শিল্পীৰ মনৰ খবৰ

0 245

চাওতে চাওতে বিহু আহি পালেহি। চেনেহৰ বাপতি সাহোনক আদৰিবৰ বাবে গাঁৱে ভূঞে সকলোতে প্ৰস্তুতি চলিছে। শিপিনীয়ে তাঁতশালত গামোছা বৈছে আৰু গৃহিণীসকলে পিঠা পনাৰ বাবে প্ৰস্তুতি চলাইছে। ঠিক এই সময়তে ব্যস্ত হৈ পৰিছে শিল্পী সমাজ। মঞ্চ বিহুত অনুষ্ঠান পৰিবেশনৰ বাবে আগবঢ়া কেইজনমানৰ শিল্পীৰ মনৰ খবৰে আজি আগবঢ়ালো “শিল্পীৰ মনৰ খবৰ” শীৰ্ষক এক লেখা। আহকচোন জানো কেইজনমান শিল্পীৰ বিষয়ে .. নৱপ্ৰজন্মৰ অন্যতম জনপ্ৰিয় এগৰাকী শিল্পী হ’ল সুবাসনা দত্ত। মাৰ্জিত আচৰণ আৰু পোচাকেৰে জনসমাজত এক সুকীয়া আসন দখল কৰিবলৈ সক্ষম হোৱা শিল্পী গৰাকীয়ে nefocus.com ৰ আগত বিহুৰ প্ৰস্তুতিৰ সম্পৰ্কে এনেদৰে কয়- এপ্ৰিলৰ ১৫ তাৰিখৰ পৰা মঞ্চত বিহু পৰিবেশন কৰিম। ইতিমধ্যে প্ৰায় ২৫ খন মঞ্চ বুকিং হৈছে। মোৰ লগত সহশিল্পী থাকিব পংকজ দুৱৰা। প্ৰধানকৈ মোৰ জনপ্ৰিয় গীত সমূহৰ লগতে পুৰণি গীত সমূহ পৰিবেশন কৰিম। অৱশ্যে ৰাইজৰ পছন্দক অগ্ৰাধিকাৰ দিম। পোচাকৰ ক্ষেত্ৰত চাদৰ মেখেলা পৰিধান কৰিম।

আন এগৰাকী বৰ্ত্তমান সময়ৰ জনপ্ৰিয় শিল্পী হ’ল কুসুম কৈলাস। তেখেতে বিহুৰ প্ৰস্তুতিৰ সম্পৰ্কে nefocus.com ৰ আগত এনেদৰে কয় .. পোন প্ৰথমে সকলোকে বিহুৰ শুভেচ্ছা জনাইছো। মই গোটেই ব’হাগ মাহটোৱেই বিহু গাম। ১৪ এপ্ৰিলত মিৰ্জাৰ এখন মঞ্চৰ পৰা মঞ্চ বিহুৰ শুভাৰম্ভ কৰিম। এইবাৰ নিজৰ গানৰ লগতে কাৰ্বি আৰু বড়ো গান গোৱা চেষ্টা কৰিম। মোৰ গানবোৰৰ সুৰবোৰ ভিন্ন যদিও নৱপ্ৰজন্মই আকোঁৱালি লৈছে। টেণ্ডটো মানি লৈছে, তাত মোৰ ক’বলগীয়া একো নাই। হয়তো কিছু দিনৰ পিছত এই গানবোৰ পুৰণা হ’ব। ৰাইজে নতুন বিচাৰিব, সেইমতে মইও নতুনৰ সোৱাদ দিয়াৰ চেষ্টা কৰিম। এইবাৰ বিহুৰ মঞ্চত প্ৰথম দিনা চাবকন পৰিধান কৰি গান গোৱাৰ পৰিকল্পনা আছে।

মন জুৰোৱা সুৰ আৰু সুন্দৰ প্ৰকাশভংগীৰে গীত পৰিবেশন কৰা অন্যতম জনপ্ৰিয় শিল্পী হ’ল সীমান্ত শেখৰ। তেখেতৰ লগত হোৱা আছুতীয়া এক সাক্ষাৎকাৰত এনেদৰে কয়.. ইতিমধ্যে ২০ খন মান বিহু মঞ্চৰ বাবে বুকিং সম্পূৰ্ণ হৈছে। অসমৰ লগতে অসমৰ বাহিৰত গীত পৰিবেশনৰ বাবে চুক্তিবদ্ধ হৈছো। অৱশ্যে সময় আৰু স্বাস্থ্যৰ প্ৰতি গুৰুত্ব ৰাখি সকলো সিদ্ধান্ত ল’ম।

এয়া আছিল কেইগৰাকীমান শিল্পীৰ মনৰ খবৰ। এনে ধৰণৰ খবৰৰ বাবে লগ ইন কৰিবলৈ নাপাহৰিব.. www.nefocus.com

Leave A Reply

Your email address will not be published.