নিৰৱতাৰ কোলাত সৌন্দৰ্যময়ী চানডুবি

0 327

পাঠকসকল, এয়া হৈছে শীতৰ সময়। শীতকাল আগমন হোৱাৰ লগতে এয়া হৈছে নতুন বৰ্ষক আদৰণি জনোৱাৰ সময়। এই সময়তে বনভোজ যোৱাৰ উত্তম সময়। গতিকে আজি মই আপোনালোকক জনাব বিচাৰিছো, এনে এখন ঠাইৰ বিষয়ে যিখন ঠাইলৈ আপোনালোকে বন্ধু আৰু পৰিয়ালবৰ্গৰ লগত অলপ সময় কটাব পাৰিব।

1

ঠাইখনৰ নাম হৈছে “চানডুবি”, কামৰূপ জিলাত অৱস্থিত। এই ঠাইখন গাৰো পাহাৰৰ সুউচ্চ পাহাৰ ৰাশিয়ে আগুৰা। “চানডুবি” শব্দটো খাচী ভাষাৰ পৰা অহা। ইয়াত “চান” মানে হৈছে পাঁচ আৰু “ডুবি” মানে হৈছে ডুব যোৱা। ঠাইখনৰ উৎপত্তিৰ সম্পৰ্কে জনামতে ১৮৯৭ চনত হোৱা ভূমিকম্পৰ ফলত পাঁচখন পাহাৰ ডুব গৈ এই হ্ৰদৰো সৃষ্টি হৈছিল। ঠাইখন বিনন্দীয়া প্ৰাকৃতিক পৰিৱেশে আগুৰা। এই ঠাইখন ঘন সেউজীয়া অৰণ্য আৰু হ্ৰদৰ নীলা জলৰাশিৰে ভৰপূৰ। ইয়াৰ উপৰিও পৰ্যটকৰ বাবে আন এক আকৰ্ষণীয় দৃশ্য হৈছে চানডুবিৰ আবেলিৰ সূৰ্যাস্তৰ মনোমোহা সময়।

4

চানডুবি লৈ গ’লে পৰ্যটকসকলৰ বাবে বিভিন্ন ধৰণৰ সুবিধা দেখা পোৱা যায়। পৰ্যটকৰ বাবে ইয়াত নৌকাবিহাৰৰ সুবিধা আছে। পৰ্যটনৰ বাবে আটাইতকৈ ভাল সময় নৱেম্বৰৰ পৰা মে’ মাহলৈ। কিয়নো শীত কালত এই ঠাইলৈ বিভিন্ন পৰিভ্ৰমী চৰাইৰ আগমন হয়| ইয়াৰ উপৰিও এই ঠাইৰ আন এক আকৰ্ষণৰ আন এক কেন্দ্ৰবিন্দু হৈছে প্ৰত্যেক বছৰে জানুৱাৰী মাহৰ প্ৰথম সপ্তাহত ইয়াত “চানডুবি উৎসৱ উদযাপন কৰা হয়।

3

গুৱাহাটীৰ পৰা মাথো ৬৫ কিমি হোৱা হেতুকে যাতায়তৰ ক্ষেত্ৰত অসুবিধা দেখা নাযায়। পৰ্যটকৰ সুবিধাৰ্থে ইয়াত বিভিন্ন ল’জ, হোটেল আৰু ৰাভা শিক্ষাৰ্থী সকলৰ দ্বাৰা স্থাপন কৰা কেম্পৰো সুবিধা আছে। গতিকে নতুন বৰ্ষটিক আদৰি বনভোজৰ আমেজ ল’বৰ বাবে পাঠকসকলে চানডুবিলৈ যাব পাৰে।

5

লেখক- বন্দনা গগৈ

Leave A Reply

Your email address will not be published.