৪ উদ্যমীয়ে এৰীৰ বিপ্লৱ আনিছে

0 257
IMG-20180221-WA0011
ঐক্য এটা বেণ্ডৰ নামেই নে আন কিবা! আচলতে ঐক্যই কেৱল এটা বেণ্ডক প্ৰতিনিধিত্ব নকৰে,ই প্ৰতিনিধিত্ব কৰে সমাজৰ সকলো শ্ৰেণী লোকৰ সমতা আৰু একতাক। এনে সমতা আৰু একতাৰ ভিত্তিত কলিয়াবৰৰ ঔগুড়িত চাৰিজন উদ্যমী যুৱকৰ প্ৰচেষ্টাত এৰী শিল্প ন ৰূপত প্ৰাণ পাই উঠিছে। এক কথাত ঔগুড়িত এৰী শিল্পই এক জাগৰণ আনিছে বুলি ক’লে  ভুল কোৱা নহ’ব।
IMG-20180221-WA0005
নৰেন্দ্ৰ বৰা, চানাথই সিনহা, শশাংক হাজৰিকা আৰু নয়নমণি ভৰালীয়ে ঐক্য নামৰ প্ৰতিষ্ঠানটোৰ যোগেদি এৰী সূতাৰে নিৰ্মিত ঘৰ সজোৱা সামগ্ৰী, বিচনা চাদৰ, শাৰী, পৰ্দা কাপোৰ তৈয়াৰ কৰাৰ বিভিন্ন প্ৰশিক্ষণ প্ৰদান কৰি এনে এখন মঞ্চ তৈয়াৰ কৰিছে, যাৰ জৰিয়তে  অজস্ৰজনে জীৱিকাৰ ছন্দ বিচাৰি পাইছে।
IMG-20180221-WA0004
এই সম্পৰ্কে নৰেন্দ্ৰ বৰাই আমাক এনেদৰে কয় ঐক্য এনে এখন প্ৰতিষ্ঠান, যিখন প্ৰতিষ্ঠানৰ দ্বাৰা গাঁও বাসীয়ে প্ৰস্তুত কৰা বিভিন্ন থলুৱা সা – সামগ্ৰী বিক্ৰী হয়। ইতিমধ্যে পেৰিছ, কোৰিয়া, জাপান আদি দেশৰ গ্ৰাহকে ঐক্য নামৰ প্ৰতিষ্ঠানটোৰ পৰা সামগ্ৰী ক্ৰয় কৰিছে। ফেচবুক আৰু ইনষ্টাগ্ৰামৰ যোগেদি বৰ্হিৰাজ্যৰ গ্ৰাহক সকলৰ লগত সম্পৰ্কিত হয়। ঐক্যত উপলদ্ধ নুন্যতম সামগ্ৰীৰ মূল্য ৩০০০ টকা। গ্ৰাহকৰ পৰা আশাপ্ৰদ সহাঁৰি লাভ কৰিছো। ঐক্যৰ ঐক্যবদ্ধ প্ৰচেষ্টাৰ সম্পৰ্কত বৰাই লগতে কয় যে আমি গাঁও অঞ্চলৰ এনে কিছুমান মানুহক নিৰ্বাচন কৰো, যিজনৰ অলপ হ’লেও উৎপাদিত  সামগ্ৰী বিধৰ প্ৰতি জ্ঞান থাকে আৰু তেওঁৰ জৰিয়তে বাকী সকলৰ লগত সম্পৰ্কিত হও। ইতিমধ্য প্ৰায় ১০০ জন ব্যক্তিয়ে ঐক্যৰ লগত ওত:প্ৰোতভাৱে জৰিত হৈ কাম কৰি আছে। উল্লেখযোগ্য যে ঐক্যই বিশেষকৈ প্ৰদৰ্শনীত অংশগ্ৰহণ কৰে। এৰী সূতাৰে বিপ্লৱ ৰচিবলৈ সক্ষম হোৱা শিক্ষিত উদ্যমী কেইগৰাকীক এই আপাহতে বহু শুভকামনা জনালো।
Leave A Reply

Your email address will not be published.