শৈক্ষিক অভিযানত ব্ৰতী হৈছে গ’ গ্ৰীণ অৰ্গেনাইজেশ্বন

0 289

ক’ৰণা ভাইৰাছে অতিমাৰীৰ ৰূপ ধাৰণ কৰা বাবেই দেশত যোৱা মাৰ্চ মাহতে চৰকাৰে তলাবন্ধ ঘোষণা কৰিছিল৷ সেই মৰ্মে বন্ধ হৈ পৰিছিল দেশৰ সকলো শিক্ষানুষ্ঠান৷ বৰ্তমান সময়ত অসমৰ কিছু ঠাইত এই তলাবন্ধৰ কাৰ্য্যসূচী কিছু শিথিল হৈছে যদিও সকলো শিক্ষানুষ্ঠান এতিয়াও বন্ধ হৈ আছে৷ফল স্বৰূপে ছাত্ৰ ছাত্ৰীসকলৰ বহু লোকচানৰ সন্মুখীন হৈছে৷
 
 
এই ক্ষেত্ৰত যোৰহাটৰ এটি অন্যতম স্বেচ্ছাসেৱী সংস্থা গ’ গ্ৰীণ অৰ্গেনাইজেশ্বনে এক ব্যতিক্ৰমী পদক্ষেপ গ্ৰহণ কৰিছে৷  ছাত্ৰ-ছাত্ৰী সকলক পূৰ্বৰ দৰেই মানসিকভাৱে সবল তথা শৈক্ষিক ক্ষেত্ৰত কিছু পৰিমাণে হ’লেও সহায় কৰাৰ লক্ষ্যৰে “কিতাপ পঢ়ো আঁহা ” শীৰ্ষক এক বিশেষ কাৰ্যসূচী হাতত লৈছে।
 
 
 
তলাবন্ধৰ সময়চোৱাৰ পৰাই অসমৰ বিভিন্ন ঠাইত থকা সংস্থাৰ সদস্যসকলে পাঠ্যক্ৰমৰ লগতে অন্যান্য বিভিন্ন বিষয়ত নিজ নিজ অঞ্চলৰ ছাত্ৰ-ছাত্ৰীসকলক সম্পূৰ্ণ চৰকাৰী নীতি নিৰ্দেশনা অনুসৰণ কৰি পাঠদান বা প্ৰশিক্ষণ প্ৰদান কৰি আহিছে।
খবৰ যুগুতালে লাহিঙৰ পৰা গোপাল কৃষ্ণ বাঢৈয়ে..

Leave A Reply

Your email address will not be published.