সমগ্ৰ দেশত আৰ্থ সামাজিক জীৱনত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি অহা দক্ষিণ পশ্চিম মৌচুমী বায়ুয়ে চিৰাচৰিত ধৰণে এইবেলি দুৰ্গা পূজাৰ মাজতে অসম সহ উত্তৰ পূৱৰ ৰাজ্য কেইখনৰ পৰা বিদায় ল`লে । অৱশ্যে এইবেলি মৌচুমী বায়ুৰ পৰা ভবা ধৰণে অসম তথা উত্তৰ পূৱৰ ৰাজ্য কেইখনৰ কৃষক ৰাইজে বিশেষ উপকৃত নহল । বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি এইবেলি পহিলা জুনত উত্তৰ পূবত প্ৰৱেশ কৰা মৌচুমী বায়ুয়ে প্ৰায় চাৰিমাহ বাৰদিন পাছত অৰ্থাৎ ১২ অক্টোবৰত দুৰ্গা পূজাৰ মহাসপ্তমীৰ দিনা উত্তৰ পূৱৰ পৰা নীৰৱে বিদায় লয় । এই সময়চোৱাত উত্তৰ পূৱৰ আটাইকেইখন ৰাজ্যতে উদ্বেগজনকভাবে কমি গল বৰষুণৰ পৰিমাণ । অৱশ্যে স্বাভাৱিকতকৈ ১৯ শতাংশ বৰষুণ কম বা বেছি হলে বতৰ বিজ্ঞানৰ ভাষাত তাক স্বাভাৱিক বুলিয়ে ধৰা হয় । সেই হিচাপত উত্তৰ পূবত একমাত্ৰ ত্ৰিপুৰাত ১৫ শতাংশ ঘাঁটি হৈছে যদিও বতৰ বিজ্ঞানৰ ভাষাত সেয়া স্বাভাৱিক বুলিয়ে পৰিগণিত হৈছে । কিন্ত তাৰ বিপৰীতে বাকী ৰাজ্য কেইখনৰ ভিতৰত মণিপুৰত সৰ্বাধিক ৬০ শতাংশ , অৰুণাচল প্ৰদেশত ২৮ শতাংশ , নাগালেণ্ডত ২৬ শতাংশ , অসম আৰু মিজোৰামত ২২ শতাংশ , মেঘালয়ত ২১ শতাংশ বৰষুণ ঘাঁটি হৈছে । পৰিসংখ্যা হিচাপত এই সময়ছোৱাত অসমত বৰষুণ হব লাগিছিল ১৪৮৬.২ মিলিমিটাৰ , কিন্ত হৈছে ১১৫১.৯ মিলিমিটাৰ । ত্ৰিপুৰাত হব লাগিছিল ১৪৫৭ মিলিমিটাৰ , কিন্তু হৈছে ১২৪৫ মিলিমিটাৰ । মণিপুৰত হব লাগিছিল ১৪০৪.৯ মিলিমিটাৰ । ইফালে বতৰ বিজ্ঞান কেন্দ্ৰই বঙ্গোপ উপসাগৰত ঘটা কেতবোৰ প্ৰাকৃতিক পৰিঘটনাৰ বাবে সৃষ্টি হোৱা নিম্নচাপ আৰু সেই নিম্নচাপৰ প্ৰভাৱত ১৮ অক্টোবৰৰ পাছত অসমকে ধৰি উত্তৰ পূৱৰ ৰাজ্য কেইখনৰ আকাশ দুদিন – তিনিদিনলৈ ডাৱৰীয়া হৈ থকাৰ লগতে ঠাই বিশেষে পাতলীয়াৰ পৰা মজলীয়া পৰিমাণৰ বৰষুণ হব বুলি সদৰি কৰিছে । সমান্তৰালকৈ বতাহ বলি থাকিব বাবে তাপমাত্ৰা বহুখিনী কমি যাব আৰু ৰাইজে লাহে লাহে গেলা গৰমৰ পৰা ৰক্ষা পাব বুলি সদৰি কৰিছে।
Trending
- First-Level Randomisation of EVMs and VVPATs Conducted in Barpeta Ahead of Polls
- ১৮ মাৰ্চত প্ৰকাশ পাব বিজেপিৰ সম্পূৰ্ণ প্ৰাৰ্থী তালিকা
- East Jaintia Hills declares 116 villages Child Marriage Free Zones after 100-day campaign
- অসম সন্তান, কাশী হিন্দু বিশ্ববিদ্যালয়ত অধ্যাপক প্ৰদীপ কুমাৰ গোস্বামীক সন্মান প্ৰদান
- এয়াৰটেলৰ ২০২৬ বৰ্ষৰ গ্ৰাহক দিৱস পালন
- NSE concludes the process for selection of intermediaries for proposed IPO
- ছাটাৰগাঁৱত মানুহ আৰু জীৱ–জন্তুৰ সহাৱস্থান শীৰ্ষক আলোচনা চক্ৰ
- বঢ়মপুৰ আৰু নগাঁৱত বহুকেইটা প্ৰকল্পৰ উদ্বোধন
- Ayushi Jain assumes charge as 34th District Commissioner of Darrang
- আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ উদ্যোগত বক্তৃতানুষ্ঠান আৰু বিজ্ঞান সজাগতামূলক কাৰ্যসূচী