গৃহিণীৰ পৰা চাহ বাগানৰ পৰিচালিকালৈ

9 507

15
গৃহিণী কাক কয় ? গৃহিণীৰ দায়িত্ব কি আপোনাক নিশ্চয়কৈ জনোৱাৰ প্ৰয়োজন নাই। সচৰাচৰ গৃহিণীৰ সংজ্ঞা এটা ঘৰৰ মাজতে আৱদ্ধ থাকে । আজি আপোনালোকক সন্মুখলৈ এনে এগৰাকী গৃহিণী সফলতাৰ কাহিনী আগবঢ়াইছো, যি গৰাকী গৃহিণীয়ে ঘৰ, সমাজৰ উপৰিও নিজৰ কৰ্মৰ পথত সফলতাৰে বাট বুলি এক আদৰ্শ, প্ৰেৰণা, উৎস হৈ পৰিছে।
 
 
আজি ক’ব বিচাৰিছো বোকাখাত জ্যোতিপুৰৰ মহিলা মালা গগৈৰ কথা । উল্লেখযোগ্য যে মালা গগৈ নামৰ মহিলা গৰাকীয়ে সম্প্ৰতি চাহ বাগানৰ পৰিচালিকাৰ লগতে বিভিন্ন ব্যৱসায়ৰ লগত জড়িত হৈ আছে । তেখেতে বিভিন্ন সামাজিক ক্ষেত্ৰৰ কামৰ বাবে বিভিন্ন সময়ত মন্দিৰ অথবা নাম ঘৰ প্ৰতিষ্ঠাৰ অৰ্থে ভূমি দান কৰিছে । মালা গগৈৰ চাহ বাগানৰ সমীপৱৰ্ত্তী ৩০০ পৰিয়ালক চাহ বাগানৰ কৰ্মী হিচাপে কেৱল নিয়োগ কৰায়ে নহয় গৃহ নিৰ্মাণ, খোৱা পানী আৰু বিদ্যুৎ সংযোগৰ ব্যৱস্থা কৰি দিছে। আচলতে সমাজৰ বাবে কাম কৰি ভালপোৱা, মাটিৰ মানুহৰ মাজত থাকি অপাৰ আনন্দ,পৰিতৃপ্তি লাভ ব্যক্তি আজিও আমাৰ সমাজৰ পৰা নিঃশেষ হৈ যোৱা নাই। যাৰ বাবে আমাৰ সমাজখন সমাজ হিচাপে আজিও বাৰ্ত্তি থাকিবলৈ সক্ষম হৈছে । মালা গগৈ ইয়াৰ অন্যতম উদাহৰণ।
 
4
 
মালা গগৈয়ে কেৱল চাহ বাগান পৰিচালনা লগত জড়িত নহয়, তেখেত গাড়ী আৰু হোষ্টেলৰ ব্যৱসায়ৰ লগত জড়িত হৈ আছে । সততে বোকাখাত অঞ্চলত মালা গগৈৰ পৰিচয় প্ৰয়াত প্ৰদীপ গগৈৰ পত্নী। স্মতৰ্ব্য যে, এই চাহ বাগানৰ ব্যৱসায়টো পৰিয়ালকেন্দ্ৰিক ভাবে এক পৰম্পৰা হিচাপে চলি আহিছে ।
 
উদ্যমী মালা গগৈক তেখেতৰ সমন্ধে জানিব বিচৰাত এনে দৰে কয়- মোৰ শিক্ষা জীৱন আৰম্ভ হৈছিল গোলাঘাটত । গোলাঘাটৰ ছোৱালী মহাবিদ্যালয়ৰ পৰা হাইচেকেণ্ডৰী পৰিক্ষাত উৰ্ত্তীণ হৈ বোকাখাতৰ প্ৰদীপ গগৈৰ লগত বিবাহ পাশত আবব্ধ হঁও। ইয়াৰ পিছতে আমাৰ মাজলৈ আমাৰ ২(দুই) সন্তান আহে। চাহ বাগানৰ ব্যৱসায়টো মোৰ শহুৰ দেউতাৰ আছিল । শহুৰ দেউতা নথকাত তেখেতৰ পুত্ৰ অৰ্থাৎ মোৰ স্বামী প্ৰদীপ গগৈয়ে ব্যৱসায়ৰ লগত জড়িত আছিল। এদিন হঠাৎে স্বামী বিয়োগ হোৱাত সমস্ত ব্যৱসায়ৰ দায়িত্ব মোৰ ওপৰত আহি পৰে । প্ৰথম অৱস্থাত চাহ বাগানৰ সমস্ত কাম পৰিচালনা কৰা যথেষ্ট কষ্ট হৈছিল। কিয়নো মোৰ বাবে এইটো কাম নতুন আছিল । অৱশেষত দিন যোৱাৰ লগে লগে সমস্ত দায়িত্ব চম্ভালি ল’বলৈ সক্ষম হ’লো । শহুৰ দেউতাৰ দিনৰে পৰা চাহ বাগানৰ কৰ্মী সকলৰ পৰিয়াল থাকিব পৰা কৈ পকী ঘৰ বনাই দিছিল । সম্প্ৰতি মোৰ দিনত সেই ৩০০ পৰিয়ালোক পানী আৰু বিদ্যুৎৰ ব্যৱস্থা কৰি দিছো । বাগানত আদিবাসী লগতে কাৰ্বি মানুহ শ্ৰমিক হিচাপে ৰ্কমৰত হৈ আছে ।10
 
অৱশ্যে মালা গগৈ চাহ বাগানৰ ব্যৱসায়ৰ লগত জৰিত হোৱাৰ পূৰ্বে বিভিন্ন জাতি- জনজাতি সাজপোচাকৰ এখন বুটিক আৰম্ভ কৰিছিল। গগৈৰ বুটিক নামেৰে নামাংকিত বুটিক খনত মালা গগৈয়ে ডিজাইন কৰা সাজ –পোচাক ৰ লগতে ঘৰ সজোৱা সামগ্ৰী উপলব্ধ আছিল । উল্লেখযোগ্য যে ১২ গৰাকী শিপিনীয়ে (মালা গগৈয়ে প্ৰস্তুত কৰা ডিজাইন অনুসৰি) সকলোবোৰ প্ৰস্তুত কৰি তুলিছিল। চাদৰ, মেখেলাৰ পৰা আৰম্ভ কৰি ৰ্কুত্তি, ৰেপাৰ, বিচনা চাদৰ, গাৰু কভাৰ আদিলৈকে উপলব্ধ আছিল । বুটিকৰ ব্যৱসায়টো খুব ভালেই চলিছিল । কিন্তু তেঁওৰ স্বামী প্ৰদীপ গগৈ হঠাৎে বিয়োগ ঘটাত চাহ বাগানৰ ব্যৱসায় কান্ধ পাতি ল’ব লগা হয়, আৰু সময়ৰ অভাৱৰৰ বাবে বুটিকৰ ব্যৱসায় স্থগিত ৰাখিব লগা হয়।
 
 
আজৰি সময়ত গীটাৰ, পীয়ানো বজাই আৰু গৃহসজ্জাৰ ইণ্টাৰিঅ ডিজাইন কৰি মালা গগৈ য়ে সময় অতিবাহিত কৰে। ইণ্টাৰিঅ ডিজাইনৰ প্ৰশিক্ষণ গ্ৰহণ নকৰিলেও তেখেতৰ সম্পৰ্কিত বন্ধু -বান্ধৱীৰ ঘৰ সজোৱাৰ ডিজাইন প্ৰস্তুতৰ পৰা আদি কৰি ঘৰৰ আৰ্হি প্ৰস্তুত কৰে লৈকে মালা গগৈয়ে নিজে কৰি দিয়ে বুলি NE FOCUS ক জানিবলৈ দিয়ে । মালা গগৈ অনাগত দিনবোৰত আৰু আগুৱাই যাওক । NE FOCUS ৰ ফালৰ পৰা থাকিল বহু শুভকামনা ।
 

9 Comments
  1. Dipanka says

    Good

  2. Dr Madhumita Chetia says

    Mala feel proud of u. Keep it up.

  3. Bikram Dutta. says

    I have seen few women entrepreneurs in Assam ,but this lady is slightly different from them . Wish you best wishes for your bright future.

  4. Manjil says

    Proud of u mala mahi..!! ?

  5. Madhab Das. says

    Bahut vl kam koise

  6. Dipti Deori Borah says

    আপুনি আমাৰ গৌৰৱ

  7. dr. d. borah says

    For any kind of assistance from Tea Board , you may please contact to me.It will be my pleasure to help such type of entreprenures ….
    #8011119798

  8. prasanta deva sarmah says

    এনে উদ্যোমী নাৰী
    সকলোৰে অনুপ্ৰেৰণাৰ উৎস

  9. admin says

    সকলোকে অশেষ ধন্যবাদ

Leave A Reply

Your email address will not be published.