ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনীৰ (এন.চি.চি) বায়ু শাখাৰ গুৱাহাটীস্থিত ৫০ আছাম এয়াৰ স্কুৱাদ্ৰোণ ফ্লায়িং এন.চি.চি ইউনিটে লকডাউন কেন্দ্ৰীক পৰিস্থিতিৰ উন্নতি হোৱাৰ পাছত ৫ মাৰ্চৰ পৰা কেডেটৰ উৰণ অৰ্থাৎ ফ্লায়িং প্ৰশিক্ষণ কাৰ্য আৰম্ভ কৰিছে। ইউনিটৰ কমাণ্ডিং অফিচাৰ তথা ভাৰতীয় বায়ু সেনাত এজন অভিজ্ঞ পাইলট হিচাপে পৰিচিত গ্ৰুপ কেপ্তেইন ৰৱীন বিষ্ণয়ৰ তৎপৰতাত বৰঝাৰস্থিত লোকপ্রিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰৰ এয়াৰ ট্রেফিক কন্ট্ৰলৰ (এ.টি.চি) সহযোগত আৰম্ভ কৰা উৰণ প্ৰশিক্ষণ কাৰ্যসূচীত প্ৰথম দিনটোত তিনিজনী গাৰ্লছ আৰু এজন বয়সহ মুঠ চাৰিজন কেডেটক উৰণৰ প্রাৰম্ভিক প্ৰশিক্ষণ দিয়া হয়। গ্ৰুপ কেপ্তেইন ৰৱীন বিষ্ণয়ে চাৰিওজন কেডেটক পেট্ৰল চালিত অত্যাধুনিক প্ৰযুক্তিৰে নিৰ্মিত দ্বি-আসনযুক্ত মাইক্রলাইট এয়াৰ ক্ৰাফট “ভাইৰাছ এছ ডব্লিউ-৮০” লঘু বিমানত উৰণ প্ৰশিক্ষণ আগবঢ়ায়। সম্প্ৰতি বৰঝাৰ বিমানবন্দৰৰ এ.টি.চিৰ সেউজ সংকেত পালেই মাজে সময়ে কেডেটৰ এই উৰণ প্ৰশিক্ষণ কাৰ্যসূচী চলি থাকিব বুলি গ্ৰুপ কেপ্তেইন ৰৱীন বিষ্ণয়ে জানিবলৈ দিছে। উল্লেখযোগ্য যে বিগত বৰ্ষৰ ২৪ মাৰ্চত দেশজুৰি আৰম্ভ হোৱাৰ সময়ৰে পৰা এন.চি.চিৰ বায়ু শাখাৰ কেডেটৰ উৰণ প্ৰশিক্ষণ কাৰ্যসূচী বন্ধ হৈ আছিল।
Trending
- বৃন্দাবনী বস্ত্ৰ অসমলৈ অনাৰ ক্ষেত্ৰত লোৱা প্ৰচেষ্টাৰ বাবে মুখ্যমন্ত্রীক বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিলে মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে
- আই এ এছ এছ সৰ্বভাৰতীয় বৈজ্ঞানিক আৰু কাৰিকৰী চৰকাৰী ভাষা সন্মিলনৰ সামৰণি
- Investors accounts cross the milestone of 24 crore (240 million) on NSE
- ১৪ নৱেম্বৰৰ পৰা আৰম্ভ প্ৰাগজ্যোতিষপুৰ সাহিত্য উৎসৱ’২০২৫
- ১২ নৱেম্বৰত পৰ্যটকৰ বাবে পবিতৰা অভয়াৰণ্যত মুকলি হ’ব হাতী চাফাৰী
- Forest Minister Distributes Cheques to SHG Members
- ভাৰত-ৰাছিয়াৰ বৈজ্ঞানিক সহযোগিতাৰ বৃদ্ধিৰ বাবে ৰাছিয়াত উপস্থিত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ প্ৰতিনিধি দল
- অসম মহিলা অভিযন্তা সংস্থাৰ প্ৰতিষ্ঠা দিৱসত অভিযান্ত্ৰিক ডিগ্ৰী আৰু ডিপ্লমা পাঠ্যক্ৰমৰ মেধাৱী ছাত্ৰীক পুৰস্কাৰ প্ৰদান
- চলিত বিত্তীয় বৰ্ষৰ প্ৰথম ৭মাহত সৰ্বাধিক ৩৩৫.৬৭ কোটিৰো অধিক ৰাজহ সংগ্ৰহ কামৰূপ মহানগৰ জিলা পৰিবহণ বিভাগৰ
- খানাপাৰাত ত্ৰয়োদশ ভাৰত ঔদ্যোগিক মেলা শুভাৰম্ভণি অনুষ্ঠান