এক সুকীয়া পৰিচয়ৰ গৰাকী

0 218

এজন নিষ্ঠাবান, সাহসী আৰু সফল জেষ্ঠ্য আৰক্ষী বিষয়া। যাৰ আছে অন্য এক প্ৰতিভা। বহু সময়ত এই বিষয়া জনক আপোনালোকে বিভিন্ন সাংস্কৃতিক মঞ্চত অথবা টি ভি চেনেলত গীত পৰিবেশন কৰা দেখি আহিছে। তথাপিও যি সকলে দেখা নাই সেইসকলক এই উচ্চ পদস্থ আৰক্ষী বিষয়া জনক পৰিচয় কৰি দিব বিচাৰিছো।

IMG-20170802-WA0028

তেখেত হৈছে এগৰাকী সুদক্ষ আৰু জেষ্ঠ্য আৰক্ষী বিষয়া ড০ শ্যামল প্ৰসাদ শইকীয়া। আৰক্ষীৰ দৰে দায়িত্বপূৰ্ণ কৰ্মত ব্ৰতী হৈ অতি সফল তথা সুদক্ষ বিষয়া হিচাপে নিজকে পৰিচয় দি সমাজ খনলৈ সেৱা আগ বঢ়োৱাৰ লগতে সংগীতৰ মাধ্যমেৰে হাজাৰ জনৰ মন মোহিত কৰিবলৈ সক্ষম হৈছে তেখেতে।

দৰাচলতে শৈশৱ কালৰে পৰাই গ্ৰাম্যঞ্চলৰ সৰু বৰ অনুষ্ঠানত গীত পৰিবেশনৰ জৰিয়তে সংগীতৰ জগত খনত ভৰি দি  ক্ৰমান্বয়ে বিদ্যালয়, মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়তো গীত পৰিবেশন কৰি সুকীয়া পৰিচয় জিনিবলৈ সক্ষম হৈছিল। একেসময়তে আকাশবানী গুৱাহাটীৰ যুৱবাণী অনুষ্ঠানতো গীত পৰিবেশন কৰিছিল।

IMG-20170802-WA0030 - Copy

গীত গোৱাৰ উপৰিও কৰ্মব্যস্ততাৰ মাজতে ড০ শইকীয়াই তিনিখন ডিজিটেল সৰু পৰ্দাৰ চিনেমাত অভিনয় কৰিছে। অলপতে দুখন অসমীয়া বোলছবিত (Seema- The Untold) আৰু ফল্গু গুৰুত্বপূৰ্ণ চৰিত্ৰত উচ্চ পৰ্য্যায়ৰ আৰক্ষী বিষয়া হিচাপে তেখেতে অভিনয় কৰাৰ সুযোগ পাইছে আৰু ইতিমধ্যে দুয়োখন বোলছবিৰ কাম চলি আছে।

IMG-20170802-WA0029

সংগীতৰ উপৰিও আজৰি সময়ত ড০ শইকীয়াই নতুনকৈ সাহিত্য চৰ্চাৰ পৰিকল্পনা কৰিছে বুলি তেখেতৰ লগত হোৱা কথা বতৰাৰ সময়ত জানিবলৈ দিয়ে।

এয়া আছিল অন্য এক ব্যতিক্ৰমী প্ৰতিভাৰ কিছু খবৰ। এনেধৰণৰ ইতিবাচক খবৰৰ বাবে লগ  অন কৰিবলৈ নাপাহৰিব www.nefocus.com

Leave A Reply

Your email address will not be published.