সুখবৰ ! অসম সন্তান, দেশৰ গৌৰৱ উদ্ভাৱক উদ্ধৱ ভৰালীয়ে অভিলেখ সংখ্যক জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হৈছে। আজিৰ তাৰিখত উদ্ধৱ ভৰালী কোন আৰু কামৰ বিষয়ে নজানা মানুহ বিশ্বত খুব কম সংখ্যকেহে আছে। ইতিমধ্যে ৰাষ্ট্ৰীয় আন্তৰাষ্ট্ৰীয় পৰ্য্যায়ত তেওঁ বিশেষভাবে সমাদৃত। ন ন উদ্ভাৱনেৰে বিশ্বত চমক খোৱাবলৈ সক্ষম হোৱা ভৰালীৰ শেহতীয়াকৈ National Film Division India ই প্ৰথমখন তথ্যচিত্ৰ ৰ্নিমাণ কৰিছে। ইতিমধ্যে এই তথ্যচিত্ৰখন মুক্তিৰ বাবে কেন্দ্ৰীয় চেঞ্চৰ বৰ্ডে অনুমোদন জনাইছে। স্মতৰ্ব্য যে ১৯৮৮ চনৰ পৰা তেখেতে ১৩৫ বিধ যন্ত্ৰ উদ্ভাৱন কৰি উলিয়াবলৈ সক্ষম হৈছে । NE Focus ৰ সৈতে হোৱা এক কথোপকথনত ভৰালীয়ে এনে দৰে কয় – বৰ্ত্তমান ৰাষ্ট্ৰীয়, আন্তৰাষ্ট্ৰীয় ক্ষেত্ৰৰ পৰা খুৱেই ভাল ধৰণে সহাঁৰি পাই আহিছো। আন্তৰাষ্ট্ৰীয় হিষ্ট্ৰী চেনেলে অ’এম. জিৰ জৰিয়তে আদৰি লৈছে। ইতিপূৰ্বে ডিছক’ভাৰী চেনেলেও ইউ, কে বি এগ্ৰটেক আৰু মেচিন গবেষণাৰ কেন্দ্ৰত উপস্থিত হৈ উদ্ভাৱনী বিষয়ে সম্প্ৰচাৰ কৰি আহিছে। স্মতৰ্ব্য যে উদ্ভাৱকজনৰ পৰা লাভ কৰা তথ্য অনুসৰি চেভিং গ্ৰেচ তথা আৰ্শীবাদ নামৰ তথ্যচিত্ৰখন নিৰ্মাণ কৰি মুক্তিৰ বাবে সাজু কৰিছে। উল্লেখযোগ্য যে এই তথ্যচিত্ৰ খনত ভৰালীৰ বিভিন্ন উদ্ভাৱনী যন্ত্ৰৰ বিষয়ে সন্নিবিষ্ট আছে। স্বদেশ প্ৰেমী এইজন সুসন্তানক এইক্ষণত nefocus য়ে জনাইছে বহু শুভকামনা।
Trending
- এয়াৰটেলৰ ২০২৬ বৰ্ষৰ গ্ৰাহক দিৱস পালন
- NSE concludes the process for selection of intermediaries for proposed IPO
- ছাটাৰগাঁৱত মানুহ আৰু জীৱ–জন্তুৰ সহাৱস্থান শীৰ্ষক আলোচনা চক্ৰ
- বঢ়মপুৰ আৰু নগাঁৱত বহুকেইটা প্ৰকল্পৰ উদ্বোধন
- Ayushi Jain assumes charge as 34th District Commissioner of Darrang
- আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ উদ্যোগত বক্তৃতানুষ্ঠান আৰু বিজ্ঞান সজাগতামূলক কাৰ্যসূচী
- NSE Celebrates 30 Years of Nifty 50: India’s Flagship Index
- খাদী আৰু গ্ৰামোদ্যোগ আয়োগত আন্তৰাষ্ট্ৰীয় নাৰী দিৱস উদযাপন
- ৩১মাৰ্চৰ পূৰ্বে যানবাহনৰ যাৱতীয় কৰ পৰিশোধ কৰি নথিপত্ৰ সঠিক কৰক-পৰিবহণৰ বিশেষ কতৰ্ব্যৰত বিষয়া গৌতম দাসৰ কাতৰ অনুৰোধ
- Organic Festival cum Exhibition by NECTAR under PM-DevINE Scheme

