ৱাল্ড অফ টাইটানে মুকলি কৰিলে উত্তৰ-পূবৰ সৰ্ববৃহৎ বিপনী

0 233

IMG-20171214-WA0021

দেশৰ সৰ্ববৃহৎ ঘড়ী নিৰ্মাণকাৰী আৰু খুচুৰা বিপনী টাইটান ৱাটছে আজি গুৱাহাটীৰ চানমাৰিত সৰ্ব বৃহৎ শ্ব’ৰুম মুকলি কৰে “ৱাল্ড অফ টাইটান’ৰ আঞ্চলিক বাণিজ্যিক প্ৰবন্ধক বিপুল দাস গুপ্তাই। আজি বিপনীখন মুকলি কৰাৰ পিছতেই “ৱাল্ড অফ টাইটান” শ্ব’ৰুমৰ স্বত্বাধিকাৰী ঋষভ কাশলিয়ালে কয় যে, টাইটান ঘড়ীয়ে ইতিমধ্যে সমগ্ৰ দেশতে বছৰ বছৰ ধৰি মানদণ্ড আৰু বিশ্বাস যোগ্যতাৰ প্ৰতীক হিচাপে বিবেচিত হৈ আহিছে।

IMG-20171214-WA0024

জনপ্ৰিয় মডেলৰ পৰা আৰম্ভ কৰি শেহতীয়া সকলো মডেলেই উপলব্ধ হ’ব এই বিপনীত। উল্লেখ্য যে এই বিপনীৰ মুখ্য আকৰ্ষণ হৈছে বিভিন্ন ‘লাইফ ষ্টাইল’ৰ বিভিন্ন ধৰণৰ ঘড়ী যেনে জাইলিছ, টমী হিলফিগাৰ, কেনিথ কোলে, পুলিচ, অক্টেন আৰু ৰাগা বেণ্ডৰ ঘড়ী ইত্যাদি উপলব্ধ হ’ব। এই সমূহৰ উপৰিও বিভিন্ন ৰেহাই মূল্যত উৎসৱৰ বতৰত উপলব্ধ হ’ব।

Leave A Reply

Your email address will not be published.