বাগ্মিতা, কামেই যাৰ পৰিচয়

0 271

স্বাৱলম্বী হ’বলৈ মানসিক দৃঢ়তা অতি প্ৰয়োজন। আজিৰ দিনত প্ৰত্যেক গৰাকী ছোৱালীয়ে স্বাৱলম্বী হ’ব লাগে। কামৰ কোনো সৰু ডাঙৰ নাই। এই মন্তব্য তেজপুৰ বিশ্বনাথ চাৰিআলিৰ বাগ্মিতা বৰাৰ। উল্লেখযোগ্য যে বাগ্মিতা বৰাই ম’বাইল ফুড চেণ্টাৰৰ জৰিয়তে বিশ্বনাথ চাৰিআলিত বেচ জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈছে। তেওঁ নিজেই ম’মৰ বিভিন্ন ধৰণৰ খাদ্য, বিৰিয়ানী বিক্ৰী কৰি গ্ৰাহকৰ পৰা খুব ভালধৰণে সহাঁৰি লাভ কৰিবলৈ সক্ষম হৈছে। এনেধৰণৰ পেছা কিদৰে মনলৈ আহিল, জানিব বিচৰাত বাগ্মিতাই এনেদৰে কয়- পঢ়া শুনা শেষ কৰাৰ পিছত কিছু বছৰ গুৱাহাটীত প্ৰাইভেট চাকৰিত নিয়োজিত আছিলো। ইয়াৰ পাছত ঘৰলৈ ঘুৰি অহাৰ পিছত দেউতাৰ পৰা পইচা ল’বলৈ ভাল নলগা হ’ল। যিহেতু পৰৱৰ্ত্তী সময়খিনিত নিজৰ পইচাৰে চলিছিলো। নিজৰ সামৰ্থ অনুসৰি ম’বাইল ফুড ষ্টলখন অক্টোবৰ মাহৰ পৰা আৰম্ভ কৰো। গ্ৰাহকৰ পৰা খুব ভাল ধৰণৰ সহাঁৰি পাইছো। উল্লেখযোগ্য যে বাগ্মিতাই প্ৰতিদিনে গড়ে ৩০০০ টকাকৈ উপাৰ্জন কৰে। ভবিষ্যতে নতুনকৈ আন এখন প্ৰতিষ্ঠান খুলি বাগ্মিতাৰ দৰে ৩ গৰাকীক কৰ্মসংস্থাপন দিব বুলি বাগ্মিতাই মন্তব্য কৰিছে।

IMG-20161228-WA0028

এইগৰাকী অসমীয়া যুৱতীৰ কৰ্ম আৰু আদৰ্শক জনাইছো গ্ৰেণ্ড চেলুট।

Leave A Reply

Your email address will not be published.