ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনীৰ (এন চি চি) গুৱাহাটী গ্ৰুপৰ অধীনৰ নৌ শাখাৰ গুৱাহাটীস্থিত ৪৮ আসাম নেভেল ইউনিটৰ কেডেট সকলে ইয়াৰ সামাজিক দায়বদ্ধতা আঁচনিৰ অংশহিচাপে ৩১ ডিচেম্বৰত চানমাৰিৰ গণসাৰথি বৃদ্ধাশ্ৰমত আবাসী সকলৰ মাজত সাহাৰ্য্য সামগ্ৰী বিতৰণ কৰে। এন চি চি ৰ গুৱাহাটী গ্ৰুপৰ গ্ৰুপ কমাণ্ডাৰ ব্ৰিগেডিয়াৰ জে চি তালুকদাৰৰ নেতৃত্বত নেভেল ইউনিটৰ ২৫ জনীয়া কেডেটৰ দলটোৱে আবাসী সকলৰ মাজত শীত নিবাৰণৰ বাবে কাপোৰ,কম্বল আৰু খাদ্য সামগ্ৰী বিতৰণ কৰে । এই উপলক্ষে অনুষ্ঠিত চমু অনুষ্ঠানত ব্ৰিগেডিয়াৰ জে চি তালুকদাৰে কেডেট সকলে যাতে সমাজ সেৱাৰ জৰিয়তে অভাৱগ্ৰস্ত প্ৰয়োজন অনুসৰি সহায়ৰ হাত আগবঢ়াব পাৰে তাৰ বাবে এন চি চি ৰ ফালৰ পৰা সময়ে সময়ে এনে ধৰণৰ কাৰ্যসূচী গ্ৰহণ কৰি অহা হৈছে।
Trending
- ২০০ খন বিছনাযুক্ত ওদালগুৰি জিলা অসামৰিক চিকিৎসালয় পৰিদৰ্শন- মন্ত্ৰী অশোক সিংহলৰ
- শাওণ মাহৰ প্ৰথমটো সোমবাৰত বোলবোম উপলক্ষে ভীমাশংকৰত হাজাৰ হাজাৰ ভক্তৰ সমাগম
- ইণ্ডিয়া-এআই মিছন : অসমৰ ৫ শিক্ষানুষ্ঠানত স্থাপন হ’ব কৃত্ৰিম বুদ্ধিমত্তাৰ ডাটা লেব
- ফৰ্টিফাইড চাউলৰ সজাগতামূলক সংবাদ মাধ্যমৰ কৰ্মশালা
- অসম সাংস্কৃতিক ন্যাসৰ পাঁচদিনীয়া গ্ৰীষ্মকালীন কৰ্মশালাৰ সামৰণি
- চিন্তাবিদ – সমালোচক ডঃ হীৰেন গোঁহাইসহ চাৰিগৰাকী সাহিত্যিক- শিল্পীলৈ সাহিত্য সাধনা মঞ্চ অসমৰ সন্মান
- চিত্ৰশিল্পী-কবি ৱাহিদা আহমেদৰ কাব্যগ্ৰন্থ এশ বিয়োগ এক উন্মোচন
- জ্ঞানমালিনী সাহিত্য সভাৰ আজীৱন সভ্য ভৰ্ত্তি অভিযান
- এয়াৰটেলৰ গ্ৰাহকৰ বাবে বিশেষ সুবিধা
- সাংসদ গৌৰৱ গগৈৰ দাবীৰ প্ৰতি সঁহাৰি ৰেলৱে বোৰ্ডৰ -ডুমডুমা ৰেলৱে ষ্টেচন পুনৰ মুকলি কৰি যাত্ৰী সংৰক্ষণ ব্যৱস্থা(passenger reservation system) স্থাপনৰ দাবীক মান্যতা