ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনীৰ (এন.চি.চি) বায়ু শাখাৰ গুৱাহাটীস্থিত ৫০ আছাম এয়াৰ স্কুৱাদ্ৰোণ ফ্লায়িং এন.চি.চি ইউনিটে লকডাউন কেন্দ্ৰীক পৰিস্থিতিৰ উন্নতি হোৱাৰ পাছত ৫ মাৰ্চৰ পৰা কেডেটৰ উৰণ অৰ্থাৎ ফ্লায়িং প্ৰশিক্ষণ কাৰ্য আৰম্ভ কৰিছে। ইউনিটৰ কমাণ্ডিং অফিচাৰ তথা ভাৰতীয় বায়ু সেনাত এজন অভিজ্ঞ পাইলট হিচাপে পৰিচিত গ্ৰুপ কেপ্তেইন ৰৱীন বিষ্ণয়ৰ তৎপৰতাত বৰঝাৰস্থিত লোকপ্রিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰৰ এয়াৰ ট্রেফিক কন্ট্ৰলৰ (এ.টি.চি) সহযোগত আৰম্ভ কৰা উৰণ প্ৰশিক্ষণ কাৰ্যসূচীত প্ৰথম দিনটোত তিনিজনী গাৰ্লছ আৰু এজন বয়সহ মুঠ চাৰিজন কেডেটক উৰণৰ প্রাৰম্ভিক প্ৰশিক্ষণ দিয়া হয়। গ্ৰুপ কেপ্তেইন ৰৱীন বিষ্ণয়ে চাৰিওজন কেডেটক পেট্ৰল চালিত অত্যাধুনিক প্ৰযুক্তিৰে নিৰ্মিত দ্বি-আসনযুক্ত মাইক্রলাইট এয়াৰ ক্ৰাফট “ভাইৰাছ এছ ডব্লিউ-৮০” লঘু বিমানত উৰণ প্ৰশিক্ষণ আগবঢ়ায়। সম্প্ৰতি বৰঝাৰ বিমানবন্দৰৰ এ.টি.চিৰ সেউজ সংকেত পালেই মাজে সময়ে কেডেটৰ এই উৰণ প্ৰশিক্ষণ কাৰ্যসূচী চলি থাকিব বুলি গ্ৰুপ কেপ্তেইন ৰৱীন বিষ্ণয়ে জানিবলৈ দিছে। উল্লেখযোগ্য যে বিগত বৰ্ষৰ ২৪ মাৰ্চত দেশজুৰি আৰম্ভ হোৱাৰ সময়ৰে পৰা এন.চি.চিৰ বায়ু শাখাৰ কেডেটৰ উৰণ প্ৰশিক্ষণ কাৰ্যসূচী বন্ধ হৈ আছিল।
Trending
- উন্নয়নমূলক সাংবাদিকতাৰ বাৰ্তা বাহক এন ই ফ’কাচ ডট কমে অতিক্রম কৰিলে সম্পূর্ণ ১০ বছৰ
- APRINS Launches Post-Flood Livelihood Restoration Initiative for Affected Families in Garmur Miri
- বন্দে মাতৰম ধ্বনিৰে মুখৰিত আকাশ – বতাহ – ভাৰতীয় বিমান বন্দৰ প্ৰাধিকৰণৰ উদ্যোগত বৰঝাৰত ৱাকাথন আৰু ত্ৰিৰংগা বাইক ৰেলী
- গুৱাহাটী বিশ্ববিদ্যালয়ত নৱাগত স্নাতকোত্তৰ শিক্ষাৰ্থী
- Assam Down Town University Holds an Interactive Session on Graphology Analysis
- Finance Minister Jayanta Mallabaruah Inspects Erosion Affected Jamuguri in Bihpuria- Directs Long-Term Protective Measures
- Minister Kaushik Rai Steps Up Efforts to Prevent Urban Flooding in Guwahati
- তামুলপুৰৰ নিৰ্মীয়মাণ মেডিকেল কলেজ আৰু নলবাৰী চিকিৎসা মহাবিদ্যালয় পৰিদৰ্শন স্বাস্থ্যমন্ত্ৰী অশোক সিংহলৰ
- NECTAR Inaugurates Common Facility Centre under PM-DevINE Scheme at Boko, Assam
- গুৱাহাটী বিশ্ববিদ্যালয়ত নিচামুক্ত যুৱকৰ দ্বাৰা বিকশিত ভাৰত সংকল্প অভিযান অনুষ্ঠিত