মিঠাৰে মন ভৰোৱা কেইবিধমান খাদ্য

0 268

চুইট ডিচ অথবা মিঠা আহাৰৰ প্ৰতি সকলোৰে সাংঘাতিক দুৰ্বলতা থাকে।কেতিয়াবা  মনটো যদি বেয়া লাগি থাকিলে ও মুখত যদি মিঠাৰ আহাৰৰ সোৱাদ লাগি যায়, মনটো প্ৰফুল্লতাৰে ভৰি পৰে,নহয়নে!আজি NE Focus ত ঘৰতে অতি সহজতে বনাব পৰা, সকলোৰে প্ৰিয় কেইবিধমান মিঠা আহাৰ প্ৰকাশ কৰা হ’ল। এই ৰেচিপি সমুহ আমালৈ প্ৰেৰণ কৰিলে গুৱাহাটী হাতীগাওৰ সুজাতা পাঠক বৰাই।

 

মাকাৰনীৰ খীৰ ।  Macaroni kheer

IMG-20160928-WA0014

একেবাৰে সহজ আৰু খাবলৈ সুস্বাদু ।  এবাটি মাকাৰনী এক লিটাৰ গাখীৰত উতলাব । চেনি দি, ইলাচি দিব।  জাইফল গুৰি দিব । উতলি গাখীৰ গাঢ়া হলে নিজৰ ইচ্ছামতে যিকোনো ফ্লেভাৰ এদ কৰিব । মই honey badam drops ব্যৱহাৰ কৰিছো লগতে অলপ saffron flavour হৈ গ’লে ওপৰে ওপৰে Dry Fruits দি নমাই থব ।

কাষ্টৰ্ড

  IMG-20160928-WA0015
ইয়াৰবাবে দৰকাৰী সামগ্ৰী সমুহ হৈছে–
আধা লিটাৰ গাখীৰ
৪ টা কনী
১ কাপ চেনি
ভেনিলা আৰু কেশৰ বাদাম ফ্লেভাৰ
এই গোটেই বস্তুখিনি ভালকৈ ফিটি লৈ মাইক্ৰোৱেভৰ বাচনত দি মাইক্ৰোৱেভ ট্ৰে খনত দুই ইঞ্চি পানী দি তাতে পুদিঙৰ বাচনটো দি তলত দিয়ামতে সময় আৰু temperature adjust কৰি দিব ।
Microwave – 230c 35-44 min convection mode ..
 

কেশৰী ফিৰণী

IMG-20160928-WA0016

কেশৰী ফিৰণী হৈছে এবিধ সুস্বাদু খাদ্য । ভাৰতৰ উত্তৰ পশ্চিম প্ৰান্তত ইয়াৰ প্ৰসাৰ বেছি। তাৰোপৰি পাকিস্থান আদিতো উৎসৱ পাৰ্বনত খাই । অসমতো ইছলাম ধৰ্মাৱলম্বী লোক সকলৰ কেইটামান গুৰুত্বপূৰ্ণ উৎসৱ আৰু সকাম আদিত বনোৱা হয় । সাধাৰণতে ইয়াক চাউলৰ গুৰিৰে বনাই মাটিৰ পাত্ৰত ঠাণ্ডা কৰি পৰিৱেশন কৰে। কিন্তু মই টুইষ্ট দিছো অলপ মেকাৰণী আৰু চুজিৰে।

এক লিটাৰ গাখীৰ ভালকৈ উতলাই লৈ এক মুঠি মেকাৰণী দি । তাৰপিছত আধা কাপ চুজি দি  অলপ ঠাণ্ডা গাখীৰত গুলি লৈ একেলগে উতলিব দিব । দুটা ইলাচি একাপ চেনি অলপ Dry Fruits  চব একেলগে দি ভালকৈ উতলাই কেই দ্ৰপ মান ভেনিলা ফ্লেভাৰ আৰু আধা টিন মিল্কমেইদ দিব । মেকাৰণীখিনি কোমল হোৱাৰ পিছত নমাই ওপৰে ওপৰে আগতে তিয়াই থোৱা saffron পানীৰে সৈতে দি গোলাপৰ পাহীৰে সজাই দিব । মই গোলাপৰ পানী দিয়া নাই তাৰ ঠাইত ভেনিলা দিছো আপোনালোকে গোলাপৰ পানী দিব পাৰে যদি ভাল পায় ।
 
 

লেখক- সুজাতা পাঠক বৰা

 

Leave A Reply

Your email address will not be published.