নপ্ৰজন্মৰ ইতিবাচক পদক্ষেপ

0 220

ডিব্ৰুগড় জিলাৰ টিংখাং সমষ্টিৰ কেন্দুগুৰিৰ কেইজনমান যুৱকে সমাজখনক আগবঢ়াই নিয়াৰ স্বাৰ্থত অহৰহ প্ৰচেষ্টা অব্যাহত ৰাখিছে। সমাজ উপকৃত হোৱা বিভিন্ন কাৰ্য্যসূচী গ্ৰহণ কৰি আহিছে এই যুৱকসকলে। বিনোদ কুৰ্মী, পপলিন ছেত্ৰী, সঞ্জীৱ ছেত্ৰী, অৱনী গগৈকে প্ৰমুখ্যে কৰি অঞ্চলটোৰ যুৱক- যুৱতী, ৰাইজে চলাই নিছে সংগ্ৰাম। এই সংগ্ৰামৰ অংশৰূপে যুৱকসকলে “বৈৰাগী বয়জ প্ৰডাকচন” ৰ বেনাৰত ৰাজ্যৰ সাম্প্ৰতিক পৰিস্থিতিৰ ওপৰত গুৰুত্ব আৰোপ কৰি “যুগে যুগে জাগৰণ/ জাতি মাটিৰ মহাৰণ” শীৰ্ষক গীতৰ দৃশ্য শ্ৰাব্য সংকলন আৰু MISUSE শীৰ্ষক এখন চুটি ছবি নিৰ্মাণ কৰি উলিয়াইছে।

কেন্দুগুৰি উচ্চ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক ঘন ফুকনৰ সঞ্চালনাত কালি কেন্দুগুৰি হাইস্কুলত অনুষ্ঠিত হোৱা অনুষ্ঠানত সংকলন দুটাৰ মুক্তি দিয়া হয়। আপকুৰ ৰাজ্যিক সভাপতি মনোজ সিং, অসম সাহিত্য সভাৰ প্ৰমোদ দত্ত আৰু অৱসৰপ্ৰাপ্ত শিক্ষক বেদ ফুকনে সংকলন কেইটাৰ শুভমুক্তি দিয়ে।

অসমীয়া যুৱমঞ্চৰ ডিব্ৰুগড় জিলাৰ সভাপতি নৱজ্যোতি দাস, এ আৰ প্ৰডাকচনৰ স্বত্বাধিকাৰী জনী ডিপচি, কেন্দুগুৰি শাখা সাহিত্য সভাৰ সভাপতি, টিংখাং সমষ্টি সাংবাদিক সন্থাৰ উপসভাপতি হেমন্ত গগৈ, সম্পাদক কৃষ্ঞ গগৈ, সাংস্কৃতিক কৰ্মী সুনীল বৰুৱা, মদন নেওগ, খগেন ছেত্ৰী আদি অতিথি হিচাপে উপস্থিত থকা অনুষ্ঠানত শতাধিক নাগৰিক উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.