১০গুণ উন্নতৰে আৰু ১০,০০০তকৈ অধিক অফাৰৰ সৈতে ফেষ্টিভ ট্ৰিটছৰ তৃতীয় সংস্কৰণ এইচডিএফচি বেংকৰ

0 340

২০২০ৰ তুলনাত এইচডিএফচি বেংকে উৎসৱৰ এই সময়চোৱাত ১০ গুণ অফাৰ বৃদ্ধিৰে ভাৰতীয় হৃদয় পোহৰাবলৈ আৰু ১০,০০০তকৈও অধিক অফাৰৰ সৈতে ফেষ্টিভ ট্ৰিটছৰ ৩.০ অভিযান আৰম্ভ কৰিছে। বেংকৰ এই বছৰৰ ফেষ্টিভ ট্ৰেটছত থাকিব কাৰ্ড, লোন আৰু সহজ ইএমআইৰ বাবে ১০,০০০ তকৈ অধিক অফাৰ। গ্ৰাহকসকলক বিশেষ লেনদেনৰ সুযোগ প্ৰদানৰ বাবে বেংকে ১০০তাতকৈ অধিক স্থানৰ ১০,০০০তকৈও অধিক ব্যৱসায়ীৰ সৈতে অংশীদাৰীত্ব কৰিছে। যাৰ জৰিয়তে গ্ৰাহকসকলে পাৰ্চনেল আৰু বিজেনেছৰ প্ৰয়োজনীয়তা পূৰণ কৰিব পাৰিব। কিছু মুখ্য ৰাষ্ট্ৰীয় অংশীদাৰৰ ভিতৰত আছে এপল, আমাজন, শ্বপাৰ ষ্টপ, এলজি, চেমচাং, চনি, টাইটান, চেণ্ট্ৰেল, এজিঅ’ ৰিলায়েন্স ডিজিটেল, ৰিলায়েন্স ট্রেণ্ডছ, লাইফষ্টাইল আদি।তাৰ লগতে আগশাৰীৰ মুখ্য আঞ্চলিক ব্ৰেণ্ডবোৰৰ ভিতৰত আছে বিজয় চেল, পথিৰ(Pothy’s), ডিজিৱান, চেন্নাই চিল্কচ, জিআৰটি জুৱেলাৰ্চ, ফোনৱালে, সৰ্গম ইলেক্ট্ৰনিকছ, পূৰ্বিকা ম’বাইল আৰু ইলেক্ট্ৰনিক পেৰাডাইজ।
এই বছৰৰ ফেষ্টিভ ট্ৰিটছৰ থিম হৈছে ‘কৰো হাৰ ডিল ৰোচন’। বেংকে ব্ৰান্স, এটিএম, ষ্ট’ৰ/ৱেবছাইট আৰু ডিজিটেল মিডিয়া প্ৰচাৰৰ জৰিয়তে ভাৰতৰ প্ৰতিজন লোকৰ কাষ চপাৰ চেষ্টা চলাই আছে।
ফেষ্টিভ ট্ৰিটছ ৩.০ অফাৰত উচ্চ-স্তৰৰ স্মাৰ্টফোনৰ গৰাকী হ’বলৈ বিচৰা ৰিটেইল গ্ৰাহকৰ পৰা ৱৰ্কিং কেপিটেল লোন লবলৈ বিচৰা উদ্যোগীলৈ বা নতুন ট্ৰেক্টৰ ক্ৰয় কৰিব বিচৰা কৃষকলৈ সকলোৰে বাবে বিশেষ সুবিধা আছে। ইয়াত কিছু অফাৰত দৃষ্টান্তমূলক লাভালাভ দিয়া হৈছে। যেনে-
ক) ইএমআই বিহীন প্ৰিমিয়াম ম’বাইল ফোন আৰু কেছবেক। আইফোন ১৩-ত ৬,০০০ টকাৰ কেছবেক, খ) ২২.৫% লৈকে ইলেক্ট্ৰনিক্স আৰু উপভোক্তা সামগ্ৰী যেনে ৱাছিং মেচিন আৰু ৰেফ্ৰিজেৰেটৰৰ ওপৰত ইএমআই বিহীন
কেছবেক, গ) পাৰ্চনেল লোন ১০.২৫% ৰ পৰা আৰম্ভ আৰু একাউণ্টত তাৎক্ষণিক বিতৰণ, ঘ) শূন্য ফৰক্লোজাৰ মাচুলৰ সৈতে ৭.৫০% হাৰত কাৰ লোন আৰম্ভ, ঙ)দুচকীয়া বাহনৰ লোনত ১০০% লৈকে পুঁজি যোগান আৰু সূতৰ হাৰ ৪%তকৈ কম, চ) বাণিজ্যিক বাহনৰ লোনৰ ওপৰত ৫০% প্ৰছেছিং ফিচ ৰেহাই।
এই সন্দৰ্ভত এইচডিএফচি বেংকৰ ৰিটেল এছেটছ (Retail Assets)ৰ গ্রুপ হেড অৰবিন্দ কপিলে কয়-” ভাৰতত আনলক হোৱাৰ লগে লগে, আমি মানুহৰ জীৱনত অলপ আনন্দ বিয়পাবলৈ আৰু সামগ্ৰিকভাৱে সহায় কৰিবলৈ চেষ্টা কৰি আছোঁ।তাৰ লগতে ইয়াৰ দ্বাৰা ৰাষ্ট্ৰীয় আৰ্থিক কল্যাণ সাধিব বিচাৰিছোঁ আৰু আমাৰ গ্ৰাহকসকলৰ সন্মুখনত তেওঁলোকৰ প্ৰয়োজনৰ সময়ত থিয় দিবলৈ চেষ্টা কৰিছোঁ।”
একেদৰে এই সন্দৰ্ভত এইচডিএফচি বেংকৰ পেমেণ্ট, কনজিউমাৰ ফাইনেন্স, ডিজিটেল বেংকিং আৰু আইটিৰ গ্রুপ হেড পৰাগ ৰাওৱে কয়-” ক্ৰেডিট কাৰ্ডত আমাৰ অফাৰৰ পৰিসৰ আগবঢ়াবলৈ পাই উৎসাহিত হৈছো, কিয়নো ভাৰতত ক্ৰেডিট, ডেবিট আৰু প্ৰিপেইডত ব্যয়ৰ প্ৰায় এক-তৃতীয়াংশ ব্যয় কাৰ্ডৰ জৰিয়তে এইচডিএফচি বেংকত হয়।”

Leave A Reply

Your email address will not be published.