তিনিচুকীয়াত জলসম্পদ বিভাগৰ কাম কাজ পৰ্য্যালোচনা কৰিলে মুখ্যমন্ত্ৰীয়ে

0 278

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি ডিব্ৰুগড় জিলাৰ উপায়ুক্তৰ সভাকক্ষত আয়োজিত এক বৈঠকত ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাত জলসম্পদ বিভাগে হাতত লোৱা বিভিন্ন কাম কাজৰ পৰ্যালোচনা কৰাৰ লগতে জিলা দুখনৰ ক’ভিড১৯ পৰিস্থিতিৰো বুজ লয়।
 
 
শদিয়া মহকুমাকে ধৰি জিলা দুখনৰ বিভিন্ন অঞ্চলত ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈ সমূহে সৃষ্টি কৰা বান আৰু ব্যাপক খহনীয়া সমস্যাৰ চৰজমিন বুজ লৈ মুখ্যমন্ত্ৰীয়ে কয় যে বিগত সময়ছোৱাত ৰাজ্যখনৰ নদীসমূহৰ চৰিত্ৰ যথেষ্ট সলনি হৈছে। ব্ৰহ্মপুত্ৰ নদীৰ বুকুত হোৱা ২৭০০টাৰো অধিক চৰে নদীখনৰ স্বাভাৱিক গতিত বাধাৰ সৃষ্টি কৰিছে। ফলত খহনীয়া সমস্যাই দিনক দিনে অধিক ভয়াৱহতা প্ৰদৰ্শন কৰিছে।
 
 
ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাৰ বিভিন্ন উপনৈ সমূহেও একেধৰণৰ চৰিত্ৰ প্ৰদৰ্শন কৰিছে। সেয়েহে বিগত ২০-৩০বছৰে বুঢ়ীদিহিং নদীৰ উৎপত্তি স্থলৰ পৰা ব্ৰহ্মপুত্ৰত পৰাৰ স্থানলৈকে সমগ্ৰ গতিপথ ছোৱাত সংঘটিত খহনীয়া চৰিত্ৰৰ এক তুলনামূলকভাৱে অধ্যয়ন কৰি প্ৰতিবেদন দাখিল কৰিবলৈ মুখ্যমন্ত্ৰীয়ে জলসম্পদ বিভাগক নিৰ্দেশ দিছে।
 
 
মুখ্যমন্ত্ৰীয়ে লগতে ৰাজ্যৰ বান খহনীয়া সমস্যাৰ বিশ্লেষণাত্মক অধ্যয়নেৰে ফলপ্ৰসু পদক্ষেপ গ্ৰহণ কৰিব পৰাকৈ অতি সোনকালেই এক গৱেষণা আৰু উন্নয়ন কোষ গঠন কৰিবলৈ জলসম্পদ বিভাগক নিৰ্দেশ দিয়ে। খহনীয়া প্ৰতিৰোধৰ বাবে জলসম্পদ বিভাগে গ্ৰহণ কৰা পাৰ্কুপাইন প্ৰযুক্তিত কিছু নতুনত্ব অনাৰ বাবে এই প্ৰযুক্তিৰ পুনৰীক্ষণৰ উদ্দেশ্যে ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান, গুৱাহাটীৰ চিভিল ইঞ্জিনিয়াৰিং বিভাগৰ সহায় লবলৈও মুখ্যমন্ত্ৰীয়ে জলসম্পদ বিভাগক আহ্বান জনায়।
 
 
জলসম্পদ বিভাগৰ বাহিৰে অন্যান্য বিভাগসমূহ যেনে ভুমি সংৰক্ষণ বিভাগ আদিয়ে গ্ৰহণ কৰা খহনীয়া প্ৰতিৰোধক আচনিসমূহ ৰূপায়ণৰ পুৰ্বে জলসম্পদ বিভাগৰ পৰা কাৰিকৰী অনুমোদন লোৱাৰ ব্যৱস্থা বাধ্যতামূলক কৰিবলৈ বিভাগক নিৰ্দেশ দিয়ে। পাৰ্কুপাইন, জিঅ’ বেগ, আদিৰ জৰিয়তে গ্ৰহণ কৰা খহনীয়া প্ৰতিৰোধী কাম কাজত কিছু উদ্ভাৱনীমূলক ধাৰণাক সন্ধ্ৰিৱিষ্ট কৰিবলৈ আৰু এইক্ষেত্ৰত অঞ্চল বিশেষৰ প্ৰয়োজনীয়তাক গুৰুত্ব প্ৰদান কৰিবলৈ মুখ্যমন্ত্ৰীয়ে বিভাগটোৰ অভিযন্তা সকলে নিৰ্দেশ দিয়ে।
 
 
এই বৈঠকত মুখ্যমন্ত্ৰীয়ে দিনজান সেনা চাউনীৰ সমীপত হোৱা গৰা খহনীয়া প্ৰতিৰোধৰ বাবে চৰকাৰে গ্ৰহণ কৰা ব্যৱস্থা সমূহৰ লগতে প্ৰয়োজন সাপেক্ষে দেশৰ প্ৰতিৰক্ষা মন্ত্ৰণালয়ৰো সহযোগ লোৱা হ’ব বুলি উল্লেখ কৰে। আজিৰ বৈঠকত মুখ্যমন্ত্ৰীয়ে তিনিচুকীয়া আৰু ডিব্ৰুগড় জিলাৰ ক’ভিড১৯ৰ শেহতীয়া পৰিস্থিতি সম্পৰ্কতো পৰ্যালোচনা কৰে।

Leave A Reply

Your email address will not be published.