কৃষি বিষয়াই প্ৰদৰ্শনীমূলক ভাৱে ৰোপন কৰিলে শালি ধানৰ কঠিয়া

0 243

কেন্দ্ৰীয় চৰকাৰৰ সাহায্যপ্ৰাপ্ত আঁচনি, ৰাষ্ট্ৰীয় কৃষি বিকাশ যোজনা, আৰু পুৰ্বোত্তৰ ভাৰত সেউজ বিপ্লৱ আচঁনিৰ অধীনত হোজাই জিলাৰ বিভিন্ন প্ৰান্তত থকা কৃষক সকলে এইবাৰ প্ৰায় ১০০ হেক্টৰৰ মাটিত শালি ধানৰ হাইব্ৰিড আৰু ৬০০ হেক্টৰ মাটিত উচ্চ উৎপাদনক্ষম ধানৰ খেতি কৰিছে বুলি হোজাই জিলা কৃষি বিষয়া তৰুণ হাজৰিকা জানিব দিয়ে। তেখেতে জানিব দিয়া মতে হোজাই জিলা কৃষি বিষয়া কাৰ্য্যালয় অন্তৰ্গত ১০ টা কৃষি চক্ৰৰ অধীনত এই কাৰ্য্যসূচী ৰূপায়ন কৰা হৈছে। তাৰ বাবে প্ৰয়োজন হোৱা বীজৰ লগতে আনুসংগিক দ্ৰব্য যেনে চইল- এনৰিচাৰ, জৈৱিক সাৰৰ আৰু প্ৰয়োজন ভিত্তিক কীটনাশক ঔষধ উক্ত কৃষক সকলৰ মাজত যোগান ধৰাৰ বাবে কৃষি বিভাগে ইতিমধ্যে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিছে।
 
 
আনফালে কৃষক আৰু নব প্ৰজন্মক কৃষি কাৰ্যত উৎসাহিত কৰাৰ বাবে হোজাই জিলা কৃষি বিষয়া তৰুণ হাজৰিকাই এক বিশেষ উদ্যোগ হাতত লৈছিল। তাৰ অংশ হিচাপে যোৱা ৩১ জুলাইত লংকা ৰাজহ চক্ৰৰ অন্তৰ্গত ৰামসিং গাঁৱত হাইব্ৰিড ধানৰ বাবে বাচনি কৰা ধাননী পথাৰত কৃষি বিষয়া সকলে বোকাময় পথাৰত নামি শাৰীপাতি কঠিয়া ৰোপন কৰি এক প্ৰদৰ্শনী মূলক কাৰ্যসূচী ৰূপায়ন কৰে।
 
 
এই প্ৰদৰ্শনী মূলক কঠিয়া ৰোপন কাৰ্যসূচীত অংশগ্ৰহণ কৰে জিলা কৃষি বিষয়া তৰুণ হাজৰিকা, কৃষি উন্নয়ন বিষয়া ঝুমুৰ গোস্বামী, জ্ঞান প্ৰদীপ বৰগোহাঁই,ময়ূৰতৃষ্ণা ৰাজখোৱা,সুকন্যা গগৈ,সোনমিলি তেৰাংপি, আৰু কৃষি পৰিদৰ্শক জোন বৰুৱা।তাৰ পাছতেই কৃষি বিষয়াৰ দলটোৱে নখুটি,চাৰ্কেবস্তি আদি গাঁৱত উপস্থিত হৈ স্থানীয় কৃষক সকলে কৰা হালধি খেতি পৰিদৰ্শন কৰি খেতিয়ক সকলৰ লগত মত বিনিময় কৰে। লগতে কৃষক সকলক প্ৰয়োজনীয় দিহা পৰামৰ্শও আগবঢ়ায়।
খবৰ যুগুতালে মোৰাঝাৰৰ পৰা ছাদিকুজ জামানে..

Leave A Reply

Your email address will not be published.