অসম পৰ্যটনৰ এক আভাস

1 1,196

অসম যাৰ অৰ্থ হৈছে অসমান। সচা কৈয়ে প্ৰাকৃতিক সৌন্দৰ্য্য ভৰপূৰ অসমৰ প্ৰাকৃতিক পৰিবেশ অতি বিনন্দীয়া। পাহাৰ-ভৈয়াম, নদ-নদী, বাৰেৰহনীয়া সংস্কৃতি আৰু প্ৰকৃতিৰ সেউজীয়া আঁচলৰে আৱৰি থকা এজনী ভৰ যৌৱনা গাভৰু । মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ, জ্যোতি প্ৰসাদ আগৰৱালা, বিষ্ঞুপ্ৰসাদ ৰাভা আদি মহান মহান ব্যক্তি সকলৰ পৰশত অসম কেতিয়াবা মাতৃৰ ৰূপত, কেতিয়াবা গাভৰু ৰূপত, আকৌ কেতিয়াবা সাত বাই-ভনীৰ ৰূপত প্ৰকাশিত হৈ আহিছে।
 
IMG-20160821-WA0009
অসমৰ অপুৰুগীয়া সম্পদ এশিঙীয়া গড়, সোনালী বান্দৰ, চিতা বাঘ, কপৌ ফুল, মুগা, পলু, চাহ পৃথিৱী বিখ্যাত । পৰ্যটন বিভাগৰ প্ৰচুৰ সম্ভাৱানীয়তা থকা এইখন অসমতে বিভিন্ন ধৰ্মৰ অৱস্থিতি পোৱা যায়। বিখ্যাত কামাখ্যা ধামৰ পৰা আজান পীৰ দৰগাহলৈ, উষা-অনিৰুদ্ধৰ প্ৰেমৰ গাথাৰ পৰা আহোমৰ ৰমণী জয়মতীৰ দেশত্যাগলৈ , বৃহত্তৰ নদী দ্বীপ মাজুলীৰ পৰা ক্ষুদ্ৰতম দ্বীপ উমানন্দলৈ ,অসমত বহুতো সম্পদৰ অৱস্থিতি বিদ্যমান।
IMG-20160821-WA0008
সংস্কৃতি আৰু প্ৰকৃতিৰ ফালৰ পৰা ইমান চহকী হৈও অসম আজি পিচপৰা । পৰ্যটনৰ প্ৰচুৰ সম্ভাৱনীয়তা থকাৰ পাচতো চৰকাৰ আৰু জনসাধাৰণ অৱহেলাৰ ফলত এই সম্পদ সমূহ অৱক্ষয় হৈ আহিছে । ইয়াৰ উপৰিও এই ঠাই সমূহৰ বিষয়ে কোনো তথ্য প্ৰকাশ সঠিক ভাবে নোহোৱাৰ বাবে প্ৰায় সংখ্যক পৰ্যটন কাৰী আজিওএই ঠাই সমূহৰ বিষয়ে বিদিত নহয়। গতিকে চৰকাৰ প্ৰশাসন তথা জনসাধাণে যদি উন্নয়ন সাধন কৰিব পাৰে তেনেহ’লে অসমখন পৰ্যটকৰ বাবে সুন্দৰ পৰ্যটনস্থলী হৈ পৰিব । ফলত পৰ্যটন বিভাগটোৰ সমৃদ্ধিৰ লগতে চৰকাৰৰো উন্নত মানৰ আয় সংগ্ৰহৰ উৎস হৈ পৰিব।
 
 

লেখক- বন্দনা গগৈ

Assam Institute of Management

1 Comment
  1. pranav saikia says

    Nyc

Leave A Reply

Your email address will not be published.