অনুপ্ৰেৰণাৰ অন্যতম নাম

0 279

IMG-20160927-WA0005

সৃষ্টিশীল কামে সকলোৰে মনত আনন্দৰ খেৰাক যোগায়। সকলোতকৈ ডাঙৰ কথা, কোনো ব্যক্তিৰ মাজত যেতিয়া সৃষ্টিশীল প্ৰতিভা থাকে, সঠিক সময়ত ব্যৱহাৰ কৰিলে, সেই প্ৰতিভা সমাজত কেতিয়াও অথলে না্যায়। আচলতে ক’বলৈ গ’লে মানুহৰ ভাব চিন্তাৰ যিদৰে সীমনা নাই, সৃষ্টিশীলতাও কোনো পাৰাপাৰ নাই। পূৰ্বেই উল্লেখ কৰা হৈছে যে NE Focus য়ে ভাল কামৰ লগত জৰিত জনক সমাজৰ আগত দাঙি ধৰাৰ এক প্ৰয়াস কৰিব। পূৰ্বৰ প্ৰতিশ্ৰুতি অনুসৰি ভাল খবৰ সন্ধানত আমি গৈছিলো বৰপেটা সৰভোগলৈ। লগ পাইছিলো এগৰাকী উদ্যমী মহিলাক। উল্লেখযোগ্য যে তেখেতৰ সৃষ্টিশীলতাই সমাজত এক নৱ আলোকৰ সন্ধান দিছে।

IMG-20160927-WA0004

তেখেত কৃষ্ঞা কুমাৰী তালুকদাৰ। সুকুমাৰ কলাৰ এগৰাকী প্ৰশিক্ষিকা। উল্লেখ যোগ্য যে তেখেতে প্ৰায় এটা দশক জুৰি বিভিন্ন প্ৰশিক্ষাৰ্থীক প্ৰশিক্ষণ প্ৰদান কৰি আহিছে। তালুকদাৰৰ দ্বাৰা প্ৰশিক্ষণ প্ৰাপ্ত বহু প্ৰশিক্ষাৰ্থীয়ে লাভ কৰিছে কৰ্ম সংস্থাপন । সেয়ে আজি কৃষ্ঞা কুমাৰী তালুকদাৰ সামাজিক উদ্যমী হিচাপে পৰিচিত। কেৱল এয়াই নহয় তেখেতে “মহেশ্বৰী” নামৰ এখন বৃহৎ প্ৰতিষ্ঠানো পৰিচালনা কৰে।

IMG-20160927-WA0002

বিভিন্ন কাৰণবশতঃ আনুষ্ঠানিক শিক্ষাৰ পৰা বিৰত হৈছিল যদিও তেখেতে কৰি ভালপোৱা এটা কামেৰে কৰ্ম জীৱন আৰম্ভ কৰিছিল। ১৯৯২ চনৰ কথা। পোনপ্ৰথমে মেট্ৰিক পাচ কৰিয়েই চিলাইৰ প্ৰশিক্ষিকা হিচাপে বিভিন্ন ঠাইত বিভিন্ন প্ৰতিস্থানত,বহু বছৰ কৰ্মৰত আছিল। ২০০৩ চনৰ পৰা আৰ্ট কৰা,প্ৰেইণ্টিং বনোৱা, ভাস্কয শিল্প তৈয়াৰ ঘৰতে কৰিছিল। তেখেতৰ নিপুণ হাতৰ কৰ্মত মুগ্ধ হৈ সেই অঞ্চলৰে শিল্পী দিলীপ নাথে আৰ্টিষ্ট গীলডত প্ৰশিক্ষিকা হিচাপে নিয়োগ কৰে। ইয়াৰ পিছত তালুকদাৰে আৰু পিছলৈ ঘুৰি চাবলগীয়া হোৱা নাই। সুকুমাৰ কলাৰে ৰচি গৈছে জীৱনৰ সোপান।

IMG-20160927-WA0003

ইয়াৰ সমান্তৰালভাৱে নিজাকৈ এক ব্যৱসায়িক প্ৰতিষ্ঠানো গঢ় দিছে। স্মতৰ্ব্য যে সেই প্ৰতিষ্ঠান খনত মানুহৰ দৈনন্দিন জীৱনত ব্যৱহাৰ হোৱা সকলো সানগ্ৰী উপলব্ধ। এগৰাকী নাৰী য়ে কিদৰে ইমানবোৰ অকলে পৰিচালনা কৰিছে জানিব বিচাৰাত তালুকদাৰে আমাক এনেদৰে কয়…. মোৰ প্ৰতিটো কামতে ভণ্টি, ভাগিন, ভাগিন বোৱাৰী, ভতিজা আৰু দাদাই সহযোগিতা আগবঢ়াই । তেখেত সকলৰ সহায়ৰ অবিহনে ইমান খিনি কৰিব পৰাটো অসম্ভৱ! সময় আৰু সন্মুখত অহা কামে জীৱনটোক আগুৱাই লৈ যাব বিচাৰো।

Leave A Reply

Your email address will not be published.