ভাৰতীয় সংবিধান প্ৰণেতা বি আৰ আম্বেদকাৰৰ আজি ৬২ সংখ্যক মৃত্যু তিথি।সমগ্ৰ দেশতে তেখেতৰ মৃত্যু তিথিটো পালন কৰাৰ বাতৰি আহিছে।১৮৯১ চনৰ ১৪ এপ্ৰিলত জন্ম গ্ৰহণ কৰা আম্বেদকাৰে দলিত, দুখীয়া শ্ৰেণীৰ বাবে মাত মাতিছিল।ৰক্ষণশীল সমাজ ব্যৱস্থাত থকা বৰ্ণ বৈষম্য, জাতিৰ অধিকাৰৰ হকে মাত মাতিছিল।সেয়ে সকলোৱে তেখেতক শ্ৰদ্ধা কৰিছিল ।জাতিগত প্ৰথা, গোডা মনোভাৱৰ পৰিপ্ৰেক্ষিতত আম্বেদকাৰ নিজেই বহু সময়ত বৈষম্যমূলক আচৰণৰ সন্মুখীন হৈছিল ।তেখেতৰ নীতি আদৰ্শক শ্ৰদ্ধা জনাই প্ৰতিবছৰে আম্বেদকাৰ জয়ন্তী উদযাপন কৰে।ঠাই বিশেষে বিভিন্ন বক্তৃতা অনুষ্ঠান, কুইজ, স্মৃতিচাৰণ সভা অনুষ্ঠিত হয়।এই জনা মহান ব্যক্তিৰ মৃত্যু তিথিত এন ই ফ’কাচ ডট কমৰ ফালৰ পৰা সহস্ৰ শ্ৰদ্ধা নিবেদন কৰিছো।
Trending
- কামৰূপ (ম)ৰ প’লিং বিষয়া আৰু ই ভি এমৰ দ্বিতীয় পৰ্যায়ৰ ৰেণ্ডমাইজেশ্বন সম্পন্ন
- জৱাহৰ নবোদয় বিদ্যালয়ত কুইজিন-দ্য ব্ৰেইন বুফে
- ঘিলামৰাত ৬৫ সংখ্যক কেন্দ্ৰীয় ৰঙালী বিহু শুভাৰম্ভ
- পৰ্যবেক্ষক, প্ৰাৰ্থী-প্ৰতিনিধিৰ সৈতে কামৰূপ মহানগৰ জিলা নিৰ্বাচন বিষয়াৰ গুৰুত্বপূৰ্ণ সভা
- মিচিং জাতীয় সংগঠনৰ বিশ্ব ধৰিত্ৰী দিৱস পালন
- বৰুৱাৰ সংসাৰ প্ৰদৰ্শিত হ’ব ভাৰতীয় চলচ্চিত্ৰ মহোৎসৱত
- এয়াৰটেলৰ ৰোমিং পেক উন্মোচন
- কাছাৰত অ গ পৰ সভাপতি নির্বাচনী প্ৰচাৰ
- ধৰিত্ৰী দিৱস আৰু প্ৰকৃতিপ্ৰেমী মঞ্চৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে হাতীৰ খাদ্য উদ্ভিদ ৰোপন কাৰ্যসূচী
- পলাশবাৰীত সাহিত্য সংস্কৃতি বিকাশ গোষ্ঠী “কামৰূপৰ সাধাৰণ সভা