৰুত্ব দিয়ক

0 617

মানৱ জীৱনত নদ নদীৰ ভূমিকা অনিবাৰ্য।নদ নদী বোৰে মানৱ জাতিৰ লগতে জীৱকুলৰ জীৱন নিৰ্বাহত আগবঢ়াই আহিছে অনৱদ্য অৱদান।
 
কোৱা হয়, পানীয়ে প্ৰাণীৰ প্ৰাণ।  পানীয়ে দৈনন্দিন আৱশ্যক পূৰণ কৰাৰ লগতে মানৱ জাতিৰ জীৱন নিৰ্বাহৰ ক্ষেত্ৰত বিভিন্ন ধৰণে যুগ যুগ ধৰি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। এই কথাকে আলোকপাত কৰিবলৈ যুগুত কৰা হৈছে এই প্ৰতিবেদন।
 
এয়া সৰ্বজন বিদিত যে ভাৰতবৰ্ষৰ লগতে বিশ্বৰ বিভিন্ন দেশৰ ডাঙৰ ডাঙৰ চহৰ নগৰবোৰ নদী বা সাগৰৰ পাৰত অৱস্থিত। কোনো এখন ঠাই বা অঞ্চলত চিৰ প্ৰবাহিত নৈ থাকিলে সেই ঠাইত জলসংকটে দেখা নিদিয়ে। মানুহৰ নিত্য আৱশ্যকীয় পানীৰ বাবে হাহাকাৰ পৰিৱেশৰ সৃষ্টি নহয়। সেই অঞ্চলৰ গছ-গছনি তথা উদ্ভিদ চিৰসেউজীয়া হৈ থাকে। আৰু যি ঠাইত পানী আৰু বায়ু স্বচ্ছ থাকে, সেই ঠাইৰ পঞ্চতত্ব স্বচ্ছ থাকে। সেয়ে নদীয়ে মানৱ আৰু জীৱকুলক জীৱন নিৰ্বাহ কৰাত গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াই আহিছে।
 
অসমৰ ঠিক তেনেই এখন নদী হৈছে বাক্সা জিলাৰ বৃহত্তৰ নাগ্ৰীজুলি অঞ্চলেৰে বৈ যোৱা বৰনদী। নামনিত এই নদীখন পুঠিমাৰী নামেৰে জনাজাত। এই বৰনদীয়ে বৃহত্তৰ নাগ্ৰীজুলি অঞ্চলৰ সহস্ৰ লোকৰ জীৱন নিৰ্বাহত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। অকল নাগ্ৰীজুলি অঞ্চলেই নহয় তামুলপুৰ, ৰঙিয়া, গুৱাহাটী আদি ঠাইৰ এচাম লোকৰ জীৱন আৰু জীৱিকাৰ উৎস হিচাপে পৰিগণিত হৈছে বৰনদী নৈ।
এই নদীখনে মানৱ জীৱনলৈ আগবঢ়োৱা অনৱদ্য অৱদানসমূহ তলত উল্লেখ কৰা হ’ল –
প্ৰথমতে, চিৰ প্ৰবাহিত বৰনদীয়ে বৃহত্তৰ নাগ্ৰীজুলি অঞ্চলৰ ভূমিত জলস্তৰ ঠিকেই ৰখাত সহায় কৰিছে। যাৰ বাবে অঞ্চলটোৰ গছ-গছনি তথা উদ্ভিদ জগত সেউজ হৈ আছে। ভূমিত জলস্তৰ ঠিকেই থকাৰ বাবে কুঁৱা, দমকল, গভীৰ নাদ আদি খান্দি মানুহে নিত্য আৱশ্যকীয় পানীৰ চাহিদা পূৰণ কৰিব পাৰিছে।
দ্বিতীয়তে, নাগ্ৰীজুলি অঞ্চল হৈছে এখন কৃষি প্ৰধান অঞ্চল। অঞ্চলটোত কৃষিকৰ্মৰ বাবে অতিকৈ আৱশ্যক জলসিঞ্চন ব্যৱস্থা গঢ়ি তোলাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে বৰনদীয়ে।
তৃতীয়তে, বৰনদীৰ অন্যতম গুৰুত্বপূৰ্ণ অৱদান হৈছে নদীখনত বাৰমাহে উপলব্ধ শিল,বালি। এইখন নদীৰ শিল,বালি নাগ্ৰীজুলি অঞ্চলৰ উপৰিও ৰাজ্যৰ বিভিন্ন প্ৰান্তত পথ, ঘৰ দুৱাৰ, অট্টালিকা আৰু বিভিন্ন ধৰণৰ কংক্ৰীটৰ কামৰ বাবে গাড়ীয়ে গাড়ীয়ে লৈ যোৱা হয়।
নদীখনৰ শিল বালিয়ে চৰকাৰৰ ৰাজকোষ টনকীয়াল কৰাত আৰু অঞ্চলটোৰ অসংখ্য লোকৰ জীৱিকাৰ বাট প্ৰশস্ত কৰাত গুৰুত্বপূৰ্ণ অৰিহণা যোগাই আহিছে।
ওপৰত উল্লেখিত অৱদানসমূহ হৈছে বৰনদীৰ মুখ্য অৱদান। ইয়াৰ উপৰিও বৰনদীয়ে অঞ্চলটোৰ মানৱ জীৱনলৈ বহুতো অৱদান আগবঢ়াই আহিছে। নদীখনক বগামাটিৰ পৰা নামনিত চিৰচেনীলৈ দকৈ খান্দি আধুনিক প্ৰযুক্তিৰে নদীখনৰ দুয়ো পাৰত মজবুত বান্ধ নিৰ্মাণ কৰিব পাৰিলে নদীখনৰ পৰা বিদ্যুত উৎপাদন কৰাৰ লগতে অঞ্চলটোক আকৰ্ষণীয় পৰ্যটনস্থল হিচাপে গঢ়ি তুুুুলিব পৰা যাব।
নদীখনৰ বুকুুত জাহ যোৱা হাজাৰ হাজাৰ বিঘা ভূমি উদ্ধাৰ কৰি দুুুয়ো পাৰত পুুুুনৰ বননীকৰণৰ জৰিয়তে বনাঞ্চল সৃৃষ্টি কৰিব পৰা যাব।
সঁচা অৰ্থত ক’বলৈ গ’লে প্ৰকৃতিৰ অনৱদ্য সৃষ্টি নদ নদীবোৰ হৈছে জীৱজগতত প্ৰাণ সঞ্চাৰ কৰা এক বিশেষ মাধ্যম।
নদীক সময়ে সময়ে পৰিস্কাৰ কৰি স্বচ্ছ কৰি ৰখা, নদীক সংৰক্ষণ কৰি তীৰ্থ সদৃশ কৰি গঢ়ি তোলা আদি কাৰ্য হ’ব লাগে। তেতিয়াহে প্ৰকৃতিৰ অমূল্য সৃষ্টি নদ নদীৰ পৰা প্ৰাপ্য ফল যুগ-যুগান্তৰ ধৰি মানৱজাতি তথা জীৱকুলে লাভ কৰি থাকিব। সেয়ে চৰকাৰ আৰু জনসাধাৰণ সকলোৱেই মিলি নদ নদীবোৰক সংৰক্ষণ আৰু স্বচ্ছ কৰি ৰখাত আগবাঢ়ি অহাটো সময়ৰ দাবী হিচাপে পৰিগণিত হৈছে।
খবৰ যুগুতালে বাক্সাৰ পৰা ঈশ্বৰ লমছালে..

Leave A Reply

Your email address will not be published.