কেৰিয়াৰ কৰ্মশালা অনুষ্ঠিত

0 285

উত্তৰ পূৰ্বাঞ্চলৰ আগশাৰীৰ হোটেল মেনেজমেণ্ট শিক্ষা প্ৰতিষ্ঠান গেটৱে ইনষ্টিটিউট অৱ হোটেল মেনেজমেণ্ট(www.gatewayihm.com), চমুকৈ জি আই এইছ এম(GIHM), গুৱাহাটীৰ উদ্যোগত “কেৰিয়াৰ স্কোপ ইন হোটেল মেনেজমেণ্ট আৰু কেটাৰিং টেকন’লজী(Career Scope in Hotel Management and Catering Technology)” শীৰ্ষক এখন বিনামূলীয়া অনলাইন কেৰিয়াৰ কৰ্মশালা ১৩ জুলাইত অনুষ্ঠিত হয় । সন্ধিয়া ৬.৩০ বজাৰৰ পৰা ৮ বজালৈকে অনুষ্ঠিত হোৱা কৰ্মশালাখনত সমল ব্যক্তি হিচাপে উপস্থিত থাকে ৰাজ্যখনৰ এগৰাকী আগশাৰীৰ কেৰিয়াৰ পৰামৰ্শদাতা তথা জি আই এইছ এমৰ অধ্যক্ষ ড° বুলজিৎ বুঢ়াগোহাঁই।
 
 
 
ড° বুঢ়াগোহাঁয়ে হোটেল মেনেজমেণ্ট আৰু কেটাৰিং টেকন’লজী”ৰ পাঠ্যক্রম সম্পূর্ণ কৰাৰ পৰৱৰ্তী পয্যায়ত কেনেধৰণৰ সংস্থাপনৰ সুবিধা লাভ কৰিব পাৰিব , সেই বিষয়ে বিতংকৈ আলোচনা আগবঢ়ায়।
 
 
কৰ্মশালাখন আঁত ধৰে প্ৰতিষ্ঠানখনৰ শিক্ষয়িত্ৰী অক্ষীতা কাকতিয়ে ৷ Machnicx India Pvt. Ltdৰ বিষয়া পূৰ্ণম গগৈয়েও উক্ত কৰ্মশালাত হোটেল মেনেজমেণ্টৰ শিক্ষা গ্রহণ কৰা ছাত্ৰ-ছাত্ৰীসকলে Bakery আৰু Commercial Laundry ৰ যোগেদি কেনেদৰে সংস্থাপন লাভ কৰিব পাৰে তাৰ বিষয়ে জানিবলৈ দিয়ে । আগলৈও এনেধৰণৰ বিনামূলীয়া কেৰিয়াৰ কৰ্মশালাত অংশ গ্রহণৰ বাবে আগ্রহী ছাত্র-ছাত্রী তথা অভিভাৱকসকলে ৯১২৭০৬১০০০, ৯১২৭০৬৩০০০ ,৯১২৭০৬৪০০০ এই তিনিটা ফোন নম্বৰ অথবা ই-মেইল [email protected] ত যোগাযোগ কৰিব পাৰিব বুলি শিক্ষা প্ৰতিষ্ঠানখনৰ সঞ্চালিকা তুলিকা হাজৰিকাই জনাইছে ।

Leave A Reply

Your email address will not be published.