হিউমেন কম্পিউটাৰৰ বায়’পিকে অভিলেখ গঢ়িলে

0 270

আমাৰ সমাজত আজিও কিছু সংখ্যক ব্যক্তি আছে, তেওঁলোকৰ অদ্ভূত শৈলী, দক্ষতাৰ বাবে সমাজত বিশেষ স্থান দখল কৰিবলৈ সক্ষম হৈছে। আৰু সেই দক্ষতা বা শৈলীৰ সম্পৰ্কত বহু সময়ত বিজ্ঞানেও এই বাখ্যা আগবঢ়াব পৰা নাই।
 
 
 
তেনে এগৰাকী মহিলা হ’ল শকুন্তলা দেৱী। যাক হিউমেন কম্পিউটাৰ নামেৰে জনা যায়। ১৯২৯ চনত বাংগালোৰত জন্ম গ্ৰহণ কৰা শকুন্তলা দেৱীৰ অদ্ভূত দক্ষতা আছিল। গণিত বা অংক গণনাৰ অবিহনে সমাধান সূত্ৰ উলিয়াব পাৰিছিল।কিন্তু আচৰিত কথা যে কোনো ধৰণৰ আনুষ্ঠানিক শিক্ষাৰ অবিহনে শকুন্তলা দেৱীয়ে এনে অসাধ্য সাধন কৰিছিল।
 
 
 
কিছু বছৰৰ আগৰ কথা। শকুন্তলা দেৱীৰ দেউতাক এগৰাকী শিল্পী আছিল ।সেই সূত্ৰে শকুন্তলাই চাৰ্কাছৰ লগত জড়িত হৈ পৰিছিল। এবাৰ ৰাস্তাত চাৰ্কাছ প্ৰদৰ্শন কৰোতে শকুন্তলা দেৱীৰ এই দক্ষতাৰ কথা পোহৰলৈ আহিছিল।
 
 
আটাইতকৈ ডাঙৰ কথা হ’ল এয়ে যে যিমানেই জটিল গণিত নহওক ,কিয় শকুন্তলা দেৱীয়ে মাত্ৰ ৩৮ ছেকেণ্ডত সমাধান কৰিছিল। জীৱনৰ বিয়লি সময়খিনিত বিভিন্ন গ্ৰন্থ ৰচনা কৰা লগতে সমাজকর্মী হিচাপেও আত্মপ্ৰকাশ কৰিছিল। প্ৰসংগক্ৰমে উল্লেখযোগ্য যে দ্ৰুত গণনা শক্তিৰ বাবে গীনিজ বুকে তেখেতক স্বীকৃতি প্ৰদান কৰিছিল।এই গৰাকী মহীয়সী নাৰী ২০১৩ চনৰ ২১ আগষ্টত মৃত্যু হয়।
 
 
 
তেখেতৰ মৃত্যু পিছত ২০১৯ চনত বায়ো’পিক নিৰ্মাণৰ কাম অনু মেননে হাতত লয়। আৰু পৰৱৰ্তী সময়ত চলিত বৰ্ষৰ ৩১জুলাইত এমাজন প্ৰাইমত ছবিখন মুক্তি লাভ কৰাৰ পিছতেই ৰেকৰ্ড গঢ়ে। শকুন্তলা দেৱীৰ মূল চৰিত্ৰত অভিনয় কৰিছে বিদ্যা বালানে।

Leave A Reply

Your email address will not be published.