অৰ্কিড সংৰক্ষণৰ জৰিয়তে আশাৰ বতৰা কঢ়িয়াইছে ক্ষণজিতে

1 313

মনত উদ্যম থাকিলে যিকোনো পৰিস্থিতিতেই যিকোনো কাম কৰাটো সম্ভৱপৰ হয়। হয়তো প্ৰাৰম্ভিক সময়ত আপুনি সেই কামৰ বাবে উপযুক্ত পৰিবেশ তথা মূল্য নাপাব পাৰে, কিন্তু এই কথা ঠিক যে সময় সকলোৰে মহৌষধ। কথাষাৰ মিছা নহয়। এবাৰ ব্যক্তিগত অভিজ্ঞতাৰ পৰাই ভাবি চাবচোন!

_DSC0026

এজন বিশেষ ব্যক্তি। তেওঁৰ আছে এক ব্যতিক্ৰমী নিচা । এই নিচাৰ লগত কিছু সময় মিতিৰালি কৰিবলৈ গৈ বহু সময়ত ঠেকা খাইছে। পিছে তেওঁ কোনো ক্ষেত্ৰতে পিছহুহঁকা নাই, বাদ দিয়া নাই নিজেই ভালপোৱা কামটো কৰিবলৈ। কাৰণ তেওঁ এজন প্ৰকৃত উদ্যমী।

_DSC0881

শেহতীয়াকৈ ব্যক্তিজনে লাভ কৰিছে এক আন্তঃৰাষ্ট্ৰীয় স্বীকৃতি। সেয়েহে আজি এই বিশেষ ব্যক্তিজনক আপোনাৰ সন্মুখলৈ লৈ আনিছো। আহকচোন তেওঁৰ বিষয়ে জানো।

DSC_0018

তেখেত ক্ষণজিৎ গগৈ। ডুমডুমাৰ দাইচাজানৰ বাসিন্দা। এখন হাইস্কুলৰ বিজ্ঞান শিক্ষক। গগৈয়ে ২২ বছৰ ধৰি অৰ্কিড সংৰক্ষণ, চিনাক্তকৰণ আৰু অৰ্কিড বংশ বৃদ্ধি ঘটোৱা প্ৰচেষ্টাৰ লগত জড়িত হৈ আছে। গগৈয়ে ৪৫০ বিধৰো অধিক প্ৰজাতিৰ অৰ্কিড সংৰক্ষণৰ জৰিয়তে বিশ্বজনীন সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে। এই সম্পৰ্কে ক্ষণজিৎ গগৈ পৰা জানিবলৈ বিচৰাত এনেদৰে কয়- মই ১৯৯৪ চনৰ পৰা অৰ্কিড সংৰক্ষণৰ লগত জড়িত হৈ আছো। মেট্ৰিক দিয়াৰ বয়সতে বিশেষকৈ কপৌফুলৰ প্ৰেমত পৰিছিলো। বিহুত যেতিয়া (ঘৰৰ ওচৰৰ) নাচনি বিলাকে কপৌফুল পাত চিঙি গছজোপা পেলাই থৈ গৈছিল, তেতিয়া সেই গছবোৰ মই নি সযতনেৰে জীয়াই তুলিছিলো সেয়াই আৰম্ভণি আছিল।

IMG_7718

এনেদৰে অৰ্কিডৰ সন্ধানত পাহাৰ ভৈয়ামত গৈ নামি পৰিছিলো। বহুতে উপহাস কৰিছিল, অভাৱনীয় বহু সংঘাতে লগ এৰি দিয়া নাছিল। ইয়াৰ সমান্তৰালভাৱে অৰ্কিড চিনাক্তকৰণৰ সম্পৰ্কে অধ্যয়ন কৰিছিলো।

স্মতৰ্ব্য যে ক্ষণজিৎ গগৈৰ ওচৰত ইতিমধ্যে ৪৫০ বিধ প্ৰজাতি অৰ্কিড সংৰক্ষণ হৈ আছে। তেখেতে বিভিন্ন সময়ত স্কুল, কলেজত অৰ্কিড সংৰক্ষণ, চিনাক্তকৰণৰ সম্পৰ্কে সজাগতা সভা, কৰ্মশালা আদি অনুষ্ঠিত কৰি আহিছে।

_DSC0092

ক্ষণজিৎ গগৈৰ মতে উত্তৰ পূৰ্বাঞ্চলত বহু প্ৰজাতিৰ অৰ্কিড আছে । কিন্তু এই কথা বহুতে নাজানে । উত্তৰ প্ৰজন্মৰ সহায় হোৱাৰ বাবে মোৰ এই প্ৰচেষ্টা অব্যাহত ৰাখিম। মোৰ ঘৰতে অৰ্কিডৰ ওপৰত অধ্যয়নৰ বাবে Study Centre ৰ বাবে ব্যৱস্থা আছে। ইচ্ছুকসকলে বিনামুলীয়াকৈ অধ্যয়ন কৰিব পাৰে।

_DSC0140-1

তেখেতৰ এনে প্ৰচেষ্টাৰ প্ৰতি কৃতজ্ঞতা জনাই USA ৰ Research Fellow of McAllen International Orchid Society ৰ পৰা সন্মানিত কৰে। তেখেতৰ এনে কৃতিত্বৰ বাবে আমিও জনাইছো বহু বহু শুভকামনা। আগবাঢ়ি যাওক ক্ষণজিৎ গগৈ । উত্তৰ প্ৰজন্মক দি যাওক অমূল্য অৱদান।

1 Comment
  1. প্ৰাঞ্জল প্ৰতিম বৰা says

    অস্তিত্ব বিপদাপন্ন হোৱা অৰ্কিড সংৰক্ষণৰ ক্ষেত্ৰত গ্ৰহণ কৰা পদক্ষেপ সচাঁই আদৰণীয় ।।এইক্ষেত্ৰত চৰকাৰৰ পৰ্যটন বিভাগৰো আছে বিশেষ কৰণীয় ।।

Leave A Reply

Your email address will not be published.