ইতিবাচক খবৰৰ সন্ধানত ২০১৬ বৰ্ষত এভূমুকি

2 293

আজি ৩১ ডিচেম্বৰ। বছৰৰ শেষৰ দিন। এই বছৰটোত বহুকেইটা ইতিবাচক খবৰে আমাৰ সামাজিক, ৰাজনৈতিক, অৰ্থনৈতিক সকলো ক্ষেত্ৰলৈ আশাৰ বতৰা কঢ়িয়াই আনিলে। আমাক নতুনৰ সন্ধান দিলে আৰু বহুক্ষেত্ৰতেই আশাৰে, হেপাঁহেৰে, পৰিপূৰ্ণতা হোৱাৰ, আগবঢ়াৰ সংকেত দিলে। তেনে কেইটামান ২০১৬ বৰ্ষৰ খবৰ থোৰতে জনাবলৈ লৈছো।
Priyadarshini Chatterjee
প্ৰিয় পাঠক, আমি দিব বিচাৰো সদায় ইতিবাচক খবৰ। যি খবৰে আপোনাক, আমাক আনন্দিত কৰি তোলে। তেন্তে আহকচোন ,পলম নকৰি এবাৰ বিগত বৰ্ষটো ঘুৰি চাও।

সকলোৱে পৰিবৰ্ত্তন বিচাৰে। পৰিবৰ্ত্তন বিচাৰে শিক্ষা, স্বাস্থ্য, দূৰ্নীতি সকলো ক্ষেত্ৰতে। ২০১৬ বৰ্ষটোত দুৰ্নীতিৰ, ক’লা বেহাৰ খন নিৰ্মূল কৰাৰ ক্ষেত্ৰত কিছু পৰিমাণে চৰকাৰে গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা দেখা গ’ল। উদাহৰণস্বৰূপে APSC ৰ কেলেংকাৰী বন্ধৰ কৰাৰ ক্ষেত্ৰত লোৱাৰ ভূমিকা এই ক্ষেত্ৰত উল্লেখ কৰিব পাৰি। আনহাতে সমগ্ৰ দেশতে আৰম্ভ হোৱা স্বচ্ছ ভাৰত অভিযান মিচনৰ প্ৰভাৱ, আমাৰ অসমৰ চুকে কোণে দেখা পৰিলক্ষিত হ’ল। জনসাধাৰণৰ মাজত এনে সজাগ সচেতনতাই সমাজলৈ জাগৰণ অনা দেখা গ’ল।

207017-545405-notess1
অৰ্থনীতিৰ ক্ষেত্ৰত দৃষ্টি দিলে পৰিলক্ষিত হয় যে ক’লা ধন নিৰ্মূল কৰাৰ ক্ষেত্ৰত গ্ৰহণ কৰা পদক্ষেপৰ বাবে জনসাধাৰণে কিছু পৰিমাণে অসুবিধাৰ সন্মুখীন হ’লেও ভাৰত চৰকাৰৰ মতে এই ব্যৱস্থাৰ দ্বাৰা দেশৰ পৰা ক’লা ধন বেহাৰ ৰোধ কৰাত সম্ভৱপৰ হ’ব। দেশৰ অৰ্থনীতিত সুস্থিৰ অৱস্থা ঘুৰি আহিব।
ইয়াৰ উপৰিও নকৈ গ্ৰহণ কৰা চৰকাৰৰ ডিজিটেল ইণ্ডিয়াৰ আঁচনিয়ে অসমৰ মৰিগাওঁ জিলাৰ চাতনগুৰি নামৰ এখন গাৱত কাৰ্য্যকৰী হোৱা প্ৰসংগই তথ্য প্ৰযুক্তিয়ে যে নতুন দিগন্তৰ সুচনা কৰিছে, ইয়াৰ ইংগিত বহন কৰে।
এতিয়া আহো কেইটামান ৰাষ্ট্ৰীয় আন্তৰাষ্ট্ৰীয় পৰ্য্যায়ত দৃষ্টি আকৰ্ষণ কৰিব পৰা কেইটামান খবৰলৈ। অসমৰ ইতিহাসত উল্লেখনীয় প্ৰসংগৰ হোৱা দিশে ধাৱমান হৈছে অসম সচিবালয়ে। উল্লেখযোগ্য যে মুখ্যমন্ত্ৰীৰ আবেদন অনুসৰি অতি শীঘ্ৰে অসম সচিবালয়ৰ পৰা জনতা ভৱন নামেৰে জনা যাব।
২০১৬ বৰ্ষৰ অসম উপত্যকা বঁটা ঘোষণা কৰিছে অৰূপা কলিতা পটংগীয়ালৈ।
তৃতীয়তে, পোনপ্ৰথম বাৰৰ বাবে দক্ষিণ এছিয়া ক্ৰীড়া সমাৰোহ খন ২০১৬ বৰ্ষতে অনুষ্ঠিত হয়। ইয়াৰ জৰিয়তে দেশী বিদেশী ক্ৰীড়াৰ লগত জড়িত তথা ক্ৰীড়া প্ৰেমী সকলৰ সমাগম হয়।
চতুৰ্থতে ,বিশ্বসুন্দৰী প্ৰতিযোগিতাত ভাৰত সুন্দৰীৰ খিতাপ জয় কৰিলে প্ৰিয়দৰ্শিনী চেৰ্টাজীয়ে। উল্লেখযোগ্য যে প্ৰিয়দৰ্শিনীয়ে হ’ল এই সন্মান আজুঁৰি অনা প্ৰথম গৰাকী যুৱতী।
পঞ্চমতে টেনিচ উইম্বলডনত, তানিশা কাশ্যপে অসমৰ নাম ৰাখিবলৈ সক্ষম হ’ল। উল্লেখযোগ্য যে তানিশাই ভাৰতবৰ্ষক প্ৰতিনিধিত্ব কৰিছিল।
ষষ্ঠতে অংগৰাগ পাপন মহন্তই এইবৰ্ষটোত ৫ টাকৈ ৰাষ্ট্ৰীয় সংগীত বঁটা লাভ কৰিবলৈ সক্ষম হয়।
সপ্তমতে, সন্মানীত পুলিৎজাৰ বঁটাৰে অমেৰিকা যুক্তৰাষ্ট্ৰত জিলিকিল এগৰাকী নাৰী। স্মৰ্তব্য যে সংঘামিত্ৰা কলিতাই ব্ৰেকিং নিউজ শিতানত এই বঁটা লাভ কৰে ।
এয়া আছিল থোৰতে ,  বৰ্ষটোত ৰাষ্টীয়-আন্তৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰা বহুকেইগৰাকী ভিতৰৰ কেই গৰাকীমানৰ খবৰ।
আগন্তুক বৰ্ষৰ নতুন খবৰ, নতুন সন্ধানৰ বাবে সমগ্ৰ দেশৰ লগতে আমিও অপেক্ষাৰত। ন-বৰ্ষটো আশাৰ বৰ্ষ হওঁক, সাফল্যৰ বৰ্ষ হওঁক তাকে কামনা কৰিলো। 

2 Comments
  1. Bandana Gogoi says

    Hundor upasthapon..

  2. দীপাংকৰ বৰুৱা says

    ভাল লাগিল পঢ়ি

Leave A Reply

Your email address will not be published.